চিৰাং, ৩০ ছেপ্টেম্বৰ: চিৰাং জিলাৰ তুলসিঝোৰাত বুধবাৰে ধল্লামগুৰি খণ্ড স্বাস্থ্য কেন্দ্ৰৰ অধীনত তুলসিঝোৰা উপ স্বাস্থ্য কেন্দ্ৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে । জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে তিনি জন বিশেষজ্ঞ ক্ৰমে আয়ুৰ্বেদিক চিকিৎসক ডা: ৰতন কুমাৰ দাস,যোগা প্ৰশিক্ষক খঞ্জন দাস,সুষম আহাৰ বিশেষজ্ঞ অঞ্জন জ্যোতি ডেকাৰ লগতে কাজলগাঁও মহকুমা চিকিৎসা বিষয়া ডা: ৰঞ্জিত মৌপিয়া,জিলা আঁচনি প্ৰৱন্ধক সনাতন ইশ্বৱাৰী,জিলা আয়ুশ্মানৰ নডেল বিষয়া ডা° ৰাজু কুমাৰ দাস জিলা মিডিয়া বিষয়া ময়েজ উদ্দিন আহমেদ সহ বহু সংখ্যক আশা কৰ্মী নাৰ্ছৰ উপস্থিতিত ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে বিশেষকৈ শিশু আৰু গৰ্ভৱতী মহিলা সকলক সুষম আহাৰ,আয়ুৰ্বেদ,যোগা আৰু শাৰীৰিক নিয়মানুৱৰ্তিতাৰ বিষয়ে সজাগতা সভাৰ আয়োজনেৰে সজাগ কৰাৰ চেষ্টা কৰা হয়। অনুষ্ঠানত স্বাস্থ্য বিভাগে ঔষধি গুণ সম্পন্ন গছপুলি বিতৰণ কৰে ।
লগতে পঢ়ক: ত্ৰিপুৰা আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ সুৰা
চিৰাঙত ৰাষ্ট্ৰীয় পোষণ মাহ কাৰ্যসূচী পালন - Pushan mah
চিৰাং জিলাৰ তুলসিঝোৰাত বুধবাৰে ধল্লামগুৰি খণ্ড স্বাস্থ্য কেন্দ্ৰৰ অধীনত তুলসিঝোৰা উপ স্বাস্থ্য কেন্দ্ৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে ।