ETV Bharat / bharat

Pak Minister war threat to India: আমাৰ লগত এট’ম বোমা আছে - চৰকাৰী মুখপাত্ৰ অৰিন্দম বাগচীয়ে

শেহতীয়াকৈ ভাৰতে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাৱাল ভুট্টো জাৰ্দাৰীক (Pakistan Foreign Minister Bilawal Bhutt Zardari) তীব্ৰ সমালোচনা কৰাৰ এদিনৰ পিচতে পাকিস্তান পিপলছ পাৰ্টিৰ নেতা শ্বাজিয়া মাৰিয়ে (Pakistan Peoples Party leader Shazia Marri)ভাৰতক পাৰমাণৱিক যুদ্ধৰ ভাবুকি দিছে ৷

"We are responsible nuclear state": Pak Minister tones down 'war' threat to India
আমাৰ লগত এট’ম বোমা আছে: ভাৰতক ভাবুকি পাকিস্তানৰ
author img

By

Published : Dec 18, 2022, 1:33 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 18 ডিচেম্বৰ: ভাৰতক পুনৰ ভয় ভাবুকি পাকিস্তানৰ ৷ শেহতীয়াকৈ ভাৰতে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাৱাল ভুট্টো জাৰ্দাৰীক (Pakistan Foreign Minister Bilawal Bhutt Zardari) তীব্ৰ সমালোচনা কৰাৰ এদিনৰ পিচতে পাকিস্তান পিপলছ পাৰ্টিৰ নেতা শ্বাজিয়া মাৰিয়ে (Pakistan Peoples Party leader Shazia Marri)ভাৰতক পাৰমাণৱিক যুদ্ধৰ ভাবুকি দিয়ে ৷

এক সংবাদমেলযোগে পাকিস্তানী মন্ত্ৰী শ্বাজিয়া মাৰিয়ে (Shazia Marri threatened New Delhi) কয়, "ভাৰতে পাহৰিব নালাগে যে পাকিস্তানৰ ওচৰত পৰমাণু বোমা আছে ৷ আমাৰ পাৰমাণৱিক স্থিতি নীৰৱ হৈ থকাৰ বাবে নহয় ৷ ইয়াৰ প্ৰত্যুোত্তৰ দিবলৈ আমি জানো ৷ যদি আপুনি বাৰে বাৰে পাকিস্তানৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি থাকে, পাকিস্তানে নীৰৱে শুনি থাকিব নোৱাৰে ৷ আমাৰ লগত এট’ম বোমা আছে (Pak threatened to India) ৷"

ইয়াৰ পিচতে মন্ত্ৰীগৰাকীয়ে টুইটাৰত উল্লেখ কৰে যে পাকিস্তান এখন দায়িত্বশীল পাৰমাণৱিক ৰাষ্ট্ৰ ৷ ভাৰতীয় সংবাদমাধ্যমৰ কিছু লোকে আতংক সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে ৷ সন্ত্ৰাসবাদৰ বিৰুদ্ধে হোৱা যুঁজত পাকিস্তানে ভাৰততকৈ বহু বেছি ত্যাগ কৰিছে ৷ শাসনাধিষ্ঠিত মোডী চৰকাৰে ভাৰতত উগ্ৰবাদ আৰু ফেচিবাদক অত্যাধিক মাত্ৰাত প্ৰচাৰ কৰিছে (Modi government is promoting extremism )৷

বিলাৱালৰ 'আপত্তিজনক' মন্তব্য সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয়, "এই মন্তব্য পাকিস্তানৰ বাবেও নিম্ন মন্তব্য ৷ পাকিস্তানৰ বৈদেশিক মন্ত্ৰীৰ তেওঁৰ নিজৰ দেশৰ সন্ত্ৰাসবাদী উদ্যোগসমূহৰ মাষ্টাৰমাইণ্ডসকলক নিয়ন্ত্ৰণ কৰিব নোৱাৰি হতাশ হৈছে ৷ এওঁলোকে সন্ত্ৰাসবাদক তেওঁলোকৰ ৰাজ্যিক নীতিৰ এক অংশ কৰি তুলিছে ৷ পাকিস্তানে নিজৰ মানসিকতা সলনি কৰিব লাগিব ৷"

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক (PM Narendra Modi) পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাৱাল ভুট্টো জাৰ্দাৰীয়ে "অশালীন বিস্ফোৰণ" বুলি অভিহিত কৰিছিল ৷ ভুট্টোৱে প্ৰধানমন্ত্ৰী মোডীকো ব্যক্তিগতভাৱে আক্ৰমণ কৰাৰ লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)কো টাৰ্গেট কৰি সমালোচনা কৰিছিল ৷ আমেৰিকাত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অধিৱেশনৰ সময়ত এক সংবাদমেলত বিলাৱাল ভুট্টোৱে অভিযোগ কৰে যে মহাত্মা গান্ধীৰ পৰিৱৰ্তে ভাৰত চৰকাৰে হিটলাৰৰ দ্বাৰা প্ৰভাৱিত হৈছে বুলি মন্তব্য প্ৰকাশ কৰিছিল ৷

ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ( External Affairs Minister S Jaishankar )বৃহস্পতিবাৰে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা আৰু বিস্তাৰত ইয়াৰ ভূমিকাৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি এখন ভাল চুবুৰীয়া ৰাষ্ট্ৰ হ’বলৈ পৰামৰ্শ দিয়ে ৷ ভাৰতত সন্ত্ৰাস বিয়পোৱাৰ অভিযোগ উত্থাপন কৰা এজন পাকিস্তানী সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জয়শংকৰে উত্তৰ দিছিল, "আপুনি ভুল মন্ত্ৰীক এই প্ৰশ্ন সুধিছে ৷ পাকিস্তানৰ মন্ত্ৰীসকলেহে ক'ব যে পাকিস্তানে কিমান দিন সন্ত্ৰাসবাদৰ অনুশীলন কৰিব বিচাৰে ৷"

লগতে পঢ়ক: GOC-in-c on India China Face off: ভাৰতীয় সেনাৰ হাতত সুৰক্ষিত হৈ আছে দেশৰ সীমান্ত: ৰাণা প্ৰতাপ কলিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.