ETV Bharat / briefs

শোণিতপুৰত কোভিড-১৯ আক্ৰান্তৰ সংখ্যা ৪৫৮ গৰাকীলৈ বৃদ্ধি

author img

By

Published : Jul 9, 2020, 12:13 PM IST

শোণিতপুৰ জিলাত দুগৰাকী 'SSB', দুগৰাকী 'ITBP' জোৱান, সীমান্ত পথ সংস্থাৰ এগৰাকী জ্যেষ্ঠ অভিযন্তাকে ধৰি মুঠ ১৫ গৰাকী লোকৰ নতুনকৈ কৰ'ণা পজিটিভ পোৱা গৈছে।

Sonitpur
শোণিতপুৰত কোভিড-১৯ আক্ৰান্তৰ সংখ্যা ৪৫৮ গৰাকীলৈ বৃদ্ধি

শোণিতপুৰ, ৯ জুলাইঃ ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পাইছে কোভিড-১৯ৰ সংক্ৰমণ । ইতিমধ্যে এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৪ হাজাৰ অতিক্ৰম কৰিছে । ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে কম-বেছি পৰিমাণে বহুকেইগৰাকী লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে। স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, শোণিতপুৰ জিলাত মুঠ ৪৫৮ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ অৱস্থিতি।

জিলাখনত দুগৰাকী 'SSB', দুগৰাকী 'ITBP' জোৱান, সীমান্ত পথ সংস্থাৰ এগৰাকী জ্যেষ্ঠ অভিযন্তাকে ধৰি মুঠ ১৫ গৰাকী লোকৰ নতুনকৈ কৰ'ণা পজিটিভ পোৱা গৈছে।

আনহাতে, বুধবাৰে পুৱাৰ ভাগত এগৰাকীও ৰোগী নথকা তেজপুৰ কোভিড হাস্পতালত বিয়লি ৩৪ গৰাকী, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ১৬ গৰাকী আৰু দৰং জিলাত ৩৮ গৰাকী কোভিড-১৯ আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে সামৰিক চিকিৎসালয়ত ৯২ গৰাকী লোক চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : ব্ৰহ্মপুত্ৰৰ বুকুত নিখোজ মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.