ETV Bharat / bharat

IMD weather forecast : দেশৰ কেইবাখনো ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

author img

By

Published : Jul 27, 2023, 2:12 PM IST

জম্মু-কাশ্মীৰৰ পৰা দক্ষিণ ভাৰতলৈ বিভিন্ন স্থানত বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । বহু স্থানত বান পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে । মুখ্য নদী-উপনদীসমূহো ওফন্দি উঠিছে । ইয়াৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পুনৰ বৰষুণৰ আগজাননী দিছে । অৰেঞ্জ এলাৰ্টো জাৰি কৰিছে বিভাগে । কোন কেইখন ৰাজ্যত বৰষুণৰ সম্ভাৱনা আছে ?

IMD rain forecast
দেশৰ কেইবাখনো ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

নেশ্যনেল ডেস্ক, ২৭ জুলাই : দেশৰ ভিন্ন প্ৰান্তত প্ৰকৃতিৰ তাণ্ডৱ অব্যাহত আছে । কেইবাখনো ৰাজ্যত ধাৰাসাৰ বৰষুণ আৰু বানে কালৰূপ ধাৰণ কৰিছে । ইয়াৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বিভিন্ন ৰাজ্যত ধাৰাসাৰ বৰষুণৰ আগজাননী দিছে । বতৰ বিজ্ঞান বিভাগৰ মতে দিল্লী-এনচিআৰ আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলত বৰষুণ অব্যাহত আছে ।

একে সময়তে, অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ পূৰ্বানুমান অনুসৰি, বৃহস্পতিবাৰে পূব মধ্য ভাৰতত প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, উত্তৰ হাৰিয়ানা আৰু পশ্চিম উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । আনহাতে ২৮ৰ পৰা ৩০ জুলাইৰ ভিতৰত পূৱ ভাৰতত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

হিমাচল প্ৰদেশত, বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ৩ দিনৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে । ইয়াৰ বাবে, বতৰ বিজ্ঞান বিভাগে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে । চিমলা, চোলান, বিলাসপুৰ মাণ্ডি, কাংৰা, চম্বা, হামিৰপুৰ, উনা জিলাত ধাৰাসাৰ বৰষুণ, ভূমিস্খলন, ডাৱৰ বিস্ফোৰণ আদিৰ সম্ভাৱনা আছে । ইয়াৰ মাজতে জানিব পৰা গৈছে যে তেলেংগানাৰ মুলুগুৰ মুতিয়ালা ধাৰা জলপ্ৰপাতৰ সমীপত ৪০ জনতকৈও অধিক পৰ্যটক আবদ্ধ হৈ আছে । আনহাতে এনডিআৰএফৰ দলে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ।

ইফালে মঙলবাৰে পুৱাৰে পৰা উপকূলীয় অন্ধ্ৰ প্ৰদেশৰ কমেও ৫টা স্থানত ধাৰাসাৰ বৰষুণ হোৱা দেখা গৈছে । বুধবাৰে এগৰাকী বিষয়াই পিটিআইক জনোৱা মতে আনাকাপল্লী জিলাৰ নৰসীপট্টনম আৰু এলুৰু জিলাৰ নুজিভিডুত ১২ চেঃমিঃ বৰষুণ হৈছে । এলুৰু চহৰত ১১ চেমি বৰষুণ, আল্লুৰি সীথামাৰাজু জিলাৰ চিন্টুৰ আৰু কৃষ্ণা জিলাৰ মছলিপট্টনমত ১০ চেঃমিঃ বৰষুণ হয় ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ২৪ ঘণ্টাৰ ভিতৰত ৬৪.৫ মিঃমিঃ (৬.৪৫ চেঃমিঃ)ৰ পৰা ১১৫.৫ মিঃমিঃ (১১.৫ চেঃমিঃ) পৰ্যন্ত বৰষুণক 'ধাৰাসাৰ বৰষুণ' বুলি কোৱা হয় আৰু একে সময়তে ১১৫.৬ মিঃমিঃৰ পৰা ২০৪.৪ মিঃমিঃৰ ভিতৰত বৰষুণক 'প্ৰবল ধাৰাসাৰ বৰষুণ' বুলি গণ্য কৰা হয় । অন্ধ্ৰ প্ৰদেশৰ উত্তৰ অংশ আৰু ওড়িশাৰ দক্ষিণ উপকূলৰ ওচৰত পশ্চিম-মধ্য আৰু ইয়াৰ কাষৰীয়া উত্তৰ-পশ্চিম বংগোপসাগৰত নিম্ন চাপৰ ফলত বুধবাৰে আৰু বৃহস্পতিবাৰে উপকূলীয় অন্ধ্ৰ প্ৰদেশ আৰু ৰায়ল সীমাৰ বহু ঠাইত মধ্যমীয়া বৰষুণ (১৫.৬ মিঃমিঃৰ পৰা ৬৪.৪ মিঃমিঃ) হোৱাৰ সম্ভাৱনা আছে ।

