ETV Bharat / bharat

Vote From Home : কৰ্ণাটকত বিশেষ ব্যক্তিৰ মাজত 97 শতাংশ ভোটদান সম্পন্ন - ঘৰৰ পৰা ভোট দিবলৈ অনুমতি

'ঘৰৰ পৰা ভোট'ৰ অধীনত মুঠ পঞ্জীয়নভুক্ত ব্যক্তিৰ ভিতৰত কৰ্ণাটকত 80 বছৰৰ অধিক বয়সৰ 80,250 জন আছে । নিৰ্বাচন আয়োগে প্ৰথমবাৰৰ বাবে 80 বছৰৰ অধিক বয়সৰ লোক আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ মাজত ভোটদানৰ শতাংশ বৃদ্ধি কৰাৰ বাবে এই প্ৰচেষ্টা আৰম্ভ কৰিছে (Vote From Home in Karnataka) ।

Vote From Home
ঘৰৰ পৰা ভোট দিবলৈ অনুমতি
author img

By

Published : May 9, 2023, 12:57 PM IST

Updated : May 9, 2023, 2:35 PM IST

নিউজ ডেস্ক, ৯ মে' : দেশত প্ৰথমবাৰৰ বাবে নিৰ্বাচন আয়োগে (Election Commission of India) 80 বছৰৰ অধিক বয়সৰ আৰু 40 শতাংশতকৈ অধিক বিশেষভাবে সক্ষম লোকসকলক ঘৰৰ পৰা ভোট দিবলৈ অনুমতি দিছে । এই ক্ষেত্ৰত ৯৯,৫২৯ জন ভোটাৰৰ ভিতৰত ঘৰৰ পৰা ভোটদান কৰিবলৈ ৯৪,৯৩১ জনতকৈও অধিক ভোটাৰে পঞ্জীয়ন কৰে (vote from home first time in India) ।

'ঘৰৰ পৰা ভোট'ৰ অধীনত মুঠ পঞ্জীয়নভুক্ত ব্যক্তিৰ ভিতৰত 80 বছৰৰ অধিক বয়সৰ 80,250 জন ভোটাৰ আছে । তেওঁলোকৰ ভিতৰত ৭৬,১২০ জনে তেওঁলোকৰ অধিকাৰ প্ৰয়োগ কৰিছে (Kerala Assembly election 2023) । আন ১৯,২৭৯ জন বিশেষভাবে সক্ষম ভোটাৰে পঞ্জীয়ন কৰিছে আৰু ১৮,৮১১ জন ভোটাৰে ভোটদান কৰিছে ।

নিৰ্বাচন আয়োগৰ মতে, এই ক্ষেত্ৰত ৯৭.৫৭ শতাংশ ভোটদান হয় । তদুপৰি, ১৫,৩২৮ গৰাকী কৰ্মচাৰী ভোটাৰে ডাক ভোটৰ বাবে পঞ্জীয়ন কৰিছে আৰু তাৰে ভিতৰত ১০,০৬৬ জন ভোটাৰে ভোটদান কৰিছে । লগতে জনোৱা হৈছে যে এইক্ষেত্ৰত মুঠ ভোটদানৰ হাৰ ৬৫.৬৭ শতাংশ ।

বেলগামত, 8,636 জন ভোটাৰে ঘৰৰ পৰাই ভোটদান কৰে

আনহাতে, বেলগাম জিলাত এইবাৰ ৮০ বছৰৰ অধিক বয়সৰ ৬,৯৭৫ জন জ্যেষ্ঠ নাগৰিক আৰু ১,৬৬১ জন বিশেষভাৱে সক্ষম ব্যক্তিকে ধৰি মুঠ ৮,৬৩৬ জন ভোটাৰে তেওঁলোকৰ ঘৰৰ পৰা ভোটদান কৰিছে । জিলাখনত ঘৰৰ পৰা ভোট দিবলৈ নাম পঞ্জীয়ন কৰা মুঠ 9,070 জন লোকৰ ভিতৰত আছে 80 বছৰৰ অধিক বয়সৰ 7,362 জন ভোটাৰ আৰু 1,708 জন বিশেষভাৱে সক্ষম ব্যক্তি ।

শতায়ু গৰকা ভোটাৰৰো ঘৰৰ পৰা ভোটদান

এই ভোটদান প্ৰক্ৰিয়া ২৯ তাৰিখৰ পৰা ২ মে'লৈ অনুষ্ঠিত হয় । সংশ্লিষ্ট ভোটকেন্দ্ৰসমূহত নিৰ্বাচনৰ বাবে নিয়োজিত বিষয়াসকলে ভোটবাকচ আৰু বেলট পেপাৰ লৈ পঞ্জীয়নভুক্ত ভোটাৰসকলৰ ঘৰলৈ যায় । ঘৰতে তেওঁলোকে তেওঁলোকৰ ভোটদান কৰে । উল্লেখ্য যে, চিক্কোডি তালুকৰ ইংগালী গাঁৱৰ ১০৩ বছৰ ৪ মাহ বয়সৰ মহাদেৱ মহালিংগমালীকে ধৰি আনকেইজনমান শতয়ু গৰকা ব্যক্তিয়ে ঘৰৰ পৰাই ভোট দি সকলোকে অনুপ্ৰাণিত কৰে (Centenarian votes from home in Karnataka) ।

ভাৰতীয় নিৰ্বাচন আয়োগৰ মুখ্য আয়ুক্ত ৰাজীৱ কুমাৰে মহাদেৱ মালীক তেওঁৰ ভোটদানৰ প্ৰতি থকা সচেতনতাৰ বাবে ফোন কৰি অভিনন্দন জনায় । আনহাতে, বহুসংখ্যক জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম ব্যক্তিয়ে নিৰ্বাচন আয়োগে দিয়া এই সুযোগ গ্ৰহণ কৰি ঘৰৰ পৰাই ভোটদান কৰি গণতন্ত্ৰৰ প্ৰতি তেওঁলোকৰ কৰ্তব্য পালন কৰে ।

লগতে পঢ়ক : Election Irregularity : নিৰ্বাচনৰ প্ৰাকক্ষণত কৰ্ণাটকত জব্দ প্ৰায় ৩৭৬ কোটি টকা

Last Updated : May 9, 2023, 2:35 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.