ETV Bharat / bharat

সুৰংগত প্ৰৱেশ এনডিআৰএফৰ দল; দিল্লীৰ বিশেষজ্ঞ, কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিঙৰ দায়িত্ব গ্ৰহণ - Uttarkashi Tunnel Accident

উত্তৰকাশী সুৰংগত আবদ্ধ শ্ৰমিকসকলক যিকোনো সময়তে বাহিৰলৈ উলিয়াই অনা হ'ব । তাৰ মাজতে, কেন্দ্ৰৰ এটা সাতজনীয়া বিশেষজ্ঞৰ দল বৰ্তমান চিল্কিয়াৰাত উপস্থিত হৈছে । কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিঙো দলটোৰ সৈতে চিল্কিয়াৰাত উপস্থিত হৈছে আৰু সুৰংগটোৰ ভিতৰত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক উলিয়াই আনিবলৈ যুদ্ধসদৃশ উদ্ধাৰ অভিযান পৰিদৰ্শন কৰিছে ।

দিল্লীৰ বিশেষজ্ঞ, কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিঙৰ দায়িত্ব গ্ৰহণ
সুৰংগত প্ৰৱেশ এনডিআৰএফৰ দল
author img

By ANI

Published : Nov 23, 2023, 7:16 AM IST

Updated : Nov 23, 2023, 2:33 PM IST

উত্তৰকাশী সুৰংগত অব্যাহত উদ্ধাৰ অভিযান

নিউজ ডেস্ক, ২৩ নৱেম্বৰ : উত্তৰকাশী সুৰংগ দুৰ্ঘটনাই বৃহস্পতিবাৰে দ্বাদশ দিনত ভৰি দিলে । আশা কৰা হৈছে যে আজিৰ দিনটোত সুৰংগত আবদ্ধ ৪১ জন শ্ৰমিকক সফলতাৰে উদ্ধাৰ কৰিব পৰা যাব । ইয়াৰ বাবে ঘটনাস্থলীত সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে । উত্তৰকাশী সুৰংগৰ বাহিৰত ৪১ খন এম্বুলেন্স ৰখাই থোৱা হৈছে । জানিব পৰা মতে, শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ পাঁচৰ পৰা ছয় ঘণ্টা সময় লাগিব পাৰে । আনহাতে, উদ্ধাৰকাৰী দলটো শ্ৰমিকসকলৰ পৰা মাত্ৰ কেইমিটাৰমান দূৰৈত আছে । বৰ্তমান সুৰংগটোত ড্ৰিলিঙৰ কাম পুনৰ দ্ৰুতগতিত আৰম্ভ কৰা হৈছে ।

ইয়াৰ উপৰি উত্তৰকাশী চিল্কিয়াৰাত শ্ৰমিকসকলৰ জৰুৰীকালীন বিমানসেৱাৰ বাবে চিনুকো নিয়োজিত কৰা হৈছে । ইফালে মুখ্যমন্ত্ৰী ধামীয়েও বুধবাৰৰ পৰাই উত্তৰকাশী চিল্কিয়াৰাত বাহৰ পাতি আছে । আনহাতে, কেন্দ্ৰৰ এটা সাতজনীয়া বিশেষজ্ঞৰ দলো চিল্কিয়াৰাত উপস্থিত হৈছে । বহু কাৰিকৰী বিশেষজ্ঞও ইয়াত জড়িত হৈ আছে । কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিঙো দলটোৰ সৈতে উত্তৰকাশীত উপস্থিত হৈছে । উদ্ধাৰ অভিযান আৰম্ভ কৰিবলৈ যুদ্ধগতিত কাম কৰি থকা হৈছে ।

ইয়াৰ মাজতে উত্তৰকাশী চিল্কিয়াৰা সুৰংগত আবদ্ধ শ্ৰমিকসকল সুৰক্ষিতভাৱে উদ্ধাৰৰ বাবে সমগ্ৰ দেশতে প্ৰাৰ্থনা চলি আছে । উদ্ধাৰকাৰী দলবোৰো তেওঁলোকৰ কামত দিনে-নিশাই ব্যস্ত হৈ আছে । যাৰ ফলত দুৰ্ঘটনাৰ দ্বাদশ দিনটোত উত্তৰকাশীৰ পৰা ভাল খবৰ আহিব বুলি আশা কৰা হৈছে । অনুমান কৰা হৈছে যে সুৰংগটোত আবদ্ধ শ্ৰমিকসকলক বৃহস্পতিবাৰেই সুৰক্ষিতভাৱে উদ্ধাৰ কৰি উলিয়াই আনিব পৰা যাব । যাৰ বাবে মুখ্যমন্ত্ৰী ধামীয়েও বুধবাৰৰ পৰা মাতলীত বাহৰ পাতি আছে । মুখ্যমন্ত্ৰী ধামীয়ে উদ্ধাৰকাৰ্যৰ বিষয়ে প্ৰতি মুহূৰ্তত খবৰ লৈ আছে । ঘটনাস্থলীত এনডিআৰএফ, চিকিৎসা কৰ্মীৰ লগতে জিলা প্ৰশাসনৰ দলো উপস্থিত আছে ।

আনহাতে, জিলাখনৰ সকলো চিকিৎসালয়ক সতৰ্ক কৰি দিয়া হৈছে । ডেৰাডুনৰ কেইবাজনো বিশেষজ্ঞ চিকিৎসকক চিনিয়ালিচাউৰলৈ মাতি অনা হৈছে । ইয়াৰ লগতে ৪১ খন এম্বুলেন্সো ঘটনাস্থলীত সাজু কৰি ৰখা হৈছে । উদ্ধাৰ অভিযানৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ বিশেষজ্ঞৰ এটা সাতজনীয়া দলো চিল্কিয়াৰাত উপস্থিত হৈছে । ইয়াৰ লগতে চিনুক হেলিকপ্টাৰো জৰুৰীকালীন এয়াৰলিফ্টৰ বাবে নিয়োজিত কৰা হৈছে ।

উদ্ধাৰ অভিযান সন্দৰ্ভত চৰকাৰী বিবৃতিও প্ৰকাশ কৰা হৈছে । দায়িত্বত নিয়োজিত বিষয়া ভাস্কৰ খুলবেয়ে জনোৱা মতে, উদ্ধাৰ অভিযানত সন্মুখীন হোৱা অসুবিধাসমূহ আঁতৰ কৰা হৈছে । লগতে উদ্ধাৰ অভিযান সোনকালেই সম্পূৰ্ণ হ'ব বুলি জনাইছে । আনহাতে, শ্ৰমিকসকলৰ বিষয়ে তথ্য প্ৰদান কৰি ভাস্কৰ খুলবেয়ে কয় ৪১ জন শ্ৰমিকৰ আটায়ে সুস্থ অৱস্থাত আছে । সকলোকে খাদ্য আৰু পানীয় দিয়া হৈছে । তেওঁ কয় যে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সুৰংগটোৰ বাহিৰত চিকিৎসা কৰ্মী, এনডিআৰএফ আৰু প্ৰয়োজনীয় দল মোতায়েন কৰা হৈছে ।

লগতে পঢ়ক :জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলীত শ্বহীদ দুগৰাকী কেপ্টেইনসহ চাৰি সেনা জোৱান

Last Updated : Nov 23, 2023, 2:33 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.