নেচনেল ডেস্ক, 14 ফেব্ৰুৱাৰী : উত্তৰাখণ্ডৰ ১৩ খন জিলাৰ ৭০ টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ সোমবাৰে পুৱা ৮ বজাত আৰম্ভ হৈছে (voting for 70 assembly seats in Uttarakhand begins) । উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচনে আকৰ্ষণীয় ফলাফল প্ৰদান কৰিব বুলি আশা কৰা হৈছে কিয়নো পাহাৰীয়া ৰাজ্যখনে ২০২১ চনৰ মাৰ্চৰ পৰা তিনিজন মুখ্যমন্ত্ৰী (Three chief ministers since March 2021 in Uttarakhand ) আৰু ৰাজ্য গঠনৰ দুটা দশকত সামগ্ৰিকভাৱে ১১ জন মুখ্যমন্ত্ৰী দেখিছে ।
ৰাজ্যখনত দলসমূহে ভাৰ্চুৱেল তথা সমদলৰ জৰিয়তে আৰু ঘৰে ঘৰে গৈ চলোৱা নিৰ্বাচনী প্ৰচাৰ শনিবাৰে সন্ধিয়া সমাপ্ত হয় । উল্লেখ্য যে, উত্তৰাখণ্ডৰ মুঠ ৮১,৭২,১৭৩ জন ভোটাৰে ১১,৬৯৭ টা ভোটকেন্দ্ৰত প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰিব ৷ ৰাজ্যখনৰ ভোটগণনা ১০ মাৰ্চত হ'ব । প্ৰথমবাৰৰ বাবে'সখী' ভোটকেন্দ্ৰ নামৰ ১০১ টা সৰ্বমহিলা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে ৰাজ্যখনত ।
লগতে পঢ়ক : তৃণমূল কৰ্মীৰ প্ৰতিবাদত উত্তাল ধুবুৰী জিলা বিজেপিৰ কাৰ্যালয়