ETV Bharat / bharat

Terror Financing in Canada : কানাডাত সন্ত্ৰাসবাদীক ধন যোগান; ভাৰতে এফএটিএফৰ কাষ চপাৰ অৰ্থ কি ? - New Delhi and Ottawa diplomatic row

খবৰ অনুসৰি, কানাডাই নিজৰ মাটিত সন্ত্ৰাসবাদীক ধন যোগানৰ অনুমতি দিয়াৰ প্ৰমাণসহ ফাইনেন্সিয়েল একচন টাস্ক ফ'ৰ্চৰ কাষ চাপিবলৈ পৰিকল্পনা কৰি আছে ভাৰতে । ভাৰত ইয়াৰ পৰা কেনেকৈ লাভান্বিত হোৱাৰ আশা কৰিব ? কানাডাৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ কি হ'ব ? ই টিভি ভাৰতৰ আৰুণিম ভূঞাৰ বিশেষ প্ৰতিবেদন ।

কানাডাত সন্ত্ৰাসবাদীক ধন যোগান
Terror Financing in Canada
author img

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 5:06 PM IST

নিউজ ডেস্ক, ২৫ অক্টোবৰ : কানাডাত সন্ত্ৰাসবাদীক ধন যোগানৰ বিশ্বাসযোগ্য প্ৰমাণৰ সৈতে ভাৰতে ফাইনেন্সিয়েল একচন টাস্ক ফ'ৰ্চৰ (এফএটিএফ) কাষ চাপিব বুলি এক প্ৰতিবেদন প্ৰকাশ পাইছে । ইয়াৰ লগে লগে নতুন দিল্লী আৰু অটোৱাৰ মাজত কূটনৈতিক বিতৰ্কই বৰ্তমান এক নতুন ৰূপ ল'বলৈ সাজু হৈছে ।

সংবাদ মাধ্যমৰ এক প্ৰতিবেদনত এই বিষয়ত এক ঘনিষ্ঠ সূত্ৰৰ উদ্ধৃতি দি কোৱা হৈছে, "কানাডাই খালিস্তানী উপাদানসমূহক নিজৰ মাটিত মুক্তভাৱে বিচৰণ কৰি থাকিব দিয়া মূল বিষয়টোৰ পৰা মনোযোগ আঁতৰাবলৈ বিচাৰিছে । যাৰ বাবে ভাৰতৰ ওচৰত দেশখনৰ খালিস্তানপন্থী উপাদানসমূহৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ নিষ্ক্ৰিয়তাৰ বিষয়ে এফএটিএফক জনোৱাৰ বাহিৰে আন কোনো বিকল্প নাই ।"

"সেয়েহে, ভাৰতে কানাডাৰ পৰা উদ্ভৱ হোৱা সন্ত্ৰাসবাদী পুঁজি আৰু বিত্তীয় যোগানৰ প্ৰমাণ সংগ্ৰহ কৰি এফএটিএফৰ ওচৰত উপস্থাপন কৰাৰ পৰিকল্পনা কৰি আছে ।" সূত্ৰটোৱে এইদৰে কয় । উল্লেখ্য যে চলিত বছৰৰ আৰম্ভণিতে ৱাণ্টেড খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰ নামৰ এজন নাগৰিকক হত্যা কৰাৰ ক্ষেত্ৰত ভাৰতৰ হাত আছে বুলি সংসদৰ মজিয়াত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ বিস্ফোৰক অভিযোগৰ পিছত ভাৰত আৰু কানাডা এমাহ ধৰি এক বৃহৎ কূটনৈতিক বিতৰ্কত জড়িত হৈ আছে ।

আনহাতে, নতুন দিল্লীয়ে ট্ৰুডোৰ অভিযোগক "অযুক্তিকৰ আৰু অনুপ্ৰেৰিত' বুলি খাৰিজ কৰিছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, "এনে ধৰণৰ ভিত্তিহীন অভিযোগবোৰে খালিস্তানী সন্ত্ৰাসবাদী আৰু উগ্ৰপন্থীসকলৰ পৰা মনোযোগ আঁতৰাব বিচাৰে, যাক কানাডাত আশ্ৰয় দিয়া হৈছে আৰু ভাৰতৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাৰ প্ৰতি ভাবুকি অব্যাহত ৰাখিছে ।"

