ETV Bharat / bharat

মমতাৰ অপশাসনৰ ২ মে'ত অন্ত হ'ব: যোগী আদিত্যনাথ

author img

By

Published : Mar 16, 2021, 5:01 PM IST

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে পশ্চিমবংগত তিনিটা নিৰ্বাচনী সমাৱেশ সম্বোধন কৰি বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক দিয়ে প্ৰত্যাহ্বান ৷ ২ মে'ত ভোট গণনা কৰিলে মমতা বেনাৰ্জী শাসন সমাপ্ত হ'ব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৷

মমতাৰ অপ শাসন ২মে'ত অন্ত হ'ব: যোগী আদিত্যনাথ

নেশ্যনেল ডেস্ক,16 মাৰ্চ: মঙলবাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে পশ্চিমবংগৰ পুৰুলিয়া, বাংকুৰা আৰু পশ্চিম মেদিনীপুৰত এক ৰাজহুৱা ৰেলীত অংশগ্ৰহণ কৰে ৷ লগতে পুৰুলিয়াত এক বিশাল জনসভাতো অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ এই জনসভাৰ পৰাই পশ্চিমবংগৰ চৰকাৰক তীব্ৰ ভাষাৰে কটু সমালোচনা কৰা পৰিলক্ষিত হয় ৷ এই জনসভাৰ পৰাই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে, অখিল ভাৰতীয় তৃণমূল কংগ্ৰেছৰ দোষী সকলক 2 মে’ত দণ্ডিত কৰা হ’ব ৷

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে, জন সাধাৰণৰ আৰ্শীবাদ সদায় ভাৰতীয় জনতা পাৰ্টীৰ ওপৰত থাকিব ৷ আনহাতে, গোৱালক আঘাত কৰি গো-হত্যাৰ অপৰাধত ওকালতি কৰা তৃণমূল কংগ্ৰেছৰ মন্ত্ৰীসকলক তীব্ৰ ভাষাৰে সমালোচনাও কৰে ৷

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে, পশ্চিমবংগৰ লোকসকলে আৰু বেছি দিন দুখ-কষ্ট সহ্য কৰিব নালাগে ৷ কিয়নো 2 মে’ৰ পাছত তৃণমূল কংগ্ৰেছৰ গুণ্ডাৰাজ আৰু অৰাজকতাৰ অন্ত পৰিব ৷ লগতে তেওঁ কয় যে, যেতিয়া বিজেপিয়ে শাসন কৰিব বংগত তেতিয়া তৃণমূল কংগ্ৰেছৰ গুণ্ডা তথা দোষীসকলক কঠোৰ শাস্তি প্ৰদান কৰিব ৷

  • " class="align-text-top noRightClick twitterSection" data="">

আনহাতে, বংগৰ চৰকাৰে বিজেপি কৰ্মীসকলক তেওঁৰ ৰাজহুৱা সমদলত অংশ গ্ৰহণ কৰাত বাধা আৰোপ কৰিছিল ৷ কিয়নো জয় শ্ৰীৰামৰ ধ্বনি শুনি মমতা অতি বিৰক্ত হৈছে ৷

আনহাতে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে স্পষ্ট কৰি দিয়ে যে, বংগত বিজেপি চৰকাৰ আহিলে গো-হত্যা আৰু গৰুৰ চোৰাং বেহা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব ৷

ইফালে, যোগী আদিত্যনাথে মমতা বেনাৰ্জী আৰু ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰি কয় যে, বৰ্তমান সময়ত দুয়োগৰাকী নেতাই সঘনে মন্দিৰলৈ অহা যোৱা কৰি আছে আৰু ৰাহুল গান্ধীয়ে মন্দিৰত বহি যেন নামাজহে কৰি আছে ৷

লগতে পঢ়ক: আত্মবিশ্বাসেৰে আজি তৃতীয়খন টি-20 যুঁজত নামিব টিম ইণ্ডিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.