ETV Bharat / bharat

ছিল্কয়াৰা সুৰংগৰ পৰা উদ্ধাৰ কৰা 41 জন শ্ৰমিকক ভৰ্তি হৃষীকেশৰ এইমছত

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 2:39 PM IST

ছিল্কয়াৰা সুৰংগৰ পৰা উদ্ধাৰ কৰা 41 জন শ্ৰমিকক ভৰ্তি কৰোৱা হৈছে হৃষীকেশৰ এইমছত ৷ ভাৰতীয় বায়ুসেনাৰ চিনুক হেলিকপ্টাৰেৰে এইমছলৈ নিয়া হয় শ্ৰমিক কেইজনক ৷

Uttarkashi Silkyara Tunnel Rescue
ছিল্কয়াৰা সুৰংগৰ পৰা উদ্ধাৰ কৰা 41 জন শ্ৰমিকক ভৰ্তি হৃষীকেশৰ এইমছত

নিউজ ডেস্ক, 29 নৱেম্বৰ : 17 দিনৰ পাচত উত্তৰকাশীৰ ছিল্কয়াৰা সুৰংগৰ পৰা উদ্ধাৰ কৰা 41 জন শ্ৰমিকক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত ৷ চিকিৎসা প্ৰটোকলৰ অনুসৰিয়ে 41 জনকৈ শ্ৰমিকক হৃষীকেশৰ এইমছত ভৰ্তি কৰোৱা হৈছে ৷ ইফালে উদ্ধাৰ কৰা শ্ৰমিকসকলক বুধবাৰে ভাৰতীয় বায়ুসেনাৰ চিনুক হেলিকপ্টাৰেৰে এইমছলৈ নিয়া হয় ৷

আনহাতে, 41 জন শ্ৰমিক চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে চিকিৎসকৰ দলে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰে । স্বাস্থ্য পৰীক্ষাত সকলো শ্ৰমিকৰ স্বাস্থ্য সুস্থ হৈ আছে বুলি চিকিৎসকে জানিবলৈ দিছে ৷ ইয়াৰ পাচতে শ্ৰমিকসকলক তেওঁলোকৰ ঘৰলৈ প্ৰেৰণ কৰা হ'ব বুলি জানিব পৰা গৈছে । ইফালে ডেৰাডুন বিমানবন্দৰত এম্বুলেন্স আৰু চিকিৎসাকৰ্মীক ইতিমধ্যে মোতায়েন কৰা হৈছে ।

মঙলবাৰে ছিল্কয়াৰা সুৰংগত উদ্ধাৰ অভিযান সুৰক্ষিতভাৱে সম্পূৰ্ণ কৰা হয় । সুৰংগটোত আৱদ্ধ হোৱাৰ বাবে শ্ৰমিকসকলৰ মনত নিৰাশা বা হতাশাৰ বাবে মনোৰোগ বিশেষজ্ঞৰ সহায়ত চিকিৎসা কৰা হ'ব বুলিও জানিব পৰা গৈছে । একে সময়তে, সকলো শ্ৰমিকক পৰিয়ালৰ সৈতে কথা পাতিবলৈ দিয়া হৈছে ৷

মঙলবাৰে নিশা 8 বজাত উত্তৰাখণ্ডৰ ছিল্কয়াৰা সুৰংগৰ পৰা আৱদ্ধ 41 জন শ্ৰমিকক এন ডি আৰ এফৰ জোৱানে উদ্ধাৰ কৰিছিল ৷ উক্ত সময়চোৱাত উদ্ধাৰস্থলীত উপস্থিত আছিল মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীও ৷ মুখ্যমন্ত্ৰী ধামীয়ে উদ্ধাৰ কৰা শ্ৰমিকসকলৰ সৈতে কথা পাতি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লৈছিল ৷ ইফালে শ্ৰমিকসকলক উদ্ধাৰৰ পাচতেই উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ধামীয়ে ছিল্কয়াৰা সুৰংগত আবদ্ধ হৈ থকা আটাইকেইজন শ্ৰমিকক 1 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ইতিমধ্যে ঘোষণা কৰিছে ৷

লগতে পঢ়ক : উত্তৰকাশী অপাৰেচন 'জিন্দাগী' সফল, আৱদ্ধ শ্ৰমিকক ১ লাখ টকাকৈ সাহায্য প্ৰদানৰ ঘোষণা মুখ্যমন্ত্ৰী ধামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.