ETV Bharat / bharat

Rahul Gandhi Press conference : সাংবাদিকক কিয় সমালোচনা কৰিলে ৰাহুল গান্ধীয়ে ? - Rahul Gandhi reaction after disqualification

সাংসদ পদ খাৰিজৰ পাছতে প্ৰথমবাৰলৈ সংবাদমাধ্যমৰ সন্মুখত মুখ খুলিলে ৰাহুল গান্ধীয়ে (Rahul Gandhi first reaction after disqualification)। এইবাৰ সাংবাদিকক কঠোৰ সমালোচনা ৰাহুলৰ । দেশৰ সংবাদ মাধ্যম বিজেপিৰ নিয়ন্ত্ৰণত আছে । সাংবাদিকক বিজেপিৰ পতাকা বুকুত পিন্ধি আহিবলৈ কিয় ক'লে ৰাহুলে ?

Rahul Gandhi Press conference
সাংবাদিকক কিয় সমালোচনা কৰিলে ৰাহুল গান্ধীয়ে
author img

By

Published : Mar 25, 2023, 10:40 PM IST

নেশ্যনেল ডেস্ক,২৫ মাৰ্চ : সংসদৰ পৰা অযোগ্য ঘোষণা কৰাৰ পাছতে শনিবাৰে সংবাদমেল সম্বোধন কৰিলে ৰাহুল গান্ধীয়ে । সংবাদমেলৰ মাজতে সাংবাদিকৰ বিৰুদ্ধে ৰাহুল গান্ধী জাঙুৰ খাই উঠে । ৰাহুল গান্ধীয়ে অভিযোগ কৰা মতে সংবাদ মাধ্যমে স্বাধীনতা হেৰুৱাইছে (Rahul Gandhi slams Journalist)। সংবাদ মাধ্যমক সম্প্ৰতি শাসকীয় বিজেপিয়ে নিয়ন্ত্ৰণত ৰাখিছে বুলিও বিস্ফোৰক মন্তব্য দিয়ে ৰাহুল গান্ধীয়ে ।

ৰাহুল গান্ধীয়ে অ'বিচিক অপমান কৰা সন্দৰ্ভত বিজেপিৰ অভিযোগৰ বিষয়ে এগৰাকী সাংবাদিকে প্ৰশ্ন কৰাৰ পাছত জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকী ক্ষোভিত হৈ পৰে । কংগ্ৰেছ নেতাগৰাকীয়ে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে একেটা প্ৰশ্নকে সাংবাদিকে তিনিটা পৃথক স্থানৰ পৰা সুধিছে । ৰাহুল গান্ধীয়ে কয় "এয়া আপোনাৰ নিজৰ প্ৰশ্ন নে ? বিজেপিয়ে আপোনাক বাৰে বাৰে একেটা প্ৰশ্ন সুধিবলৈ পঠিয়াইছে নেকি "।

আনকি ৰাহুল গান্ধীয়ে চতুৰ্থ স্তম্ভৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি কয় যে যদি সাংবাদিকগৰাকীয়ে বিজেপিৰ হৈ কাম কৰিব বিচাৰে, তেন্তে তেওঁ অন্ততঃ বুদ্ধিমত্তাৰে কৰা উচিত । তেওঁ সাংবাদিকগৰাকীক অলপ সূক্ষ্মতাৰে ক'বলৈ আহ্বান জনায় ।

আনকি সাংবাদিকগৰাকীক অপমান কৰি তেওঁ কয় যে পৰৱৰ্তী সংবাদমেলত যাতে তেওঁ বুকুত বিজেপিৰ পতাকা পিন লগাই আহে । ইয়াৰ দ্বাৰা তেওঁৰ উত্তৰ দিয়াত সহজ হ'ব যেনেদৰে তেওঁ বিজেপিক উত্তৰ দিয়ে । আনকি ৰাহুলে সাংবাদিকগৰাকী সংবাদকৰ্মীৰ ভাও নল'বলৈও আহ্বান জনায় (Rahul Gandhi Press conference)। অৱশ্যে কিছু মুহূৰ্তৰ পাছতে ৰাহুলে মিচিকিয়াই ক'লে, "হাৱা নিকল গয়ী" । সাংবাদিকগৰাকীয়ে তেওঁৰ আত্মবিশ্বাস হেৰুৱাইছে বুলিও প্ৰশ্ন কৰে । অৱশ্যে ৰাহুল গান্ধীৰ এই ধৰণৰ মন্তব্যৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়া হোৱা দেখা গৈছে ।

ইফালে সংবাদমেলত ৰাহুল গান্ধীয়ে তেওঁৰ সাংসদ পদ খাৰিজ কৰাক লৈ ক্ষোভ প্ৰকাশ কৰে (Rahul Gandhi reaction after disqualification)। কোনো কাৰণতে ৰাহুল গান্ধীয়ে ক্ষমা নিবিচাৰে বুলিও হুংকাৰ দিয়ে । বিজেপিয়ে তেওঁ প্ৰশ্নক লৈ ভয় কৰে বুলিও উল্লেখ কৰে সংবাদমেলত ।

লগতে পঢ়ক :Rahul Gandhi disqualify issue : অযোগ্য ঘোষণাৰ পাছত ৰাহুল গান্ধীৰ প্ৰথম প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.