অৱশ্যে যদিও ভাৰতে ট্ৰুডোৰ পৰা তেওঁৰ অভিযোগ প্ৰমাণ কৰিবলৈ প্ৰমাণ বিচাৰিছে, এতিয়ালৈকে তাৰ একো উত্তৰ অহা নাই । ইয়াৰ পৰিৱৰ্তে ট্ৰুডোৱে ৪১ গৰাকী কানাডিয়ান কূটনীতিবিদক কূটনৈতিক সুৰক্ষা প্ৰত্যাহাৰ কৰি ভিয়েনা সন্মিলন উলংঘা কৰা ভাৰতলৈ অভিযোগৰ আঙুলি টোঁৱাই খালিস্তানী বিচ্ছিন্নতাবাদীসকলক কানাডাত মুক্তভাৱে বিচৰণৰ মূল বিষয়টোৰ পৰা মনোযোগ আঁতৰাবলৈ চেষ্টা কৰি আছে । আনহাতে, ভাৰতে প্ৰমাণ কৰিছে যে তেওঁলোকে ভিয়েনা সন্মিলন উলংঘা কৰা নাই ।

আনহাতে, যদিও ভাৰতে কানাডাৰ ৰাজনীতিত খালিস্তানী সন্ত্ৰাসবাদীসকলক ধন যোগান আৰু সমৰ্থন আগবঢ়োৱাৰ বিষয়ে বিশ্বাসযোগ্য প্ৰমাণ প্ৰদান কৰি আহিছে, অটোৱাই এই বিষয়ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । সেয়েহে ভাৰতে এতিয়া এফএটিএফৰ ওচৰত বিষয়টো উপস্থাপন কৰিবলৈ কানাডাত সন্ত্ৰাসবাদীৰ পুঁজি আৰু বিত্তীয় যোগানৰ প্ৰমাণ সংগ্ৰহ কৰি আছে ।

কিন্তু এফএটিএফ কি ?

এফএটিএফ হৈছে ১৯৮৯ চনত জি৭-ৰ উদ্যোগত প্ৰতিষ্ঠা কৰা এক আন্তঃচৰকাৰী সংগঠন, যাতে ধন সৰবৰাহৰ বিৰুদ্ধে যুঁজিবলৈ আৰু কিছু নিৰ্দিষ্ট বিষয় বৰ্তাই ৰখাৰ বাবে নীতি নিৰ্ধাৰণ কৰা হয় । ২০০১ চনত সন্ত্ৰাসবাদৰ বিত্তীয় যোগান অন্তৰ্ভুক্ত কৰিবলৈ ইয়াক সংশোধন কৰি সম্প্ৰসাৰিত কৰা হয় ।

এফএটিএফৰ উদ্দেশ্য হৈছে মানদণ্ড নিৰ্ধাৰণ কৰা আৰু আন্তৰ্জাতিক বিত্তীয় ব্যৱস্থাৰ অখণ্ডতাৰ বাবে ধন সৰবৰাহ, সন্ত্ৰাসবাদীৰ বিত্তীয় যোগান আৰু অন্যান্য সম্পৰ্কিত ভাবুকিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আইনী, নিয়ামক আৰু কাৰ্যকৰী ব্যৱস্থাৰ কাৰ্যকৰী ৰূপায়ণত উদগনি দিয়া । এফএটিএফে বছৰত তিনিবাৰ জাৰি কৰা দুটা এফএটিএফ ৰাজহুৱা নথিত ধন সৰবৰাহ আৰু সন্ত্ৰাসবাদীৰ বিত্তীয় যোগানৰ বিৰুদ্ধে যুঁজিবলৈ দুৰ্বল ব্যৱস্থা থকা দেশ আৰু অধিকাৰ ক্ষেত্ৰবোৰ চিনাক্ত কৰে । এফএটিএফৰ দ্বাৰা জাৰি কৰা দুখন ৰাজহুৱা নথিক 'উচ্চ-বিপদাশংকা অধিকাৰ ক্ষেত্ৰ' (সাধাৰণতে ব্লেক লিষ্ট বুলি জনা যায়) আৰু 'বৰ্ধিত নিৰীক্ষণৰ অধীনত অধিকাৰক্ষেত্ৰ' (বা গ্ৰে লিষ্ট) বুলি কোৱা হয় ।

