ETV Bharat / bharat

Article 370 case : অনুচ্ছেদ ৩৭০ গোচৰত ওকালতি কৰা শিক্ষকক নিলম্বন; স্বাধীনতাক লৈ প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 2:20 PM IST

উচ্চতম ন্যায়ালয়ে এটৰ্নি জেনেৰেলক শ্ৰীনগৰৰ চৰকাৰী বিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ জ্যেষ্ঠ শিক্ষক জহুৰ আহমদ ভাটক নিলম্বন কৰা সন্দৰ্ভত জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰৰ সৈতে আলোচনা কৰিবলৈ কয় । উল্লেখ্য যে, জহুৰ আহমদে শীৰ্ষ ন্যায়ালয়ত ব্যক্তিগতভাৱে উপস্থিত হৈ পূৰ্বৰ জম্মু-কাশ্মীৰ ৰাজ্যক বিশেষ মৰ্যাদা প্ৰদান কৰা অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ বিৰুদ্ধে যুক্তি দৰ্শাইছিল ।

Article 370 case
Article 370 case

নিউজ ডেস্ক, ২৮ আগষ্ট : উচ্চতম ন্যায়ালয়ে সোমবাৰে এটৰ্নি জেনেৰেল আৰ ভেংকটৰমণীক শ্ৰীনগৰৰ জৱাহৰ নগৰত অৱস্থিত চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ জ্যেষ্ঠ শিক্ষক জহুৰ আহমদ ভাটক নিলম্বন কৰা সন্দৰ্ভত জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰৰ সৈতে আলোচনা কৰিবলৈ কয় । জহুৰ আহমদ ভাটে শীৰ্ষ আদালতত ব্যক্তিগতভাৱে উপস্থিত হৈ অনুচ্ছেদ ৩৭০ বাতিলৰ বিৰুদ্ধে বিতৰ্কত ভাগ লৈছিল । উল্লেখ্য যে অনুচ্ছেদ ৩৭০-এ পূৰ্বৰ জম্মু-কাশ্মীৰ ৰাজ্যক বিশেষ মৰ্যাদা প্ৰদান কৰিছিল ।

জ্যেষ্ঠ অধিবক্তা কপিল চিব্বাল আৰু ৰাজীৱ ধৱনে জহুৰ আহমদ ভাটক নিলম্বন কৰাৰ বিষয়টো শীৰ্ষ ন্যায়ালয়ৰ সন্মুখত উল্লেখ কৰে । চিব্বালে কয় যে তেওঁ অলপতে আদালতত হাজিৰ হৈ অনুচ্ছেদ ৩৭০-ৰ সপক্ষে যুক্তি উপস্থাপন কৰিছিল । তেওঁৰ নিলম্বন উচিত নহয় আৰু গণতন্ত্ৰই এনেদৰে কাম নকৰে ।

উল্লেখ্য যে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত আৰু ন্যায়াধীশ এছ কে কৌল, সঞ্জীৱ খান্না, বি আৰ গাভাই আৰু সূৰ্য কান্তক লৈ গঠিত পাঁচজনীয়া সংবিধান বিচাৰপীঠে জম্মু-কাশ্মীৰৰ পূৰ্বৰ ৰাজ্যক বিশেষ মৰ্যাদা প্ৰদান কৰা অনুচ্ছেদ ৩৭০ বাতিলক প্ৰত্যাহ্বান জনোৱা এটা গোটৰ আবেদনৰ শুনানি গ্ৰহণ কৰি আছে ।

মুখ্য ন্যায়াধীশে কয় যে, যদি আন কিবা কাৰণ আছে, তেন্তে সেই কথাটো বেলেগ । কিন্তু তেওঁক আদালতত উপস্থিত হৈ নিজৰ মত প্ৰকাশৰ পিছত তেওঁক নিলম্বন কৰা হৈছে । আনহাতে, ন্যায়াধীশ কৌলে মেহতাক কয় যে বিতৰ্ক আৰু আদেশৰ মাজত ঘনিষ্ঠতা আছে ।

