ETV Bharat / bharat

Odisha Triple Train Accident : কৱচ সুৰক্ষা প্ৰণালীৰ অভাৱতে দুৰ্ঘটনা; ওড়িশাৰ ৰে'ল দুৰ্ঘটনাৰ পিছত অভিযোগ - Atmanirbhar Bharat initiative Kavach

কৱচ হৈছে থলুৱা স্বয়ংক্ৰিয় ৰে'ল সুৰক্ষা ব্যৱস্থা (indigenous Automatic Train Protection Kavach) । এই ব্যৱস্থাই এখন ৰে'লৰ গতিশীল অৱস্থাত ছিগনেল পাৰ হোৱাৰ সময়ত লোকোম'টিভ পাইলটসকলক বিপদৰ পৰা সুৰক্ষা প্ৰদানত সহায় কৰে ।

Odisha Triple Train Accident
Odisha Triple Train Accident
author img

By

Published : Jun 3, 2023, 3:57 PM IST

নিউজ ডেস্ক, ৩ জুন : শুকুৰবাৰে ওড়িশাত সংঘটিত ভয়াৱহ ৰে'ল দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ (Triple train accident in Odisha) । উক্ত দুৰ্ঘটনাৰ পিছতে পুনৰবাৰ উত্থাপন হৈছে ভাৰতীয় ৰে'ল সেৱাত সুৰক্ষা ব্যৱস্থাৰ প্ৰসংগ (Safety measures in Indian railway) । তাৰ মাজতে ৰে'ল বিভাগে শনিবাৰে কয় যে ওড়িশাৰ বালাছোৰ জিলাত শুকুৰবাৰে নিশা তিনিখনকৈ ৰে'ল লাইনচ্যুত হোৱা পথটোত 'কৱচ' সুৰক্ষা ব্যৱস্থা উপলব্ধ নাছিল (Kavach safety system) । যাৰ বাবেই ২৮০ জনকৈ লোক এই পৰ্যন্ত মৃত্যমুখত পৰে । আনহাতে, আহত হয় প্ৰায় ৯০০ জন লোক । ইফালে ৰে'লৱেৰ মুখপাত্ৰ অমিতাভ শৰ্মাই উদ্ধাৰ অভিযান সমাপ্ত হোৱা বুলি কৈ নিশ্চিত কৰে যে পথটোত কৱচ সুৰক্ষা ব্যৱস্থা উপলব্ধ নহয় ।

'কৱচ' কি : 'কৱচ' সুৰক্ষা প্ৰণালীৰ অৰ্থ হৈছে ভাৰতীয় ৰে'লৰ দ্বাৰা পৰিচালিত গতিশীল ৰে'লৰ সুৰক্ষা বৃদ্ধিৰ বাবে থলুৱা স্বয়ংক্ৰিয় ৰে'ল সুৰক্ষা (indigenous Automatic Train Protection Systems) ব্যৱস্থা । বিমান পৰিবহণৰ ক্ষেত্ৰত এয়াৰ ট্ৰেফিক কণ্ট্ৰোলৰ (ATC) দৰে, কৱচ সুৰক্ষা প্ৰণালীৰ উদ্দেশ্য হৈছে শীতকালত ঘন কুঁৱলীৰ দৰে প্ৰতিকূল বতৰৰ পৰিস্থিতিত ৰে'ল চলাচলত সহায় কৰাৰ উপৰি ৰে'ল দুৰ্ঘটনা প্ৰতিহত কৰিবলৈ লোকোমোটিভ পাইলটসকলক ছিগনেল অতিক্ৰম কৰাৰ সময়ত বিপদ (Signal Passing At Danger) পৰিহাৰ কৰাত সহায় কৰা ।