আনহাতে, ২০২৩ চনৰ জুন মাহলৈকে এফএটিএফে ১২৫ খনতকৈও অধিক দেশ আৰু অধিকাৰ ক্ষেত্ৰৰ পৰ্যালোচনা কৰিছে আৰু তাৰে ৯৮ খন ৰাজহুৱাভাৱে চিনাক্ত কৰিছে । এই ৯৮ খনৰ ভিতৰত ৭২ খনে ধন সৰবৰাহ আৰু সন্ত্ৰাসবাদীৰ বিত্তীয় যোগানৰ সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁলোকৰ দুৰ্বলতাবোৰ সমাধান কৰিবলৈ প্ৰয়োজনীয় সংস্কাৰ কৰিছে আৰু প্ৰক্ৰিয়াটোৰ পৰা আঁতৰাই দিয়া হৈছে ।

ব্লেক লিষ্টে ধন সৰবৰাহ, সন্ত্ৰাসবাদীৰ বিত্তীয় যোগান প্ৰতিৰোধ কৰিবলৈ গুৰুতৰ কৌশলগত অভাৱ থকা দেশ বা অধিকাৰ ক্ষেত্ৰবোৰ চিনাক্ত কৰে । উচ্চ বিপদাশংকা হিচাপে চিনাক্ত কৰা সকলো দেশৰ বাবে এফএটিএফে সকলো সদস্যক আহ্বান জনায় আৰু সকলো অধিকাৰ ক্ষেত্ৰক বৰ্ধিত যথাযথ পৰিশ্ৰম প্ৰয়োগ কৰিবলৈ আহ্বান জনায় । আনাহাতে, আটাইতকৈ গুৰুতৰ ক্ষেত্ৰত, দেশবোৰক সেই দেশৰ পৰা উদ্ভৱ হোৱা চলিত ধন সৰবৰাহ, সন্ত্ৰাসবাদী বিত্তীয় যোগান আৰু বিত্তীয় বিপদাশংকাৰ পৰা আন্তৰ্জাতিক বিত্তীয় ব্যৱস্থা সুৰক্ষিত কৰাৰ বাবে প্ৰতি-ব্যৱস্থা প্ৰয়োগ কৰিবলৈ আহ্বান জনোৱা হয় । জুন, ২০২৩-লৈকে উত্তৰ কোৰিয়া, ইৰাণ আৰু ম্যানমাৰ এই তালিকাত আছিল ।

গ্ৰে লিষ্টে এফএটিএফৰ সৈতে সক্ৰিয়ভাৱে কাম কৰি থকা দেশবোৰক চিনাক্ত কৰে, যাতে তেওঁলোকৰ শাসনত কৌশলগত অভাৱবোৰ দূৰ কৰিব পৰা যায় । যাৰ দ্বাৰা ধন সৰবৰাহ, সন্ত্ৰাসবাদীৰ বিত্তীয় যোগান প্ৰতিৰোধ কৰিব পাৰি । যেতিয়া এফএটিএফে বৰ্ধিত নিৰীক্ষণৰ অধীনত অধিকাৰ ক্ষেত্ৰ এটা ৰাখে, ইয়াৰ অৰ্থ হৈছে দেশখনে সন্মত সময়সীমাৰ ভিতৰত চিনাক্ত কৰা কৌশলগত ত্ৰুটিবোৰ দ্ৰুততাৰে সমাধান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । জুন, ২০২৩-লৈকে ২৫ খন দেশ এই তালিকাত আছিল ।

এই তালিকাত উল্লেখ কৰা দেশবোৰে আন্তৰ্জাতিক অৰ্থনৈতিক সাহায্য লাভ কৰাত অসুবিধাৰ সন্মুখীন হৈছে । উদাহৰণ স্বৰূপে, পাকিস্তান দীৰ্ঘদিন ধৰি গ্ৰে তালিকাত আছিল । কিন্তু তাৰ পিছত ইয়াৰ বেংকিং আৰু বিত্তীয় ব্যৱস্থাত সংস্কাৰ আৰম্ভ কৰি ইয়াৰ পৰা ওলাই আহে ।

তেন্তে কানাডাৰ পৰা উদ্ভৱ হোৱা সন্ত্ৰাসবাদীৰ বিত্তীয় যোগানৰ ওপৰত ভাৰতে এফএটিএফৰ কাষ চাপি অহাটোৱে কি বুজায় ? যি কি নহওক, কানাডা নিজেই এফএটিএফ গঠন কৰা গ্ৰুপ জি৭-ৰ সদস্য ।

