নিউজ ডেস্ক, 17 এপ্ৰিল : লক্ষ্ণৌত ক'ৰণা গণ সংক্ৰমণে এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ সাংঘাটিক ধৰণে বৃদ্ধি পাইছে ক'ৰণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ কিন্তু এই ভয়াৱহ পৰিস্থিতিৰ মাজতে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌস্থিত ক’ভিড কামাণ্ড চেণ্টাৰত কৰ্মৰত এগৰাকী কৰ্মচাৰীৰ চাঞ্চল্য সৃষ্টিকাৰী এক অডিঅ' ভাইৰেল হৈ পৰিছে ৷ সামাজিক মাধ্যমত ভাইৰেল হোৱা এই অডিঅ'টোত ক’ভিড কামাণ্ড চেণ্টাৰৰ এগৰাকী মহিলা কৰ্মচাৰীয়ে এগৰাকী ক’ভিড ৰোগীক মৰিবলৈ উচতনি দিয়া পৰিলক্ষিত হৈছে ৷ কৰ্মচাৰী গৰাকীয়ে স্পষ্টভাৱে ৰোগী গৰাকীক মৰিবলৈ কোৱা শুনা গৈছে অডিঅ'টোত ৷
অডিঅ'টোৰ ক্লিপ অনুসৰি হোম আইচ’লেচনত থকা ক’ভিড ৰোগী গৰাকীক কিছু স্বাস্থ্য স্থিতি সম্পৰ্কত বুজ ল'বলৈ মাতিছিল ৷ কিন্তু ৰোগী গৰাকীৰ পৰা এই ক্ষেত্ৰত ধনাত্মক সঁহাৰি নোপোৱাৰ বাবে ক্ষোভ প্ৰকাশ কৰি 'যাওক, মৰিব' বুলি মন্তব্য প্ৰকাশ কৰিছিল মহিলা কৰ্মচাৰী গৰাকীয়ে ৷ উল্লেখ্য যে, এই ঘটনাৰ পাচতে ৰোগী গৰাকীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে ৷ তদুপৰি ক’ভিড কামাণ্ড চেণ্টাৰৰ মুৰব্বী ৰিতু সুহাচেও এই বিষয়ত উচিত তদন্তৰ আশ্বাস প্ৰদান কৰিছে ৷
লগতে পঢ়ক: বি পি এফৰ তিনি মন্ত্ৰীক লৈ ব্যাপক চৰ্চা