ETV Bharat / bharat

SC on Manipur Violence : মণিপুৰৰ হিংসাৰ প্ৰতিবেদন দাখিলৰ বাবে পেনেলসমূহক ২ মাহৰ সময় উচ্চতম ন্যায়ালয়ৰ - Manipur Violence

উচ্চতম ন্যায়ালয়ে হিংসাজৰ্জৰ মণিপুৰত সাহায্য আৰু পুনৰ্সংস্থাপন ব্যৱস্থাৰ তদন্ত আৰু কাৰ্যকাৰিতাৰ বাবে গঠন কৰা পেনেলসমূহক ২ মাহ সময় দিছে । মহিলাৰ ওপৰত হোৱা হিংসাক অত্যাচাৰ হিচাপে বৰ্ণনা কৰিছে আদালতে । ৰাজ্য চৰকাৰকো সমালোচনা কৰিছে শীৰ্ষ ন্যায়ালয়ে ।

SC on Manipur Violence
প্ৰতিবেদন দাখিলৰ বাবে পেনেলসমূহক ২ মাহৰ সময় উচ্চতম ন্যায়ালয়ৰ
author img

By

Published : Aug 11, 2023, 12:46 PM IST

নেশ্যনেল ডেস্ক, ১১ আগষ্ট : মণিপুৰত মহিলাৰ ওপৰত হিংসা অত্যাচাৰৰ বাহিৰে একো হ'ব নোৱাৰে । এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ । দুখন পেনেলক মণিপুৰৰ হিংসা সন্দৰ্ভত তদন্ত কৰিবলৈ দুমাহৰ সময় দি এই মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে ।

মহাৰাষ্ট্ৰৰ প্ৰাক্তন উপ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) আৰু তিনিগৰাকী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মহিলা ন্যায়াধীশৰ উচ্চ ক্ষমতা সম্পন্ন সমিতি দত্তত্ৰয় পাডচালগিকাৰক মণিপুৰত তদন্ত আৰু সাহায্য আৰু পুনৰ্সংস্থাপন ব্যৱস্থাৰ কাৰ্যকাৰিতাৰ ওপৰত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিবলৈ দায়িত্ব দিয়া হৈছে ।

বৃহস্পতিবাৰে সন্ধিয়া মুকলি কৰা ৭ আগষ্টৰ কাৰ্যক্ৰমৰ আদেশ পত্ৰ অনুসৰি, শীৰ্ষ আদালতে মণিপুৰত সংঘৰ্ষৰ সময়ত কিছুমান আৰক্ষী বিষয়াই হিংসাৰ অপৰাধীসকলৰ (যৌন হিংসাকে ধৰি) সৈতে মিত্ৰতা কৰা অভিযোগৰ তদন্ত কৰিবলৈও পাডচালগিকাৰক কোৱা কৈছে ।

কেন্দ্ৰ, ৰাজ্যই সহযোগিতা কৰিব- "কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে এই তদন্ত সম্পাদন কৰাৰ বাবে প্ৰয়োজনীয় যিকোনো সহায় আগবঢ়াব । ফলাফলবোৰ প্ৰতিবেদনৰ ৰূপত এই আদালতত দাখিল কৰা হ'ব," আদেশটোত কোৱা হৈছে ।

ইয়াৰ পূৰ্বে, মণিপুৰী মহিলাসকলক উলংগ কৰি পেৰেড কৰাৰ ভিডিঅ'ৰ সন্দৰ্ভত শীৰ্ষ ন্যায়ালয়ে কৈছিল যে আদালত এই দৃশ্যৰ দ্বাৰা গভীৰভাৱে বিচলিত আৰু সংবাদ মাধ্যমত যি দেখুওৱা হৈছে সেয়া ইংগিত দিছে যে মানৱ অধিকাৰৰ ঘোৰ সাংবিধানিক উলংঘন ।

নিৰ্দেশটোত, ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠে মণিপুৰৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত মহিলাসকলক যিধৰণে গুৰুতৰ যৌন হিংসাত্মক কাৰ্যৰ সন্মুখীন হৈছে তাৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰিছে ।

ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত বিচাৰপীঠে কয় যে মহিলাসকলক যৌন অপৰাধ আৰু হিংসাৰ সন্মুখীন কৰাটো সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয় আৰু ই মৰ্যাদা, ব্যক্তিগত স্বাধীনতা আৰু স্বায়ত্ত্ব শাসনৰ সাংবিধানিক মূল্যবোধৰ এক গুৰুতৰ উলংঘন, যাৰ সকলোবোৰ সংবিধানৰ তৃতীয় খণ্ডৰ অধীনত মূল মৌলিক অধিকাৰ হিচাপে সুৰক্ষিত ।

"সাম্প্ৰদায়িক হিংসাৰ সময়ত, জনতাই যৌন হিংসাৰ ব্যৱহাৰ কৰি সমাজলৈ অধীনতাৰ বাৰ্তা প্ৰেৰণ কৰে । সংঘৰ্ষৰ সময়ত মহিলাৰ বিৰুদ্ধে এনে ধৰণৰ হিংসা এক অত্যাচাৰৰ বাহিৰে আন একো নহয় । লোকসকলক এনে ধৰণৰ নিন্দনীয় হিংসা কৰাত বাধা দিয়া আৰু যিসকলক হিংসাই লক্ষ্য কৰে তেওঁলোকক সুৰক্ষা দিয়াটো ৰাজ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কৰ্তব্য," বিচাৰপীঠে কয় ।

