নেশ্যনেল ডেস্ক, 25 জুলাই : অৱশেষত এমাহৰ অন্তত বিগত ২২ জুন তাৰিখে অনন্তনাগ জিলাৰ পাহালগাম অঞ্চলৰ তৰ্ছাৰ হ্ৰদত এজন গাইডৰ সৈতে উটি যোৱা উত্তৰাখণ্ডৰ পৰ্যটকজনৰ মৃতদেহ দেওবাৰে উদ্ধাৰ কৰা হয়(Tourist body was recovered after a month) ৷
বিগত মাহত পাহালগাম অঞ্চলৰ তৰ্ছাৰ হ্ৰদত(Tarsar Lake in Pahalgam area of Anantnag district) উটি গৈছিল উত্তৰাখণ্ডৰ ডাঃ মহেশ কুমাৰ নামৰ পৰ্যটকগৰাকী । ইতিমধ্যে, প্ৰশাসনে ডাঃ মহেশৰ পৰিয়ালক এই বিষয়ে অৱগত কৰিছে আৰু মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহটি পৰিয়ালক গতাই দিয়া হ’ব বুলি জানিবলৈ দিয়ে ।
উল্লেখযোগ্য যে, তৰ্ছাৰ হ্ৰদত ভ্ৰমণৰ বাবে ট্ৰেকিঙলৈ যোৱা ১৩ জন সদস্যৰ ভিতৰত পৰ্যটক আৰু স্থানীয় লোকৰ গোটৰ অংশ হিচাপে থকা এজন পৰ্যটক গাইডে ড৹ মহেশ কুমাৰক বচাবলৈ চেষ্টা কৰোঁতে হ্ৰদটোত গাইডগৰাকীও ডুব গৈছিল । উদ্ধাৰকাৰী দলৰ ব্যস্ততাপূৰ্ণ প্ৰচেষ্টাৰ এদিন পিছতে পৰ্যটক গাইড, শ্বাকীল আহমদৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ৷
আনহাতে, উদ্ধাৰকাৰী দলে এমাহতকৈও অধিক সময় ধৰি পৰ্যটক ডাঃ মহেশ কুমাৰৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ৷ কিন্তু অৱশেষত 24 জুলাই অৰ্থাৎ দেওবাৰে পাহালগামৰ লিদ্দাৰৱাট অঞ্চলৰ সমীপত উদ্ধাৰ কৰা হয় (Liddarwat area of Pahalgam) পৰ্যটক ডাঃ মহেশ কুমাৰৰ মৃতদেহ ৷
লগতে পঢ়ক : Road Accident in Karnataka: পথ দুৰ্ঘটনাই কাঢ়িলে একেটা পৰিয়ালৰ ৫ জনকৈ সদস্যাৰ প্ৰাণ