ETV Bharat / bharat

Short Term Investments: হ্ৰস্বম্যাদী বিনিয়োগত কিয় গ্ৰহণ কৰিব লাগে অতিৰিক্ত সতৰ্কতা ? - equity and future

বৰ্ধিত সুতৰ হাৰ বিবেচনা কৰি সঠিক বাছনি কৰিবলৈ হ্ৰস্বম্যাদী বিনিয়োগকাৰীয়ে (short term investors) অতি সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন । তেতিয়াহে তেওঁলোকৰ কঠিন উপাৰ্জনৰ কোনো লোকচান নোহোৱাকৈ নিশ্চিত ৰিটাৰ্ণ লাভ কৰাৰ সুযোগ থাকিব ।

investment
investment
author img

By

Published : Nov 10, 2022, 2:12 PM IST

নিউজ ডেস্ক, ১০ নৱেম্বৰ : বৰ্তমান বৰ্ধিত সুতৰ হাৰৰ কথা বিবেচনা কৰি বিনিয়োগকাৰীসকলে তেওঁলোকৰ বিনিয়োগ পছন্দ কৰাত অতি সাৱধানতা অৱলম্বনৰ প্ৰয়োজন । বিশেষকৈ যেতিয়া তেওঁলোকে একৰ পৰা পাঁচ বছৰৰ 'হ্ৰস্বম্যাদী বিনিয়োগ'ৰ (short term investments) বাবে আগবাঢ়ে, তেওঁলোকে সঠিক ধৰণৰ আঁচনি সাৱধানে বাছনি কৰা উচিত । তেতিয়াহে তেওঁলোকৰ কঠিন উপাৰ্জনৰ কোনো লোকচান নোহোৱাকৈ নিশ্চিত ৰিটাৰ্ণ লাভ কৰাৰ সুযোগ থাকিব ।

বিনিয়োগ আঁচনি (investment plans) বাছনি কৰাৰ পূৰ্বে প্ৰতিজন সম্ভাৱ্য বিনিয়োগকাৰীয়ে তেওঁলোকৰ সামগ্ৰিক প্ৰয়োজনীয়তা বিবেচনা কৰি বিত্তীয় লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব (investor financial goals) । দীৰ্ঘম্যাদী আঁচনিবোৰে ভাল লাভ প্ৰদান কৰে । আনহাতে, যেতিয়াই আমি প্ৰয়োজন অনুভৱ কৰোঁ তেতিয়াই হ্ৰস্বম্যাদী বিনিয়োগে পুঁজি প্ৰদানৰ সুবিধা প্ৰদান কৰে । সেয়েহে কেৱল সুনিশ্চিত আৰু সুৰক্ষিত হ্ৰস্বম্যাদী বিনিয়োগবোৰ বাছনি কৰাটো অতি গুৰুত্বপূৰ্ণ ।

'Liquid funds'ক হ্ৰস্বম্যাদী বিনিয়োগ হিচাপে বাছনি কৰিব পাৰে । কিয়নো সেইবোৰে কাৰ্যকৰীভাৱে এক প্ৰকাৰৰ আকস্মিক পুঁজি হিচাপে কাম কৰে । বেংক একাউণ্টত সঞ্চয় জমাৰ তুলনাত সেইবোৰে অলপ ভাল উপাৰ্জন দিয়ে । লিকুইড ফাণ্ডক সুৰক্ষিত বিনিয়োগ বুলি গণ্য কৰা হয় । কিয়নো ইয়াক বিনিয়োগৰ তাৰিখৰ পৰা যিকোনো সময়তে ঘূৰাই ল'ব পাৰি । সেইবোৰে কৰৰ পিছতো চাৰিৰ পৰা সাত শতাংশ সুত প্ৰদান কৰে ।

লিকুইড ফাণ্ডৰ ম্যাদ একৰ পৰা ৯০ দিনলৈকে হয় । আটাইতকৈ উল্লেখযোগ্য কথাটো হ'ল, লিকুইড ফাণ্ডৰ মুঠ সম্পদ মূল্য (net asset value) স্থিৰ থাকে আৰু ই কেৱল বিৰল পৰিস্থিতিতহে হ্ৰাস হয় । আন এক বিনিয়োগকাৰী-অনুকূল সুবিধা হৈছে যে এই বিনিয়োগ গোটবোৰ বিক্ৰী কৰাৰ দুইৰ পৰা তিনি দিনৰ ভিতৰতে আমাৰ একাউণ্টত নগদ ধন জমা হয় ।

ইয়াৰ উপৰি 'অতি কম সময়ৰ পুঁজি' (ultra short duration funds) আছে, য'ত মাত্ৰ তিনিৰ পৰা ছয় মাহলৈকে চৰ্তাৱলীৰ বাবে বিনিয়োগ কৰিব পাৰি । এই অতি কম সময়ৰ পুঁজিবোৰে কোম্পানীবোৰক ঋণ প্ৰদান কৰে । এনে কাৰণত লিকুইড ফাণ্ডৰ তুলনাত এই অতি কম সময়ৰ পুঁজিবোৰত অলপ বিপদাশংকাৰ কাৰক থাকে । অৱশ্যে অতি চমু বিনিয়োগে বেঙ্কত স্থিৰ জমাৰ তুলনাত সমান বা অলপ বেছি ৰিটাৰ্ণ প্ৰদান কৰিব ।

যিসকলে ইকুইটি আৰু ফিউচাৰত (equity and future) বিনিয়োগ কৰি অলপ বেছি লাভৰ লক্ষ্য ৰাখিছে তেওঁলোকে 'arbitrage funds' পছন্দ কৰিব পাৰে । তেওঁলোকে প্ৰায় আঠৰ পৰা ন শতাংশ বাৰ্ষিক উপাৰ্জন লাভ কৰিব পাৰে । ইকুইটি পুঁজি নিয়ন্ত্ৰণ কৰা একেই নিয়ম এই পুঁজিৰ জৰিয়তে উপাৰ্জন কৰা লাভৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব । বিনিয়োগকাৰীসকলে তেওঁলোকৰ পুঁজি তিনিৰ পৰা পাঁচ বছৰৰ বাবে এই পুঁজিত জমা ৰাখিব পাৰে ।

বিনিয়োগকাৰীসকলে 'money market funds'ৰ বাবেও যাব পাৰে, যিবোৰ উক্ত মিউচুৱেল ফাণ্ডবোৰৰ ভিতৰত আছে আৰু যিয়ে নিম্নতম বিপদাশংকাৰ কাৰক বহন কৰে । এই পুঁজিবোৰ চৰকাৰী ছিকিউৰিটিত বিনিয়োগ কৰা হয় । এইবোৰ তিনি মাহৰ পৰা এবছৰৰ বাবে বিনিয়োগ কৰাৰ বাবে উপলব্ধ । উচ্চ কৰ শ্লেবত থকাসকলে ফিক্সড ডিপ'জিটৰ বিকল্প হিচাপে এই money market funds বাছনি কৰিব পাৰে ।

লগতে পঢ়ক :Overseas education loans: বিদেশী শিক্ষা ঋণৰ দ্বাৰা প্ৰলোভিত হোৱাৰ পূৰ্বে জানি লওক কিছু কথা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.