ETV Bharat / briefs

বটদ্ৰৱাৰ ভিন্ন অঞ্চলত মুকলি জুৱাৰ বেহা

অসামাজিক কাৰ্যৰ ঘাটিত পৰিণত হৈছে নগাঁও জিলাৰ বটদ্ৰৱাৰ বিভিন্ন অঞ্চল । বটদ্ৰৱা আৰক্ষী থানাৰ সহযোগত দিন দুপৰতে মুকলিকৈ জুৱা খেল চলাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

author img

By

Published : Apr 20, 2019, 3:24 PM IST

বটদ্ৰৱাত মুকলিকৈ চলিছে জুৱাৰ বেহা

নগাঁও, 20 এপ্ৰিলঃ বটদ্ৰৱাৰ ভিন্ন অঞ্চলত ক্ৰমাৎ বৃদ্ধি পাইছে অসামাজিক কাৰ্যকলাপ । আৰক্ষীৰ নিৰৱ ভূমিকাৰ ফলতেই বটদ্ৰৱা থানাৰ নিকটৱৰ্তী ধনীয়াভেটি , ৰামপুৰ, হাইডুবি গাঁৱকে ধৰি আন বহুকেইটা অঞ্চলত জুৱাৰ ঘাটিলৈ পৰিণত হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে। অঞ্চলটোৰ কেইজনমান ব্যক্তিৰ লগত বটদ্ৰৱা আৰক্ষী থানাৰ এজন উচ্চ পদস্থ বিষয়াৰ মিতিৰালিৰ বাবেই জুৱাৰ বেহা চলাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । তাৎপৰ্যপূৰ্ণ কথা এই যে, অসামাজিক কাৰ্যকলাপ বন্ধ কৰিবলৈ কোনো লোক আগবাঢ়ি আহিলেও মৃত্যুৰ ভাবুকি প্ৰদান কৰে ৷ যাৰ বাবে বাধা দিবলৈ সাহস কৰা নাই অঞ্চলটোৰ সাধাৰণ ৰাইজে ।

বটদ্ৰৱাত মুকলিকৈ চলিছে জুৱাৰ বেহা

উল্লেখ্য যে, বিগত বছৰত নগাঁৱৰ জুৰিয়া থানাৰ অন্তৰ্গত বলিকটীয়াত জুৱাৰীৰ গুলীত অনিল দাস নামৰ এগৰাকী আৰক্ষী কনিষ্টবলৰ মৃত্যু হৈছিল । কিন্তু তাৰ পিচতো জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ ৰহস্যজনক ভূমিকাই এতিয়া বটদ্ৰৱা অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