কৱচৰ মুখ্য বৈশিষ্ট্যসমূহ : দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ সংঘৰ্ষ-বিৰোধী পদক্ষেপ হিচাপে স্বয়ংক্ৰিয়ভাৱে ব্ৰেক প্ৰয়োগ কৰাৰ বিশেষ বৈশিষ্ট্য কৱচ ব্যৱস্থাত আছে । কৱচ ব্যৱস্থাৰ মুখ্য বিশেষত্ববোৰৰ ভিতৰত আছে কুঁৱলীৰ পৰিস্থিতিত উন্নত দৃশ্যমানতাৰ বাবে আৰু উচ্চ গতিত আৰু পোনপটীয়া লোকো-টু-লোকো যোগাযোগৰ বাবে কেবিনত স্বয়ংক্ৰিয় ব্ৰেক, লাইন-ছাইড ছিগনেল প্ৰদৰ্শনৰ ব্যৱস্থা ।

২০২২ চনৰ কেন্দ্ৰীয় বাজেটত ৰে'ল মন্ত্ৰালয়ে আত্মনিৰ্ভৰ ভাৰত উদ্যোগৰ অংশ হিচাপে থলুৱা ৰে'ল সুৰক্ষাৰ কথা ঘোষণা কৰিছিল । ৰে'লৱেৰ মতে, মুঠ ২০০০ কিলোমিটাৰ ৰে'লৱে নেটৱৰ্ক থলুৱা বিশ্বমানৰ প্ৰযুক্তি কৱচৰ অধীনলৈ অনাৰ পৰিকল্পনা কৰা হৈছিল (Atmanirbhar Bharat initiative Kavach) । ২৫০ কিলোমিটাৰ পৰীক্ষণ শাখাৰ উপৰি দক্ষিণ মধ্য ৰে'লৱেৰ ১২০০ কিলোমিটাৰ পথত কৱচ কাৰ্যকৰী হৈ আছে ।

শেহতীয়াভাৱে ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে (Railways Minister Ashwini Vaishnaw) লোকসভাক অৱগত কৰিছিল যে প্ৰকল্পটোৰ ব্যয় ১৬.৮৮ কোটি টকা হ'ব । নতুন দিল্লী-হাওৰা আৰু নতুন দিল্লী-মুম্বাই শাখাত কৱচৰ আৰম্ভণিৰ পৰিকল্পনা কৰা হৈছে । এই লক্ষ্যত উপনীত হোৱাৰ তাৰিখ ২০২৪ চনৰ মাৰ্চ মাহ বুলি বৈষ্ণৱে উল্লেখ কৰিছিল । আনহাতে, বৈষ্ণৱে শনিবাৰে কয় যে তেওঁৰ মন্ত্ৰালয়ে দুৰ্ঘটনাটোৰ পুংখানুপুংখ তদন্ত কৰিব আৰু ভৱিষ্যতে যাতে এনে দুৰ্ঘটনা সংঘটিত নহয় সেইটো নিশ্চিত কৰিব ।

ইফালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ওড়িশাৰ ৰে'ল দুৰ্ঘটনাস্থলীত সাহায্য অভিযানত সহায় কৰিবলৈ এইমছ ভুৱনেশ্বৰৰ পৰা বালাছোৰ আৰু কটকৰ বাবে চিকিৎসকৰ দুটা দল প্ৰেৰণ কৰিছে । উল্লেখ্য যে কংগ্ৰেছে শনিবাৰে কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সুৰক্ষা ব্যৱস্থা 'কৱচ'ৰ অভাৱৰ বাবে সমালোচনা কৰে । অশ্বিনী বৈষ্ণৱে বিগত বছৰ ডিচেম্বৰ মাহত কৈছিল যে দক্ষিণ-মধ্য ৰে'লৱেত ১,৪৫৫ কিলোমিটাৰ পথ ইতিমধ্যে কৱচে সামৰি লৈছে আৰু বাকীবোৰতো ইয়াক পৰ্যায়ক্ৰমে ৰূপায়ণ কৰা হৈ আছে ।

লগতে পঢ়ক :Odisha Train Accident : বিশ্বনেতাসকলৰ শোক; দুৰ্ঘটনাত পীড়িতসকলক সহায়ৰ আশ্বাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.