ETV Bharat / bharat

Telangana Elections 2023 : ৱাইএছআৰ তেলেংগানা পাৰ্টীয়ে নিৰ্বাচনত অংশগ্ৰহণ নকৰে; ঘোষণা সভাপতি ৱাইএছ শৰ্মিলা ৰেড্ডীৰ

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 4:57 PM IST

তেওঁ কিয় এনে সিদ্ধান্ত গ্ৰহণ কৰিছে সেই বিষয়ে ব্যাখ্যা কৰি ৱাই এছ শৰ্মিলাই কয় যে কংগ্ৰেছৰ বাবে এই নিৰ্বাচনত জয়ী হোৱাৰ সুযোগ আছে আৰু তেওঁলোকৰ দলটোৰ উক্ত সম্ভাৱনাত ক্ষতি কৰাৰ কোনো অভিপ্ৰায় নাই ।

ৱাইএছআৰ তেলেংগানা পাৰ্টীয়ে নিৰ্বাচনত অংশগ্ৰহণ নকৰে
Telangana Elections 2023

নিউজ ডেস্ক, ৩ নৱেম্বৰ : পাঁচখন ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া আগন্তুক নিৰ্বাচনৰ ভিতৰত তেলেংগানাও এখন । তেলেংগানা নিৰ্বাচনৰ অধিসূচনা শুকুৰবাৰে জাৰি কৰে নিৰ্বাচন আয়োগে । অহা ৩০ নৱেম্বৰত অনুষ্ঠিত হ'ব ৰাজ্যখনৰ বিধানসভা নিৰ্বাচন । তাৰ মাজতে ৱাইএছআৰ তেলেংগানা পাৰ্টীৰ সভাপতি ৱাইএছ শৰ্মিলা ৰেড্ডীয়ে শুকুৰবাৰে ঘোষণা কৰে যে তেওঁৰ দল ৱাইএছআৰ তেলেংগানা পাৰ্টীয়ে (ৱাইএছআৰটিপি) ৩০ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া এই বছৰৰ তেলেংগানা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে । লগতে ঘোষণা কৰে যে তেওঁৰ দলে এই নিৰ্বাচনত কংগ্ৰেছ দলক সমৰ্থন কৰিব ।

"আমি কংগ্ৰেছ দলক সমৰ্থন কৰিছোঁ ।" ৱাইএছআৰটিপিৰ মুৰব্বী শৰ্মিলাই এক সংবাদমেল সম্বোধন কৰি এই কথা কয় । উল্লেখ্য যে তেওঁ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো এনে এটা দিনত লৈছে, যিটো দিনত ভাৰতৰ নিৰ্বাচন আয়োগে তেলেংগানাত ৩০ নৱেম্বৰৰ নিৰ্বাচনৰ বাবে অধিসূচনা তথা সময়সূচী ঘোষণা কৰিছে । আনহাতে, তেওঁ কিয় এনে সিদ্ধান্ত গ্ৰহণ কৰিছে সেই বিষয়ে ব্যাখ্যা কৰি ৱাই এছ শৰ্মিলাই কয় যে কংগ্ৰেছৰ বাবে এই নিৰ্বাচনত জয়ী হোৱাৰ সুযোগ আছে আৰু তেওঁলোকৰ দলটোৰ উক্ত সম্ভাৱনাত ক্ষতি কৰাৰ কোনো অভিপ্ৰায় নাই ।

শৰ্মিলা ৰেড্ডীয়ে লগতে কয় যে যেতিয়া চৰকাৰ সলনি কৰাৰ সুযোগ থাকে, তেতিয়া তাত বাধা সৃষ্টি কৰাটো সঠিক নহয় । তেওঁ কয় যে তেওঁলোকৰ দলে কংগ্ৰেছক 'কেচিআৰৰ দুৰ্নীতিগ্ৰস্ত শাসন' বুলি যি প্ৰচাৰ চলাই আছে তাত সমৰ্থন আগবঢ়াব । নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত এই কাৰণেই লোৱা হৈছে যাতে ক্ষমতাবিৰোধী ভোট প্ৰতিহত কৰিব পৰা যায় । অন্যথা কেচিআৰ নেতৃত্বাধীন ভাৰত ৰাষ্ট্ৰ সমিতি (বিআৰএছ) লাভান্বিত হ'ব ।

আনহাতে, তেওঁৰ দলে চলোৱা কিছুমান জৰীপৰ কথা উল্লেখ কৰি শৰ্মিলাই কয় যে এই নিৰ্বাচনত তেওঁলোকৰ অংশগ্ৰহণে কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ বিজয়ী পৰিৱৰ্তনক পোনপটীয়াকৈ প্ৰভাৱিত কৰিব । সেই কাৰণেই ৱাইএছআৰটিপিয়ে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈছে আৰু কংগ্ৰেছক বিআৰএছক পৰাজিত কৰাৰ ক্ষেত্ৰত সহায় কৰিব বিচাৰিছে বুলি তেওঁ কয় ।

ৱাইএছআৰটিপিৰ সভাপতিগৰাকীয়ে লগতে কয় যে বিগত চাৰে ন বছৰত এটা পৰিয়ালৰ লোভ আৰু অত্যাচাৰৰ বাবে তেলেংগানাৰ দৰে এখন সম্পদশালী ৰাজ্য ঋণ আৰু সমস্যাত বুৰ গৈছে । তেওঁ সকলো প্ৰতিদ্বন্দ্বী দলক একেলগে সমবেত হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু ৰাজ্যখনত বিআৰএছক ক্ষমতাৰ পৰা আঁতৰাবলৈ ঐক্যবদ্ধ প্ৰয়াসৰ কথা কয় ।

উল্লেখ্য যে ১১৯ খন আসনৰ তেলেংগানা বিধানসভাৰ এই মাহৰ নিৰ্বাচন গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । কিয়নো কংগ্ৰেছে শাসনাধিষ্ঠিত বিআৰএছক এক কঠোৰ প্ৰত্যাহ্বান আগবঢ়াইছে । তাৰ উপৰি ভাৰতীয় জনতা পাৰ্টীয়েও ভোটৰ অংশ বৃদ্ধি কৰিবলৈ শক্তিশালী প্ৰচেষ্টা চলাই আছে । ৱাইএছআৰটিপিৰ সৈতে তেলেগু দেশম পাৰ্টীয়েও (টিডিপি) এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাই ।

লগতে পঢ়ক :SC to AAP MP Chadha : ৰাঘৱ চাড্ডাক ৰাজ্যসভাৰ অধ্যক্ষক নিঃচৰ্ত ক্ষমা খোজাৰ নিৰ্দেশ ছুপ্ৰিম কোৰ্টৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.