ইণ্টাৰনেশ্বনেল ডেস্ক, ১৯ জুনঃ আফগানিস্তানৰ সৰোঝাই জিলাত আফগান সেনাই অব্যাহত ৰাখিছে সন্ত্ৰাসবাদী বিৰোধী অভিযান। এই অভিযানৰ সময়ত বৃহস্পতিবাৰে নিশা আফগান সেনাৰ সৈতে সংঘৰ্ষত লিপ্ত হয় তালীবানী সন্ত্ৰাসবাদী। এই সংঘৰ্ষৰ ফলত ১৭ জনকৈ তালিবানী সন্ত্ৰাসবাদী নিহত হোৱাৰ বিপৰীতে ২০ জনৰো অধিক সন্ত্ৰাসবাদী আহত হয়। আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ঘোষণা কৰে এই সন্ত্ৰাসবাদী নিহত হোৱাৰ কথা ।

আনহাতে, এই অভিযানৰ সময়ত এজন আফগান ৰাষ্ট্ৰীয় সেনা (Afghan national Army) জোৱান নিহত হোৱাৰ লগতে আন দুগৰাকী আহত হয় বুলি ৰাষ্ট্ৰখনৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে প্ৰকাশ কৰে।
লগতে চাওকঃ ফেচবুকে আতৰালে ড'নাল্ড ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰৰ লগত জড়িত সকলো বিজ্ঞাপন