ETV Bharat / briefs

হকী বিশ্বকাপ ২০২২-২৩: এফ.আই.এইছৰ পুনঃযোগ্যতা প্ৰক্ৰিয়াৰ ঘোষণা - এফ.আই.এইছৰ যোগ্যতা প্ৰক্ৰিয়া

আগন্তুক হকী বিশ্বকাপৰ বাবে এছিয়াৰ পৰা মহিলাৰ দুটা স্থান আৰু ভাৰতসহ তিনিটা স্থান পুৰুষে নেতৃত্ব বহন কৰিব ।

এফ.আই.এইছৰ পুনঃযোগ্যতা প্ৰক্ৰিয়াৰ ঘোষণা

author img

By

Published : Jun 3, 2020, 3:31 PM IST

স্পৰ্টছ ডেস্ক, ৩ জুন: আন্তঃৰাষ্ট্ৰীয় হকী মহাসংঘ (FIH)য়ে ২০২২-২৩ চনৰ মহিলা আৰু পুৰুষ হকী বিশ্বকাপৰ বাবে পুনঃযোগ্যতা প্ৰক্ৰিয়াৰ ঘোষণা কৰিছে । নতুন যোগ্যতা প্ৰক্ৰিয়া অনুসৰি, আগন্তুক দুখন বিশ্বকাপৰ বাবে ৫ টা মহাদেশীয় চেম্পিয়নশ্বিপৰ পৰা ১৬ টা সংৰক্ষিত স্থানৰ ৬ টাৰ পৰিৱৰ্তে ১১ টা স্থান বাছনি কৰিছে আৰু লগতে বাকী শেষৰ ৫ টা স্থান ২০২২ চনৰ মাৰ্চ মাহত হ'বলগীয়া এফ.আই.এইছৰ যোগ্যতা প্ৰক্ৰিয়াৰ পৰা পূৰ্ণ কৰা হ'ব ।

এফ.আই.এইছৰ পুনঃযোগ্যতা প্ৰক্ৰিয়াৰ ঘোষণা
এফ.আই.এইছৰ পুনঃযোগ্যতা প্ৰক্ৰিয়াৰ ঘোষণা

পৰম্পৰাগতভাৱে, প্ৰত্যেকটো মহাদেশীয় চেম্পিয়নশ্বিপৰ বিজেতাক স্বয়ংক্ৰিয় বিশ্বকাপ বাৰ্থ প্ৰদান কৰা হয় । কিন্তু এইবাৰ হকী বিশ্বকাপ সংস্থাই মহাদেশীয় চেম্পিয়নশ্বিপৰ সংৰক্ষিত স্থানৰ সংখ্যা দুগুণ বৃদ্ধি কৰা হ'ব বুলি জানিবলৈ দিয়ে । এই বিশ্বকাপত ইউৰোপ মহাদেশে ৪ টা স্থানৰ সৈতে মহাদেশীয় চেম্পিয়নশ্বিপৰ আবণ্টনৰ ক্ষেত্ৰত আটাইতকৈ বেছি অংশগ্ৰহণৰ সুবিধা লাভ কৰিব পাৰিব ।

আনহাতে নেদাৰলেণ্ড আৰু স্পেইনে সহ-অংশীদাৰ হিচাপে মহিলা টুৰ্ণামেণ্টৰ বাবে দুটা বাৰ্থ বুক কৰিব বুলি এফ.আই.এইছে ৱেব চাইটযোগে সদৰী কৰে এই কথা । মহিলা বিশ্বকাপৰ বাবে এছিয়া মহাদেশক দুটা স্থান নিৰ্ধাৰণ কৰা হৈছে আৰু ভাৰতৰ হৈ ৩ টা পুৰুষৰ স্থান দিয়া হৈছে ।

সংশোধিত মহাদেশীয় সংৰক্ষণ-

মহিলা: আফ্ৰিকা ১, এছিয়া ২, ইউৰোপ ৪ (হলেণ্ড আৰু স্পেইনসহ), ওচেনিয়া ২, পেনএম ২ ।

পুৰুষ: আফ্ৰিকা ১, এছিয়া ৩ (ভাৰতসহ), ইউৰোপ ৪, ওচেনিয়া ২, পেনএম ১ ।

লগতে পঢ়ক:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.