ETV Bharat / bharat

মমতাৰ চিকিৎসাৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী বিজেপিৰ - জেপি সাংসদ অৰ্জুন সিং

পশ্চিমবংগৰ বিজেপিৰ এটা প্ৰতিনিধি দলে কলকাতাৰ মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰি মমতা বেনাৰ্জীৰ চিকিৎসাৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী জনায় । বিজেপি সাংসদ অৰ্জুন সিঙে নিৰ্বাচনী বিষয়াৰে হোৱা সাক্ষাতৰ অন্তত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ।

মমতাৰ চিকিৎসা প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী বিজেপিৰ

author img

By

Published : Mar 15, 2021, 4:31 PM IST

নেশ্যনেল ডেস্ক,১৫ মাৰ্চ: পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ চিকিৎসা প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী বিজেপিৰ । পশ্চিমবংগৰ বিজেপিৰ এটা প্ৰতিনিধি দলে কলকাতাৰ মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰি বেনাৰ্জীৰ চিকিৎসাৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী জনায় । বেনাৰ্জীৰ চিকিৎসাৰ প্ৰতিবেদন ৰাজহুৱা কৰিব লাগে বুলি বিজেপি সাংসদ অৰ্জুন সিঙে নিৰ্বাচনী বিষয়াৰে হোৱা সাক্ষাতৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে । বিষয় সন্দৰ্ভত প্ৰতিনিধি দলটোৱে মুখ্য কাৰ্যবাহী বিষয়াকো এখন পত্ৰ প্ৰেৰণ কৰে । চিকিৎসালয়ৰ পৰা ওভতাৰ পাচত ৰাজ্যখনৰ এক স্থানত মমতাই নিৰ্বাচনী প্ৰচাৰ চলোৱাত বিজেপি দলে চিকিৎসা প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী উত্থাপন কৰে ।

স্মৰ্তব্য যে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ওপৰত হোৱা আক্ৰমণৰ কথা ভাৰতৰ নিৰ্বাচন আয়োগে অস্বীকাৰ কৰিছে ৷ দেওবাৰে বেনাৰ্জীৰ ওপৰত হোৱা আক্ৰমণৰ অভিযোগ সন্দৰ্ভত ৰায়দান প্ৰদান কৰি আয়োগে আক্ৰমণৰ কথা অস্বীকাৰ কৰে ৷ সূত্ৰ অনুসৰি, বেনাৰ্জীৰ ওপৰত কৰা আক্ৰমণৰ কোনো প্ৰমাণ নাই বুলি নিৰ্বাচনী সংস্থাৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰে ।

উল্লেখ্য যে, বুধবাৰে সন্ধিয়া নন্দীগ্ৰাম বিধানসভা সমষ্টিত প্ৰচাৰ অভিযান চলোৱাৰ সময়ত বেনাৰ্জীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷ উক্ত অভিযোগৰ পাছতে বেনাৰ্জীৰ আক্ৰমণৰ ঘটনা সন্দৰ্ভত ভাৰতৰ নিৰ্বাচনী আয়োগে পশ্চিমবংগ চৰকাৰৰ পৰা অধিক তথ্য বিচাৰিছিল ৷ শনিবাৰে আবেলি ৫ বজাৰ ভিতৰত ৰাজ্যৰ মুখ্য সচিবগৰাকীক আয়োগে প্ৰতিবেদন দাখিলৰ সময়সীমা নিৰ্ধাৰণ কৰিছিল ৷ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত বুধবাৰে অচিনাক্ত লোকৰ ঠেলা-হেঁচাত বাঁওভৰি আৰু কঁকালত আঘাত পাইছিল ৷ এই ঘটনা সংঘটিত হোৱাৰ পিছত, নিৰ্বাচনী আয়োগে শুকুৰবাৰে সন্ধিয়াৰ ভিতৰত মুখ্য সচিব আলাপন বন্দোপাধ্যায়, বিশেষ পৰ্যবেক্ষক অজয় নায়ক আৰু বিশেষ আৰক্ষী পৰ্যবেক্ষক বিবেক ডুবেৰ পৰা প্ৰতিবেদন বিচাৰিছিল ।

১২ মাৰ্চত মমতাক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয় । পশ্চিমবংগত এইবাৰ টিএমচি, কংগ্ৰেছ-বাওঁপন্থী মিত্ৰতা আৰু বিজেপিৰ সৈতে ত্ৰিকোণীয়া চূড়ান্ত প্ৰতিযোগিতা হোৱাৰ সম্ভাৱনা আছে । ৰাজ্যখনত ২৭ মাৰ্চৰ পৰা আঠটা পৰ্যায়ত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । ২৯ এপ্ৰিলত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ সমাপ্তি ঘটিব ।

লগতে পঢ়ক: এনএলএফটি প্ৰধান পৰিমল দেৱবাৰ্মাক ত্ৰিপুৰালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.