#WATCH | Waterlogging in a market area in Telangana's Warangal due to continuous heavy rainfall in the area pic.twitter.com/bBBWeLEC81

— ANI (@ANI) July 26, 2023

বতৰ বিজ্ঞান বিভাগে বৃহস্পতিবাৰে এলুৰু, এনটিআৰ, পালনাডু, গুন্টুৰ আৰু কৃষ্ণা জিলাৰ কিছুমান ঠাইত প্ৰবল ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে । প্ৰাকচম, বাপটলা, পশ্চিম গোদাৱৰী আৰু আল্লুৰী সীতাৰামাৰাজু জিলাৰো একাংশ স্থানত প্ৰবল ধাৰাসাৰ বৰষুণৰ সম্ভৱনাৰ কথা কৈছে । একে সময়তে, বিভাগটোৱে কনসীমা, কাকিনাডা, পূব গোদাৱৰী, কুৰ্ণুল, নন্দিয়াল আৰু অনন্তপুৰ জিলাৰ কিছুমান ঠাইত ধাৰাসাৰ বৰষুণৰ আগজাননী দিছে ।

বতৰ বিজ্ঞান বিভাগৰ মতে শুকুৰবাৰেও আল্লুৰি সীতাৰামাৰাজু আৰু এলুৰু জিলাৰ কিছুমান ঠাইত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে । যাৰ বাবে মাছমৰীয়াসকলক সাগৰলৈ যাত্ৰা নকৰাৰ পৰামৰ্শ দিয়া হৈছে । কিয়নো পশ্চিম-মধ্য আৰু ইয়াৰ কাষৰীয়া উত্তৰ-পশ্চিম বংগোপসাগৰত প্ৰতি ঘণ্টাত ৪৫-৫৫ কিলোমিটাৰ প্ৰতি ঘণ্টাত বতাহে গতি কৰাৰ সম্ভাৱনা আছে । বতৰ বিজ্ঞান বিভাগে লগতে বানপানী, ভূমিস্খলন, গছ-গছনি ভাগি পৰা, শস্যৰ ক্ষতি আৰু যান-বাহনৰ ক্ষতি আদিৰ দৰে সমস্যাৰ বাবে প্ৰশাসনক সাজু হৈ থাকিবলৈ কোৱা হৈছে ।

  • अगले 3 दिन तक बारिश रहेगी और इन दिनों के लिए हमने ऑरेंज अलर्ट रखा है। शिमला, सोलन, बिलासपुर मंडी, कांगड़ा, चंबा, हमीरपुर, ऊना ज़िलों में भारी बारिश होने की संभवना है। भूस्खलन, बादल फटने आदि की अभी भी संभावना है और धुंध भी रहेगी: सुरेंद्र पाल, IMD, शिमला pic.twitter.com/estvBW3mo9

    — ANI_HindiNews (@AHindinews) July 26, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে বুধবাৰে প্ৰবল বৃষ্টিপাতৰ বাবে মুম্বাইত যান-বাহনৰ চলাচলত সমস্যাৰ সৃষ্টি হৈছে । বৃহস্পতিবাৰেও মুম্বাই, থানে, ৰায়গড় আৰু পালঘৰ জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে । বিভাগে এই সময়ত কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে ।

স্কাইমেট ৱেডাৰৰ মতে, পৰৱৰ্তী ২৪ ঘণ্টাত অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, কৰ্ণাটক, কোংকন আৰু গোৱাত মধ্যমীয়াৰ পৰা ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পাঞ্জাৱ, হাৰিয়ানা, চণ্ডিগড় আৰু দিল্লী, পূব ৰাজস্থান, কোংকন আৰু গোৱা, মধ্য মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ বিভিন্ন স্থানত ধাৰাসাৰৰ পৰা প্ৰবল ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

উত্তৰ আৰু মধ্য ৰাজস্থান, মধ্য মহাৰাষ্ট্ৰ, কেৰালা, দক্ষিণ আভ্যন্তৰীণ কৰ্ণাটক, লক্ষদ্বীপ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, ওড়িশা, পশ্চিমবংগ, ঝাৰখণ্ড, ছত্তীশগড়, বিহাৰৰ কিছু অংশ আৰু উত্তৰ-পূব ভাৰতৰ বাকী অংশত পাতলৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :Bengaluru flood : বানৰ ফলত কৰ্ণাটকত নিহত ৩৮, ভুক্তভোগী পৰিয়াললৈ ৫ লাখ টকাকৈ সাহায্য ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.