ETV Bharat / bharat

ভাৰতত মুকলি Xiaomiৰ ৰেডমি নোট ১৩ ছিৰিজ

author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 5:05 PM IST

'Xiaomi'য়ে ভাৰতত মুকলি কৰিলে মধ্য পৰিসৰৰ ৰেডমি নোট ১৩ ৫জিৰ ছিৰিজ (Redmi Note 13 Pro 5G)। এই ছিৰিজত ৩ টা মডেল আছে । যোৱা বছৰ ছেপ্টেম্বৰত চীনত এই ছিৰিজটো মুকলি কৰা হৈছিল ।

Redmi Note 13 series
ভাৰতত মুকলি Xiaomiৰ ৰেডমি নোট ১৩ ছিৰিজ

নিউজ ডেস্ক,৪ জানুৱাৰী : চীনা স্মাৰ্টফোন নিৰ্মাতা জিয়াঅ'মিয়ে (Xiaomi) বৃহস্পতিবাৰে ভাৰতত ৰেডমি নোট ১৩ ছিৰিজ মুকলি কৰে । ছিৰিজটোত তিনিটা মডেল অন্তৰ্ভুক্ত আছে । সেইকেইটা হৈছে ক্ৰমে ৰেডমি নোট ১৩ ৫জি ক্লাছিক, ৰেডমি নোট ১৩ প্ৰ' ৫জি, আৰু ৰেডমি নোট ১৩ প্ৰ' প্লাছ ৫ জি ।

'Xiaomi'য়ে বৃহস্পতিবাৰে এক অনুষ্ঠানত মডেলকেইটা মুকলি কৰে আৰু কোম্পানীটোৰ অফিচিয়েল ইউটিউব চেনেলত লাইভ ষ্ট্ৰীমিঙো কৰা হয় । কোম্পানীটোৱে ৰেডমি নোট ৪জিৰ সৈতে আত্মপ্ৰকাশ কৰাৰ পিচত ভাৰতীয় বজাৰত ইয়াৰ ১০ বছৰ অতিক্ৰম কৰিছে । অনুষ্ঠানটো সম্বোধন কৰি কোম্পানীটোৱে দাবী কৰে যে নতুন ৰেডমি নোট ১৩ প্ৰ' প্লাছ ৫জি কেমেৰাৰ প্ৰদৰ্শন বৰ্তমানৰ ফ্লেগশ্বিপ আইফোন ১৫ প্ৰ' মেক্স আৰু চেমচাঙৰ এছ ২৩ আল্ট্ৰাতকৈও উন্নত ।

মূল্য আৰু প্ৰকাৰসমূহ- ৰেডমি নোট ১৩ প্ৰ' প্লাছ ৫ জি ১০ জানুৱাৰীত পুৱা ১০ বজাত Mi.com, এমআই হোম, ফ্লিপকাৰ্ট আৰু Xiaomi ৰিটেইলত উপলব্ধ হ'ব । স্মাৰ্টফোনবোৰৰ মূল্য ২৯,৯৯৯ ৰ পৰা আৰম্ভ হ'ব । আইচিআইচিআই বেংক কাৰ্ড ব্যৱহাৰ কৰোতাৰ বাবে ২,০০০ টকাৰ বেংক ৰেহাই উপলব্ধ হ'ব ।

২০০ এমপি কেমেৰা- কোম্পানীটোৱে দাবী কৰিছে যে ৰেডমি নোট ১৩ প্ৰ' প্লাছ ৫জিত প্ৰথম 'ট্ৰু' ২০০ মেগাপিক্সেল কেমেৰা আছে । কোম্পানীটোৱে লগতে কৈছে যে কোম্পানীটোৱে কেমেৰাৰ ফটো আৰু ভিডিঅ' প্ৰদৰ্শন উন্নত কৰিবলৈ চেমচাং আৰু মিডিয়াটেকৰ সৈতে কাম কৰিছিল ।

HyperOS স্ক্ৰীণ- ৰেডমিৰ গ্ৰাহকসকলে Xiaomi নতুন হাইপাৰঅ'এছ স্ক্ৰীণৰ বাবে অপেক্ষা কৰি আছিল আৰু ইয়াত সেইটো উপলব্ধ । কোম্পানীটোৱে কৈছে যে ই এটা অপাৰেটিং চিষ্টেম ডিজাইন কৰিব বিচাৰিছিল যি প্ৰায় সকলো ডিভাইচত কাম কৰিব ।

ফিউজন ডিজাইন- কোম্পানীটোৱে দাবী কৰিছে যে ই ৰেডমি নোট ১৩ প্ৰ' প্লাছৰ সৈতে ফিউজন ডিজাইন ব্যৱহাৰ কৰিছে যি ৱাটাৰপ্ৰুফ চামৰাৰ বেকৰ সৈতে আহিব আৰু ইয়াক নেনোস্কেল ক্ষয়-প্ৰতিৰোধী চিয়াহী প্ৰযুক্তিৰে মুদ্ৰণ কৰা হৈছে ।

ডিছপ্লে- ৰেডমি নোট ১৩ প্ৰ' প্লাছত ৬.৬৭ ইঞ্চি ১.৫ কে বক্ৰ এমোলেড ডিচপ্লে আছে যাৰ সৰ্বাধিক উজ্জ্বলতা ১৮০০ নিট আৰু ডিঅ'এলবিৱাই ভিজন এটমছৰ বাবে সমৰ্থন আছে ।

চিপছেট- কোম্পানীটোৱে অনুষ্ঠানত ঘোষণা কৰিছে যে ৰেডমি নোট ১৩ প্ৰ' প্লাছ হৈছে ৪এনএম প্ৰক্ৰিয়াৰ ওপৰত আধাৰিত মিডিয়াটেকৰ ডিমেনচিটি ৭২০০ চিপছেট প্ৰদৰ্শন কৰা প্ৰথম স্মাৰ্টফোন । স্মাৰ্টফোনটোত এনএফচি, ৫,০০০ এমএএইচ বেটাৰী আৰু ১২০ ৱাট ফাষ্ট চাৰ্জাৰৰ বাবে সমৰ্থন আছে ।

ৰেডমি বাডছ ৫- Xiaomiয়ে ঘোষণা কৰিছিল যে ৰেডমি নোট ১৩ প্ৰ' প্লাছ স্মাৰ্টফোনৰ লগতে কোম্পানীটোৱে শীঘ্ৰেই ৰেডমি বাডছ ৫ আৰু পোৰ্টেবল জুচ ব্লেণ্ডাৰ কাপ মুকলি কৰাৰ পৰিকল্পনা কৰিছে ।

লগতে পঢ়ক :ইউপিআই পেমেণ্টত ‘ইউপিআই এটিএম’ৰ পৰা ‘টাইম লিমিট’লৈকে, পৰিৱৰ্তনসমূহ জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.