ETV Bharat / briefs

এছ‌ আই কেলেংকাৰী আৰু বিটিআৰ সন্দৰ্ভত গকুল বৰ্মনৰ ক্ষোভ প্ৰকাশ

author img

By

Published : Oct 2, 2020, 9:13 PM IST

বিটিআৰ সন্দৰ্ভত গকুল বৰ্মনে কয় যে, বিটিএডি ত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লোকৰ অধিকাৰ সুৰক্ষিত হৈ থাকিব নে নাই সেয়া স্পষ্টকৈ ৰাজহুৱা হ’ব লাগিব । বিশেষকৈ ভূমি অধিকাৰৰ কাৰণে ভূমিপুত্ৰ কোচ ৰাজবংশী সকল শংকিত হৈ আছে ।

Gakul Barman reaction on SI corruption and BTR
এছ‌ আই কেলেংকাৰী আৰু বিটিআৰ সন্দৰ্ভত কি ক'লে গকুল বৰ্মনে?

পূৱ বিলাসীপাৰা, ০২ অক্টোবৰ: সমগ্ৰ ৰাজ্য কঁপোৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষা কেলেংকাৰী সম্পৰ্কত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই । পূৱ বিলাসীপাৰাৰ চাপৰত আক্ৰাছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক-গকুল বৰ্মনে অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষা কেলেংকাৰী সংক্ৰান্তত সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে, অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষা কেলেংকাৰীৰ লগত আৰক্ষী বিভাগৰ একাংশ শীৰ্ষ বিষয়া জড়িত থকা ঘটনা অতিকৈ দুৰ্ভাগ্যজনক ।

যিসকল ব্যক্তি এই কেলেংকাৰীৰ লগত জড়িত আছে এওঁলোক এতিয়ালৈকে কৰায়ত্ব হোৱা নাই । ইয়াৰ লগত জড়িত সকলো ব্যক্তিকে কৰায়ত্ব কৰি দৃষ্টান্ত মূলক শাস্তি প্ৰদান কৰিব লাগে । যিসময়ত নিবনুৱা সমস্যাই সমগ্র ৰাজ্য খনকে গ্ৰাস কৰিছে সেই সময়ত অসম চৰকাৰে নিবনুৱা সমস্যা দুৰ কৰাৰ বাবে এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছিল । কিন্তু বিভাগটোৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াই উপ-পৰিদৰ্শকৰ পৰীক্ষাত যি কেলেংকাৰী সংঘটিত কৰিলে তাৰ তদন্ত কৰি অতি শীঘ্ৰে দোষীক কৰায়ত্ত্ব কৰি শাস্তি প্ৰদান কৰিব লাগে । লগতে এছ আই পৰীক্ষা পুনৰ অনুষ্ঠিত কৰিব লাগে ।" দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীল নীতি অৱলম্বন কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এই দাবী জনাইছে আক্ৰাছুৰ সম্পাদক গৰাকীয়ে ।

ইপিনে, বিটিআৰ সন্দৰ্ভত গকুল বৰ্মনে কয় যে, বিটিএডি ত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লোকৰ অধিকাৰ সুৰক্ষিত হৈ থাকিব নে নাই সেয়া স্পষ্টকৈ ৰাজহুৱা হব লাগিব । বিশেষকৈ ভূমি অধিকাৰৰ কাৰণে ভূমিপুত্ৰ কোচ ৰাজবংশী সকল শংকিত হৈ আছে । ইয়াৰ স্থিতি স্পষ্ট কৰাৰ ক্ষেত্ৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যথেষ্ঠ দায়িত্ব আছে আৰু এই দায়িত্ব অতি শীঘ্ৰে পালন কৰিব লাগে ।

আনহাতে বিটিআৰ গঠন কৰাৰ ক্ষেত্ৰত যি আয়োগ গঠন কৰিছে সেই আয়োগ কমিটিত এজনো কোচ ৰাজবংশী প্ৰতিনিধি নাই সেয়ে অতি শীঘ্ৰে উপযুক্ত ব্যক্তিক অন্তৰ্ভূক্ত কৰি বড়োলেণ্ডৰ শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ দাবী জনাইছে সদৌ কোচ ৰাজবংশী ছাত্র সন্থাই ।

লগতে পঢ়ক : গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে আগবাঢ়িব ৰাইজৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.