পেডচালগিকৰে চিবিআইয়ে তদন্ত কৰি থকা মহিলাৰ বিৰুদ্ধে অপৰাধৰ কমেও ১২ টা গোচৰৰ তদন্ত তদাৰক কৰিব । তেওঁ হিংসাৰ সন্দৰ্ভত ৰাজ্যখনত পঞ্জীয়ন কৰা ৬,৫০০ তকৈও অধিক অন্যান্য এজাহাৰৰ তদন্তৰ বাবে মণিপুৰ চৰকাৰে গঠন কৰা ৪২ টা বিশেষ অনুসন্ধানকাৰী দলৰ (এছআইটি) নিৰীক্ষণ আৰু তত্বাৱধান কৰিব ।

৩৬ পৃষ্ঠাৰ নিৰ্দেশত শীৰ্ষ ন্যায়ালয়ে কয় যে উচ্চ ন্যায়ালয়ৰ তিনিজনীয়া প্ৰাক্তন ন্যায়াধীশৰ সৰ্বমহিলা সমিতিয়ে মহিলাৰ বিৰুদ্ধে হিংসাৰ প্ৰকৃতি, অতিৰিক্ত শিবিৰৰ বাবে পৰামৰ্শ, ক্ষতিপূৰণ পৰিশোধ আৰু হিংসাৰ ভুক্তভোগীসকলক ক্ষতিপূৰণ প্ৰদান আৰু লগতে সাহায্য শিবিৰত থকা লোকসকলৰ শাৰীৰিক আৰু মানসিক কল্যাণ নিশ্চিত কৰাকে ধৰি স্থানচ্যুত লোকসকলৰ বাবে স্থাপন কৰা সাহায্য শিবিৰৰ পৰিৱেশৰ চৰ্ত নিশ্চিত কৰিব ।

শীৰ্ষ ন্যায়ালয়ে কয় যে, হিংসাৰ ভুক্তভোগীসকলে তেওঁলোকৰ সম্প্ৰদায় নিৰ্বিশেষে প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু হিংসাৰ উৎস নিৰ্বিশেষে হিংসাৰ অপৰাধীসকলক জবাবদিহি কৰিব লাগিব । সাক্ষীৰ বিবৃতিসহ গুৰুতৰ অভিযোগ আছে যিয়ে সূচায় যে আইন প্ৰৱৰ্তনকাৰী সংস্থাই হিংসা নিয়ন্ত্ৰণ কৰাত অযোগ্য আৰু কিছুমান পৰিস্থিতিত, অপৰাধীসকলৰ সৈতে মিত্ৰতা কৰিছে... এনে ধৰণৰ অভিযোগৰ বাবে এক বস্তুনিষ্ঠ তথ্য অনুসন্ধান কৰা প্ৰয়োজন বুলিও আদালতে কয় ।

ৰাজ্যখনৰ প্ৰতিজন বিষয়া বা ৰাজ্যৰ আন যিসকল কৰ্মচাৰীয়ে তেওঁলোকৰ সাংবিধানিক আৰু চৰকাৰী কৰ্তব্যত অৱহেলা কৰাৰ বাবে দোষী নহয় ৷ কিন্তু অপৰাধীসকলৰ সৈতে মিত্ৰতা কৰিছে তেওঁলোকক জবাবদিহি কৰিব লাগিব । সংবিধানৰ ন্যায়ৰ প্ৰতিশ্ৰুতি ৰাজ্যৰ সকলো শাখাৰ পৰা দাবী কৰা হৈছে ।

শীৰ্ষ ন্যায়ালয়ে লগতে কৈছে যে হিংসা বন্ধ হোৱা, হিংসাৰ দোষীসকলক আইনৰ ভিত্তিত শাস্তি দিয়াটো নিশ্চিত কৰাৰ প্ৰয়োজন আছে যাতে ন্যায় ব্যৱস্থাৰ ওপৰত মানুহৰ বিশ্বাস পুনৰুদ্ধাৰ কৰা হয় । দ্বিতীয়তে, আইনৰ শাসন পুনৰুদ্ধাৰ কৰা আৰু অনুসন্ধানমূলক আৰু অভিযোজন প্ৰক্ৰিয়াৰ ওপৰত জনসাধাৰণৰ আস্থা বজাই ৰখাটো নিশ্চিত কৰাৰ এক গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা আছে ।

শীৰ্ষ ন্যায়ালয়ে এন বীৰেণ সিং চৰকাৰক সমালোচনা কৰি কয় যে, মণিপুৰত অনুসন্ধানকাৰী যন্ত্ৰৰ তদন্ত লেহেমীয়া হোৱাটো পোহৰলৈ আহিছে । লগতে আদালতে চৰকাৰক এজাহাৰ দাখিলত পলম হোৱা আৰু গ্ৰেপ্তাৰ নোহোৱাৰ বাবেও সমালোচনা কৰিছে । শীৰ্ষ ন্যায়ালয়ে বিষয়টোত পুনৰ ১৩ অক্টোবৰত শুনানি গ্ৰহণৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :Amit Shah on Manipur: মণিপুৰ সন্দৰ্ভত গৃহমন্ত্ৰীৰ বক্তব্যক প্ৰশংসা মণিপুৰৰ বিধায়কৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.