ETV Bharat / briefs

বিলাসীপাৰাৰ কৃছেন্ট একাডেমীত উৎসৱ মুখৰ পৰিৱেশ

বিলাসীপাৰাৰ কৃছেন্ট একাডেমীত সম্বৰ্ধনা এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক, বিদ্যালয়খনৰ পৰা উলিওৱা হয় শোভাযাত্ৰা

author img

By

Published : May 17, 2019, 3:10 PM IST

বিলাসীপাৰাৰ কৃছেন্ট একাডেমীত উৎসৱ মুখৰ পৰিৱেশ

বিলাসীপাৰা,১৭মে' : দৰিদ্ৰতাৰে যুঁজি-যুঁজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা মাইনুৰ ইছলামক লৈ বিলাসীপাৰাৰ কৃছেন্ট একাডেমীত উৎসৱ মুখৰ পৰিৱেশ । দিন হাজিৰা কৰি মাইনুৰৰ সাফল্যত শুকুৰবাৰে বিলাসীপাৰাৰ টিলাপাৰা অঞ্চলত এক শোভাযাত্ৰা উলিওৱা হয় । ফুলবৰ আলী আৰু আনোৱাৰা খাতুনৰ সন্তান মাইনুৰ ইছলামে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯১.৮ শতাংশৰে ৪টা বিষয়ত লেটাৰ পাবলৈ সক্ষম হৈছিল । মাইনুৰৰ এই সাফল্যত আনন্দিত অঞ্চলবাসী । ভৱিষ্যতে মাইনুৰে এজন দক্ষ চিকিৎসক হ'ব বিচাৰে । আনহাতে বিদ্যালয়খনত এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ।

Intro:A. I - দৰিদ্ৰতাৰে যুঁজি যুঁজি শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা দিন হাজিৰা কৰা মাইনুৰ ইছলামক লৈ বিলাসীপাৰাৰ এখন বিদ্যালয়ত উৎসৱ মুখৰ পৰিৱেশ | দৰিদ্ৰ মেধা ছাত্ৰ জনক লৈ বিদ্যালয় কতৃপক্ষই শুকুৰবাৰে উলিয়ায় এক শোভাযাত্ৰা | এই জন ছাত্ৰ লৈ মন কৰক, টিলাপাৰা গাঁৱৰ ফুলবৰ আলী আৰু আনোৱাৰা খাতুনৰ সন্তান মাইনুৰ ইছলাম | পিতৃৰ সৈতে নিজেও লোকৰ ঘৰত দিন হাজিৰা কৰি পেটৰ ভাত মুঠি যোগাৰ কৰা লগতে উলিয়ায় নিজৰ পঢ়াৰ খৰচ | এজনো শিক্ষিত লোক নথকা পৰিয়ালটোত মাইনুৰে সংকল্প লৈছিল পৰিয়ালৰ লগতে নিজৰ গাঁও খনত শিক্ষাৰ পোহৰ বিলাব | সেই মতে অতি কষ্টৰ মাজেৰে এই বাৰৰ পৰীক্ষাত বিলাসীপাৰাৰ টিলাপাৰাস্থিত ব্যক্তিগত খণ্ডৰ অন্যতম বিদ্যালয় ক্ৰিচেন্ট একাডেমীৰ পৰা অৱতীৰ্ণ হৈ মাইনুৰে ৪ টা বিষয়ত লেটাৰ নম্বৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় | Body:V. O - দৰিদ্ৰতা কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত অন্তৰায় হব নোৱাৰে ৷ সেই কথা পুনৰ প্ৰমাণ কৰিলে বিলাসীপাৰাৰ টিলাপাৰা মাইনুৰ ইছলামে ৷দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পিতৃ ফুলবৰ আলীয়ে অতি কষ্টেৰে পঢ়ুৱাইছিল নিজৰ পুত্ৰক ৷ টিলাপাৰাৰ ক্ৰিচেন্ট একাডেমীৰ পৰা শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা মাইনুৰে লাভ কৰিলে ৪ বিষয়ত লেটাৰ নম্বৰ সহ ৯১.৮ শতাংশ ৷ মাইনুৰৰ সাফল্যত এতিয়া গৌৰাম্বিত সমগ্ৰ অঞ্চলবাসী ৷ আজি মেধাবী ছাত্ৰ জনৰ লগতে তেঁওৰ পিতৃক বিদ্যালয় কতৃপক্ষই বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে | লগতে ছাত্ৰ জনক লৈ এক শোভাযাত্ৰা কৰি উৎসৱ মুখৰ কৰি তোলে অঞ্চলটো |Conclusion:উল্লেখ্য যে ভবিষ্যতে এগৰাকী সু চিকিৎসক হোৱাৰ আশা মনত পুহি ৰখা মাইনুৰে আৰ্থিক অনাটনৰ বাবে লব পৰা নাছিল ঘৰুৱা শিক্ষকৰ সহায়। মাইনুৰক সহায় কৰিছিল স্কুল খনৰ শিক্ষক সকলে।

Byte1- Student
Byte2 - Father
Byte3 - Head master
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলামৰ
ETV BHARAT ASSAM
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.