স্বতন্ত্ৰ থিংক টেংক ইমাগইণ্ডিয়াৰ সভাপতি আৰু ভাৰত-কানাডা সম্পৰ্ক নিবিড়ভাৱে নিৰীক্ষণ কৰা ৰবিন্দৰ সচদেৱৰ মতে, পেৰিছস্থিত প্ৰহৰী সংস্থাটোৰ কাম-কাজ অতি আমোলাতান্ত্ৰিক প্ৰকৃতিৰ ।

"ভাৰতে যি কৰি আছে সেয়া হৈছে সন্ত্ৰাসবাদীৰ বিত্তীয় যোগানৰ সৈতে মোকাবিলা কৰিবলৈ কানাডাৰ ওপৰত আমোলাতান্ত্ৰিক স্ক্ৰু কঠোৰ কৰা ।" সচদেৱে কয় । "এফএটিএফৰ নিৰ্দিষ্ট মাপকাঠি আছে, যাৰ ভিতৰতে ই ইয়াৰ অনুসন্ধান কৰে ।"

ভাৰতে এফএটিএফৰ জৰিয়তে যিটো বিচাৰিবলৈ চেষ্টা কৰি আছে সেয়া হ'ল কানাডিয়ান বেংকিং প্ৰণালীত কেৱাইচি নিয়মবোৰ কিমান কঠোৰ সেয়া জনাটো । বাহিৰৰ পৰা অহা ধন নিৰীক্ষণ কৰিবলৈ কানাডাত বেঙ্কিং নিয়মাৱলী কি ? যদি কোনো অবৈধ উৎসৰ পৰা ধন ওলোৱা দেখা যায়, ধন লাভ কৰা কৰ্তৃপক্ষক আদালতলৈ লৈ যাব পাৰিনে ? ধন লাভ কৰা সত্তাটোক কাৰাগাৰত ৰাখিব পাৰিনে ?

এফএটিএফে নিজে কানাডাক ধন সৰবৰাহ আৰু সন্ত্ৰাসবাদীৰ বিত্তীয় যোগানৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ বাধ্য কৰিব নোৱাৰে । ই কৰিব পৰা কামটো হৈছে কানাডাক এক নিৰ্ধাৰিত সময়সীমা নিৰ্ধাৰণ কৰিবলৈ হেঁচা দিয়া, যাৰ ভিতৰত অবৈধ উৎসৰ পৰা বা হাৱালাৰ জৰিয়তে ধন লাভ কৰা ব্যক্তি বা সংগঠন এটাৰ ওপৰত আইনী ব্যৱস্থা ল'ব পাৰি । ই কানাডাক অপৰাধৰ মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰি কাৰাগাৰৰ ম্যাদৰ সময়সীমা নিৰ্ণয় কৰিবলৈ হেঁচা দিব পাৰে ।

"কানাডাত কোনো ব্যক্তি বা সংগঠনে বিদেশৰ পৰা এক মিলিয়ন ডলাৰ বৃহৎ পৰিমাণৰ ধন লাভ কৰে ।" সচদেৱে ব্যাখ্যা কৰে । "ধন লাভ কৰা সংস্থাটোৱে হয়তো দাবী কৰিব পাৰে যে এই ধন কোনো হৃদয়ৱান দাতাৰ পৰা আহিছে, ধৰা হওক চাইপ্ৰাইছ । ভাৰতে যিটো বিচাৰিব পাৰে সেয়া হ'ল কানাডিয়ান বেংকবোৰে কোনো সন্দেহজনক লেনদেনত ধনৰ উৎপত্তি পৰীক্ষা কৰিবলৈ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক কোনো বিসংগতিৰ বিষয়ে জনোৱাৰ ব্যৱস্থা আছে নেকি ।"

অৱশ্যে পৰিশেষত ক'ব পাৰি যে যদি কানাডা এফএটিএফৰ দ্বাৰা তদন্তৰ অধীনৈ আহে, তেন্তে এক উন্নত ৰাষ্ট্ৰ হিচাপে ইয়াৰ ভাবমূৰ্তি ক্ষতিগ্ৰস্ত হ'ব ।

লগতে পঢ়ক :Amritpal Singh: কাৰাৰুদ্ধ অমৃতপাল সিঙৰ পিতৃক বিদেশ যাত্ৰাত বাধা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.