বাগদাদ, ১৪ জুন : ইৰাক ৰাজধানী বাগদাদৰ সমীপৰ এটা মাৰ্কিন সামৰিক ঘাটিত শনিবাৰে দুটা কাৰ্তিছ ৰকেটে আঘাত কৰে । ইৰাকৰ যুটীয়া অপাৰেছন কমাণ্ডাৰ মিডিয়া কাৰ্যালয়ে এক বিবৃতিত প্ৰকাশ কৰে এই কথা । বিবৃতিত উল্লেখ কৰা অনুসৰি শনিবাৰে সন্ধিয়া ৰাষ্ট্ৰীয় মালিকানাধীন ঔদ্যোগিক কমপ্লেক্সৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগত উত্তৰ দিশত স্থাপন কৰা আল-তাজি শিবিৰত ৰকেট দুটাই আঘাত হানে ।
এই পৰ্যন্ত কোনোৱে স্বীকাৰ কৰা নাই আক্ৰমণৰ দায়িত্ব । এই আক্ৰমণ সংঘটিত হোৱাৰ দুদিন পূৰ্বে মাৰ্কিন আৰু ইৰাকৰ শীৰ্ষ নেতৃত্ব ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বৈঠকত মিলিত হৈছিল । বৈঠকত মাৰ্কিন নেতৃত্বই ইৰাকৰ পৰা সৈন্যবল ক্ৰমে হ্ৰাস কৰাৰ কথা উল্লেখ কৰিছিল ।