ETV Bharat / bharat

উপযুক্ত চিকিৎসাৰ অভাৱত কলকাতাত মৃত্যু ক'ভিড আক্ৰান্ত মহিলাৰ

author img

By

Published : Apr 23, 2021, 5:40 PM IST

বুধবাৰে কলকাতাৰ এগৰাকী মহিলাই দেহত কৰ'ণাৰ কিছু লক্ষণ দেখাৰ পিছতে ৰেপিড এণ্টিজেন পৰীক্ষা কৰিছিল । তাইৰ পৰীক্ষাৰ ফলাফল অহা নাছিল যদিও পিছদিনা পুৱালৈ তাই শ্বাস প্ৰশ্বাসত কষ্ট পাবলৈ আৰম্ভ কৰিছিল । কিন্তু পজিটিভ ফলাফল অহা নাছিল বাবে তাইক কোনো হাস্পতালে ভৰ্তি কৰিব বিচৰা নাছিল ।

উপযুক্ত চিকিৎসাৰ অভাৱত কলকাতাত মৃত্যু ক'ভিড আক্ৰান্ত মহিলাৰ
উপযুক্ত চিকিৎসাৰ অভাৱত কলকাতাত মৃত্যু ক'ভিড আক্ৰান্ত মহিলাৰ

নেশ্যনেল ডেস্ক,২৩ এপ্ৰিল: দেশত কৰ'ণাৰ দ্বিতীয় ঢৌৱে কালৰূপ ধাৰণ কৰিছে । ইয়াৰ মাজতে দেশত ক'ভিড ৰোগী আৰু পৰিয়ালে বিভিন্ন হাৰাশাস্তি ভোগ কৰিবলগীয়া হোৱা বুলিও এক অভিযোগ উত্থাপন হৈছে । ইয়াৰ মাজতে কলকাতাত চাঞ্চল্যকৰ ঘটনা । উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যু এগৰাকী ক'ভিড আক্ৰান্ত মহিলাৰ । মৃত্যুৰ ১৫ ঘণ্টাৰ পিছতো প্ৰশাসনৰ লোকে এবাৰলৈ খবৰ নোলোৱাৰ অভিযোগ উঠিছে ।

উল্লেখ্য যে বুধবাৰে মহিলাগৰাকীয়ে দেহত কৰ'ণাৰ কিছু লক্ষণ দেখাৰ পিছতে ৰেপিড এণ্টিজেন পৰীক্ষা কৰিছিল । তাইৰ পৰীক্ষাৰ ফলাফল অহা নাছিল যদিও পিছদিনা পুৱালৈ তাই শ্বাস-প্ৰশ্বাসত কষ্ট পাবলৈ আৰম্ভ কৰিছিল । কিন্তু পজিটিভ ফলাফল অহা নাছিল বাবে তাইক কোনো হাস্পতালে ভৰ্তি কৰিব বিচৰা নাছিল ।

ইফালে তাইৰ অৱস্থা অতি বেয়া হৈ পৰিছিল । তাইৰ পৰিয়ালৰ সদস্যসকলে ব্যক্তিগতভাৱে অক্সিজেন চিলিণ্ডাৰৰ ব্যৱস্থা কৰিব পৰালৈকে ইতিমধ্যে তাইৰ মৃত্যু হৈছিল । তাইৰ মৃ্ত্যুৰ পিছত পৰীক্ষাৰ ফলাফলে প্ৰমাণ কৰে যে তাই ক'ভিড-১৯ আক্ৰান্ত আছিল ।

তাইৰ মৃত্যুৰ পিছতো পৰিয়ালৰ সদস্যসকলে চৰম দুৰ্দশা ভুগিব লগীয়া হৈছিল । কাৰণ মৃতদেহটো প্ৰায় ১৫ ঘণ্টা ধৰি ঘৰতে ৰাখিব লগীয়া হৈছিল । বিভাগীয় কতৃপক্ষক অৱগত কৰাৰ পিছতো কোনো সেই স্থানত উপস্থিত হোৱা নাছিল । ভাইৰাছ সংক্ৰমিত হ'ব পাৰে বুলি আনকি চুবুৰীয়াসকলেও সহায় কৰিবলৈ অহা নাছিল ।

লগতে পঢ়ক:ত্ৰিপুৰাত তৰমুজ খেতিৰে উদ্যোগপতি হোৱাৰ সপোন এজন খেতিয়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.