বিচাৰপীঠে এজি আৰু ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক কয় যে, অনুচ্ছেদ ৩৭০ বিষয় আৰু নিলম্বনত আদালতৰ সন্মুখত তেওঁৰ উপস্থিত হোৱাৰ নিকটতা এনেকুৱা এটা বিষয়, যিটো চিন্তাৰ কাৰণ । মেহতাই কয় যে, জম্মু-কাশ্মীৰ প্ৰশাসনৰ বিষয়াসকলে ইয়াক চোৱা-চিতা কৰিব । আনহাতে, নিলম্বনৰ সময় সঠিক যেন নালাগে বুলিও তেওঁ স্বীকাৰ কৰে ।

এই সন্দৰ্ভত শীৰ্ষ ন্যায়ালয়ে কয় যে, যদি ইয়াৰ অন্তৰালত আন কিবা বিষয় আছে তেন্তে সেইটো এটা পৃথক বিষয় । লগতে এজিক জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰৰ সৈতে আলোচনা কৰিবলৈ আৰু এই সন্দৰ্ভত কি কৰিব পাৰি সেয়া চাবলৈ কয় । মেহতাই কয় যে, ইয়াত আন কিছুমান কাৰণ আছে । কিয়নো তেওঁ শিক্ষকতা বৃত্তিৰ পৰা ছুটী লৈ বিভিন্ন বিষয়ত আদালতত হাজিৰ হৈ আছে ।

কিন্তু বিচাৰপীঠে মেহতাক এই ক্ষেত্ৰত বাধা দি সোধে, "তেনেহ'লে ইমান স্বাধীনতাৰ কি হ'ব ?" উত্তৰত মেহতাই কয় যে সকলোৰে আদালতত হাজিৰ হোৱাৰ অধিকাৰ আছে আৰু এইটো কেতিয়াও প্ৰতিশোধৰ দ্বাৰা হ'ব নোৱাৰে । বিষয়াসকলে এই চিন্তা সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰিব ।

উল্লেখ্য যে, যোৱা সপ্তাহত জম্মু-কাশ্মীৰ প্ৰশাসনে এজন চৰকাৰী শিক্ষকক নিলম্বন কৰিছিল । তেওঁ অলপতে উচ্চতম ন্যায়ালয়ত অনুচ্ছেদ ৩৭০-ৰ সপক্ষে যুক্তি উপস্থাপন কৰিছিল । ভাটক উচ্চতম ন্যায়ালয়ত হাজিৰ হোৱাৰ বাবে নিলম্বিত কৰা হৈছিল । তেওঁ অনুচ্ছেদ ৩৭০ বাতিল আৰু ইয়াৰ সৈতে জড়িত অনুচ্ছেদ ৩৫-এৰ বিৰুদ্ধে ওকালতি কৰিছিল ।

এক চৰকাৰী বিবৃতিত চৰকাৰে ভাটৰ নিলম্বনক 'তেওঁৰ আচৰণৰ তদন্ত চলি থকা পৰ্যন্ত নিলম্বন' বুলি ঘোষণা কৰে । এই নিলম্বন জম্মু-কাশ্মীৰ অসামৰিক সেৱা নিয়মাৱলী (Jammu and Kashmir Civil Services Regulations, CSR), জম্মু-কাশ্মীৰ চৰকাৰী কৰ্মচাৰী (আচৰণ) ১৯৭১ চনৰ নিয়মাৱলী আৰু জম্মু-কাশ্মীৰ ছুটী নিয়মত উল্লেখ কৰা ব্যৱস্থাৰ উলংঘনৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল । আনহাতে, নিলম্বনৰ আদেশত ভাটক তেওঁৰ নিলম্বনৰ সময়ছোৱাত জম্মুৰ বিদ্যালয় শিক্ষাৰ সঞ্চালকৰ কাৰ্যালয়ত প্ৰতিবেদন দিবলৈও নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক :Manipur violence : মণিপুৰত আৰক্ষীৰ অভিযানত জব্দ ৩০ টা অস্ত্ৰ, ৩৬৬২ জনক আটক

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.