Intro:অসামাজিক কাৰ্যৰ ঘাটিত পৰিনত হৈছে নগাঁও জিলাৰ বটদ্ৰৱাৰ বিভিন্ন অঞ্চল । বটদ্ৰৱা আৰক্ষী থানাৰ আৰ্শীৰ্বাদতেই দিন দুপৰতে নিতৌ চলিছে মুকলিকৈ জুৱা খেল ।Body:অপৰাধীক ৰক্ষণাবেক্ষণৰ বটদ্ৰৱা আৰক্ষী থানাৰ বিষয়াৰ । আৰক্ষীৰ আৰ্শীৰ্বাদতেই নগাঁও জিলাৰ বটদ্ৰৱাৰ বিভিন্ন অঞ্চলত এতিয়া দিন দুপৰতে নিতৌ চলিছে মুকলিকৈ জুৱা খেল । চাওক কেনেকৈ বান্ধিলে বান্দিলে পেলাইছে টকা । এই জুৱা খেলত অংশগ্ৰহন কৰিছে স্কুল কলেজৰ ছাত্রৰ লগতে জেষ্ঠ্য জনো । বটদ্ৰৱা আৰক্ষী নিৰব ভূমিকাৰ বাবেই বটদ্ৰৱাৰ বিভিন্ন অঞ্চলত বৃদ্ধি পাব ধৰিছে অসামাজিক কাৰ্য কলাপ। বটদ্ৰৱা থানৰ নিকটবৰ্তী ধনীয়াভেটি , ৰামপুৰ, হাইডুবি গাওঁ এতিয়া পৰিণত হৈছে জুৱাৰ ঘাটিলৈ । নগাওঁ অাৰু মৰিগাওঁ জিলাৰ বহু জুৱাৰীৰ অাগমন ঘটে এই অ্ঞ্চলতটোত । এই জুৱা খেলত নিতৌ চলে লাখ লাখ টকাৰ জুৱাৰ অাদ্দা । অঞ্চলটোৰ কেইটামান অসামাজিক তথা গুণ্ডা প্ৰকৃতিৰ লোকৰ লগত বটদ্ৰৱা আৰক্ষী থানাৰ এজন উচ্চ পদস্থ বিষয়াৰ মিতিৰালি থকাৰ বাবেই এতিয়া চলিছে এই জুৱাৰ বেহা। দল সংগঠনৰ লগতে স্থানীয় ৰাইজৰ অভিযোগ বটদ্ৰৱা আৰক্ষী থানাৰ এজন ভূঞা উপাধিৰ আৰক্ষীৰ আৰ্শীৰ্বাদতেই এনেদৰেই এতিয়া মুকলিকৈ চলিছে জুৱা খেল । এই অসামাজিক কাৰ্যকলাপ বন্ধ কৰিবলৈ কোনো লোক অাগবাঢ়ি অাহিলেও মৃত্যুৰ ভাবুকি অাহে একাংশ গুণ্ডা প্ৰকৃতিৰ লোকৰ পৰা । সেয়ে বাধা দিবলৈ সাহস নকৰে অঞ্চলটোৰ সাধাৰন লোকে ।অানকি ভয় কৰে মুকলিকৈ সংবাদ মাধ্যমক কবলৈও । বটদ্ৰৱা থানাৰ পৰা মাত্ৰ এক কিলোমিটাৰ নিলগত এনে অসামাজিক কাৰ্য কলাপ চলি অাহিছে যদিও নীৰৱ ভূমিকা পালন কৰি অাহিছে বটদ্ৰৱা অাৰক্ষীয়ে । ইফালে জুৱাত একাংশই লাখ লাখ টকা হাৰি সৰ্ৱস্ৰান্ত হৈ নিজৰ দামী গাড়ী বিক্ৰী কৰিব লগা হৈছে জুৱাৰ অাড্ডাতে । অান কোনোৱে জুৱা খেলত হাৰি অঞ্চলটোত চুৰি দকাইতিৰ দৰে ঘটনা সংঘটিত কৰি অাহিছে । এনেধৰনৰ কাৰ্যকলাপ নিতৌ বৃদ্ধি পোৱাত এতিয়া অসামাজিক কাৰ্য কলাপৰ ঘাটিত পৰিনত হোৱাৰ উপক্ৰম ঘটিছে বটদ্ৰৱা । এনেক্ষেত্ৰত বটদ্ৰৱা অাৰক্ষীৰ ৰহস্যজনক ভূমিকাক তীব্ৰ সমালোচনা কৰিছে অঞ্চলটোৰ সচেতন মহলে । এতিয়া প্ৰশ্ন হয় কোন এই বটদ্ৰৱা থানৰ ভূঞা উপাধিৰ আৰক্ষী বিষয়াই দিছে অপৰাধীক ৰক্ষণাবেক্ষণ ? অপৰাধীক ৰক্ষণাবেক্ষণৰ দি আৰক্ষীৰ খাকি পোচাকত কলংক সনা এই ভূঞা উপাধিৰ আৰক্ষী বিষয়াৰ বিৰুদ্ধে উচ্চ পদস্থ আৰক্ষী বিষয়াই লব পাৰিনে উৎচিত ব্যৱস্থা ? সেইয়া সময়তহে লক্ষণীয় হব । উল্লেখ্য যে বিগত বছৰত নগাঁও জিলাৰ জুৰিয়া থানাৰ অন্তৰ্গত বলিকটীয়াত জুৱাৰীৰ গুলীত অনিল দাস নামৰ এগৰাকী আৰক্ষী কনিষ্ঠবলৰ মৃত্যু হৈছিল । তাৰ পিছতো জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ ৰহস্যজনক নিৰব ভুকিকাই বটদ্ৰৱাত সূষ্টি কৰিছে তীব্র চাঞ্চল্যৰ ।______________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.