ETV Bharat / briefs

ব্ৰাজিলৰ ফিল্ড হাস্পতালত কৰা হয় কোভিড-১৯ ৰোগীৰ চিকিৎসা - ডেল' এণ্টোনিয়া ফিল্ড হাস্পতাল

ডেল' এণ্টোনিয়া ফিল্ড হাস্পতালখন এটা জিমৰ ভিতৰত অৱস্থিত । হাস্পতালখনত ১৮০ খন বিচনাৰ সুবিধা থকাৰ লগতে ২০ টা আইচিইউ কক্ষ আছে ।

 Brazil's field hospital
Coronavirus patients gets treated in Brazil's field hospital
author img

By

Published : Jun 10, 2020, 1:41 PM IST

ইণ্টাৰনেশ্বনেল ডেস্ক, ১০ জুনঃ ব্ৰাজিলৰ চাও পাউলো চহৰৰ উপকণ্ঠ অঞ্চলৰ কোভিড-১৯ ৰোগীৰ বাবে ডেল' এণ্টোনিয়া ফিল্ড হাস্পতালে মঙলবাৰে বিচনাৰ সংখ্যা কম হোৱাৰ কথা প্ৰকাশ কৰে।

চহৰখনৰ দাতিকাষৰীয়া অঞ্চলসমূহত প্ৰতিদিনে বৃদ্ধি পাইছে কোভিড-১৯ ৰোগীৰ সংখ্যা । স্বাস্থ্য বিভাগে উল্লেখ কৰা অনুসৰি এই মহামাৰীত মৃত্যু হৈছে ৩৩৪ গৰাকী ৰোগীৰ।

উল্লেখ্য যে, ডেল' এণ্টোনিয়া ফিল্ড হাস্পতালখন এটা জিমৰ ভিতৰত অৱস্থিত । হাস্পতালখনত ১৮০ খন বিচনাৰ সুবিধা থকাৰ লগতে ২০ টা আইচিইউ কক্ষ আছে।

১৪ এপ্ৰিলত হাস্পতালখন মুকলি কৰাৰ পাছৰে পৰা জ'চ ৰ'বাৰ্টো নামৰ এজন চিকিৎসকে কাম কৰি আছে । "এই হাস্পতালখনত আমি বেমাৰৰ চিকিৎসা কৰা নাই আমি মানুহৰ চিকিৎসা কৰিছো" বুলি ডেণ্টে নামৰ এগৰাকী চিকিৎসকে প্ৰকাশ কৰে। তদুপৰি হাস্পতালখনত থকা অধিকাংশ ৰোগীয়ে ভিডিঅ' কনফাৰেঞ্চিং যোগে পৰিয়ালৰ লোকৰ সৈতে কথা পাতিব পৰাৰ সুবিধা আছে।

ব্ৰাজিলৰ ফিল্ড হাস্পতালত কৰা হয় কোভিড-১৯ ৰোগীৰ চিকিৎসা

উল্লেখ্য যে, মংগলবাৰলৈকে ব্ৰাজিলত কোভিড-১৯ত আক্ৰান্ত হৈ ৩৮,৪০০ লোকৰ মৃত্যু হৈছে। এইপৰ্যন্ত দেশখনত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৭,৪০,০০০ ৰ অধিক লোক।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.