নিউজ ডেস্ক, ৬ মাৰ্চ : আত্মঘাতী বোমাৰুৰ আক্ৰমণত আফগানিস্তানত নিহত ৪ জনকৈ নাগৰিক। বুধবাৰে ৰাতিপুৱা নানগৰহাৰ প্ৰদেশৰ জালালাবাদ বিমান বন্দৰৰ সমীপৰ এটা নিৰ্মীয়মান কোম্পানীত বিস্ফোৰণ সংঘটিত কৰে সন্ত্ৰাসবাদীয়ে।
নানগৰাহৰ আৰক্ষী সঞ্চালক প্ৰধান গুলাম চানায়ী স্টানিকজায়ে প্ৰকাশ কৰা অনুসৰি আত্মঘাতী বোমাৰু জনৰ লগতে ঘটনাস্থলীত উপস্থিত আছিল আন ভালেকইজন সন্ত্ৰাসাদী। নিৰ্মীয়মান কোম্পানীটোৰ সন্মূখত আত্মঘাতী বোমাৰুজনে বিস্ফোৰণ সংঘটিত কৰাৰ পাচতেই কোম্পানীটোত প্ৰৱেশ কৰি গুলীবৰ্ষণ আৰম্ভ কৰে আন সন্ত্ৰাসবাদীকেইজনেও। বৰ্তমানে আৰক্ষীৰ আৰু আমেৰিকান ফৰ্চৰ লগত গুলীবৰ্ষণ অব্যাহত ৰাখিছে সন্ত্ৰাসবাদীকেইটাই। চলিত সংঘৰ্ষত মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনীয়তা প্ৰকাশ কৰিছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে। তালিবান বা আই এচ সন্ত্ৰাসবাদীয়ে এই সংঘৰ্ষ সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে আফগানিস্তান প্ৰশাসনে।