নিউজ ডেস্ক, ১৪ জুলাই : কাউণ্ট-ডাউন শেষ। নিৰ্দিষ্ট সময়মতে শুকুৰবাৰে দিনৰ ২.৩৫ বজাত মহাকাশ গৱেষণা ক্ষেত্ৰত এক বিশেষ সফলতাৰ লক্ষ্যৰে প্ৰথম খোজ দিলে ভাৰতে । চন্দ্ৰযান-৩ৰ সফল উৎক্ষেপণ সম্পন্ন হ’ল ৷ এতিয়া চন্দ্ৰপৃষ্ঠত সফল অৱতৰণৰ বাবে অপেক্ষা । এই শুভ ক্ষণৰ সাক্ষী হৈ ৰ'ল ভাৰতীয় মহাকাশ বিজ্ঞানীসকলৰ লগতে কোটি কোটি ভাৰতীয় । চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ বাবে এতিয়া সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে । ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ এই অভিলাষী অভিযানত নিয়োজিত হৈ আছে বহুসংখ্যক বিজ্ঞানী তথা অভিযন্তা । তাৰে ভিতৰত আছে কেইবাগৰাকীও মহিলা ।
ভাৰতীয় মহাকাশ সংস্থাৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, যদিও চন্দ্ৰযান-২ অভিযানৰ বিপৰীতে চন্দ্ৰযান-৩ অভিযানৰ নেতৃত্বত পুৰুষসকল আছে, এই অভিযানত বহুসংখ্যক মহিলায়ো অৰিহণা যোগাইছে । নাম প্ৰকাশ নকৰাৰ চৰ্তত ইছৰোৰ এজন জ্যেষ্ঠ বিষয়াই আইএএনএছক কয়, "চন্দ্ৰযান-৩ অভিযানত প্ৰায় ৫৪ গৰাকী মহিলা অভিযন্তা-বিজ্ঞানীয়ে কাম কৰিছে । তেওঁলোক বিভিন্ন কেন্দ্ৰত কাম কৰা বিভিন্ন প্ৰণালীৰ সহযোগী আৰু উপ-প্ৰকল্প সঞ্চালক আৰু প্ৰকল্প পৰিচালক ।"
চন্দ্ৰযান-২ আৰু চন্দ্ৰযান-৩ অভিযানৰ মাজত গুৰুত্বপূৰ্ণ বিষয় হৈছে চন্দ্ৰপৃষ্ঠত লেণ্ডাৰৰ মসৃণ অৱতৰণ আৰু ৰ'ভাৰে কৰা কিছুমান ৰাসায়নিক পৰীক্ষা । অৱশ্যে দুয়োটা অভিযানৰ মাজত লেণ্ডাৰৰ বিশেষত্ব, পেলোড পৰীক্ষা আৰু অন্যান্যবোৰৰ মাজত পাৰ্থক্য আছে । চন্দ্ৰযান ২ আৰু ৩ অভিযানৰ মাজত স্পষ্ট পাৰ্থক্য হৈছে দুয়োটা চন্দ্ৰ অভিযানৰ নেতৃত্ব দিয়া লোকসকলৰ লিংগ । চন্দ্ৰযান-২ অভিযানত দুগৰাকী মহিলা পৰিচালক এম ভনিতা আৰু মিছন সঞ্চালক ৰিতু কৰিধল শ্ৰীবাস্তৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।
আনহাতে, চন্দ্ৰযান-৩ অভিযানৰ সঞ্চালক হৈছে মোহন কুমাৰ, বাহন-ৰকেট পৰিচালক হৈছে বিজু চি থমাছ আৰু মহাকাশযান পৰিচালক হৈছে ডঃ পি বীৰামুথুভেল । শুকুৰবাৰে দুপৰীয়া ২.৩৫ বজাত চন্দ্ৰযান-৩ মহাকাশযান কঢ়িয়াই লৈ শ্ৰীহৰিকোটা ৰকেট বন্দৰৰ পৰা ভাৰতীয় ৰকেট এলভিএম৩ উৰা মাৰে । মহাকাশযানখনত এটা লেণ্ডাৰ আৰু এটা ৰ'ভাৰ আছে ।
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই এতিয়ালৈকে হাতত লোৱা চন্দ্ৰ অভিযানৰ কিছু আভাস :
১৫ আগষ্ট, ২০০৩ : তদানীন্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীয়ে চন্দ্ৰযান কাৰ্যসূচী ঘোষণা কৰে ।
২২ অক্টোবৰ, ২০০৮ : চন্দ্ৰযান-১ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৰা মাৰে ।
৮ নৱেম্বৰ, ২০০৮ : চন্দ্ৰযান-১ চন্দ্ৰ স্থানান্তৰ গতিপথত প্ৰৱেশ কৰে ।
১৪ নৱেম্বৰ, ২০০৮ : মুন ইম্পেক্ট প্ৰোব চন্দ্ৰযান-১ৰ পৰা ওলায় আৰু চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হয়- চন্দ্ৰপৃষ্ঠত পানীৰ অণুৰ উপস্থিতি নিশ্চিত কৰে ।
২৮ আগষ্ট, ২০০৯ : ইছৰোৱে চন্দ্ৰযান-১ কাৰ্যসূচীৰ সমাপ্তি ঘোষণা কৰে ।
২২ জুলাই, ২০১৯ : শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা চন্দ্ৰযান-2 উৎক্ষেপণ ।
২০ আগষ্ট, ২০১৯ : চন্দ্ৰযান-২ মহাকাশযান চন্দ্ৰৰ কক্ষপথত নিক্ষেপ কৰা হয় ।
২ ছেপ্টেম্বৰ, ২০১৯ : ১০০ কিলোমিটাৰ চন্দ্ৰ মেৰু কক্ষপথত চন্দ্ৰক প্ৰদক্ষিণ কৰোঁতে বিক্ৰম লেণ্ডাৰ পৃথক হৈ যায়, অৱশ্যে লেণ্ডাৰৰ পৰা গ্ৰাউণ্ড ষ্টেচনলৈ যোগাযোগ চন্দ্ৰপৃষ্ঠৰ পৰা ২.১ কিলোমিটাৰ উচ্চতাত হেৰাই গৈছিল ।
১৪ জুলাই, ২০২৩ : শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ দ্বিতীয় উৎক্ষেপণ পেডৰ পৰা চন্দ্ৰযান-৩ মহাকাশযান উৰা মাৰিবলৈ নিৰ্ধাৰণ কৰা হৈছিল ।
লগতে পঢ়ক :ISRO Chandrayaan 3 : আজি ভাৰতৰ অভিলাষী চন্দ্ৰাভিযান; চন্দ্ৰযান-৩ৰ ১০ বিশেষ বৈশিষ্ট্য়