ETV Bharat / bharat

তীৰথ সিঙ ৰাৱটে হেৰুৱাব লাগিব নেকি মুখ্যমন্ত্ৰীৰ গাদী ? - uttarakhand

উত্তৰাখণ্ডৰ ৰাজনৈতিক পট পৰিৱৰ্তনৰ পূৰ্ণ সম্ভাৱনা ৷ আগন্তুক দুদিনৰ ভিতৰতে সলনি হ'ব পাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ৷ মুখ্যমন্ত্ৰী তীৰথ সিঙ ৰাৱটক পদত্যাগৰ আহ্বান জনাইছে দলৰ হাইকামাণ্ডে ৷

uttarakhand may get new chief minister in next few days
উত্তৰাখণ্ডৰ ৰাজনৈতিক পট পৰিৱৰ্তনৰ পূৰ্ণ সম্ভাৱনা
author img

By

Published : Jul 2, 2021, 10:53 AM IST

নেশ্যনেল ডেস্ক, 2জুলাই: আগন্তুক কিছুদিনৰ পাচতে সলনি হ'ব পাৰে উত্তৰাখণ্ডৰ ৰাজনৈতিক দৃশ্যপট ৷ অতি সম্প্ৰতি মুখ্যমন্ত্ৰী তীৰথ সিঙ ৰাৱটৰ তাৎক্ষণিক দিল্লী ভ্ৰমণৰ পাচতে উত্তৰাখণ্ডত নেতৃত্ব পৰিৱৰ্তনৰ বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, আগন্তুক কিছুদিনৰ পাচত উত্তৰাখণ্ডত মুখ্যমন্ত্ৰী সলনি হোৱাৰ সম্ভাৱনা আছে ৷ জানিব পৰা মতে, বিজেপিৰ হাইকামাণ্ডে উত্তৰাখণ্ডত পুনৰ এবাৰ নেতৃত্ব সলনি কৰিবলৈ মন স্থিৰ কৰিছে ৷ অৱশ্যে কাৰ হাতত মুখ্যমন্ত্ৰীত্বৰ দায়িত্বভাৰ অৰ্পন কৰা হ'ব সেই কথা এতিয়াও স্পষ্ট হোৱা নাই ৷

উল্লেখ্য যে, 5 মে'ত ভাৰতৰ নিৰ্বাচন আয়োগে ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অস্বীকাৰ কৰিছিল ৷ ইয়াৰ পাচতে এই বিষয় লৈ চৰ্চা অব্যাহত আছিল ৷ যিহেতু 6 মাহৰ ভিতৰত অৰ্থাৎ 9 চেপ্তেম্বৰৰ ভিতৰত মুখ্যমন্ত্ৰী তীৰথ সিঙ ৰাৱট বিধানসভাৰ সদস্য হ'ব লাগিব ৷ কিন্তু নিৰ্বাচনত প্ৰতিদ্বন্দীতা নকৰাকৈ তেওঁ বিধানসভাৰ সদস্য হ'ব নোৱাৰে ৷ সেয়ে এতিয়া একমাত্ৰ বিকল্প হ'ল নেতৃত্ব পৰিৱৰ্তন ৷

উপ-নিৰ্বাচন ন'হলে নেতৃত্ব পৰিৱৰ্তনৰ বাদে অন্য কোনো বিকল্প নাই

মুখ্যমন্ত্ৰী তিৰথ সিং ৰাৱটে ১০ মাৰ্চত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল আৰু লোকসভাৰ সাংসদো আছিল। এনে পৰিস্থিতিত, তিৰথ সিং ৰাৱটে মুখ্যমন্ত্ৰী হৈ থাকিবলৈ শপত লোৱাৰ 6 মাহৰ ভিতৰত বিধানসভাত যোগদান কৰিব লাগিব । অৰ্থাৎ, তেওঁলোকে যিকোনো বিধানসভা আসনৰ পৰা উপ-নিৰ্বাচনত জয়ী হ'ব লাগিব।

ইফালে, নিৰ্বাচন আয়োগে এই সিদ্ধান্তও লৈছে যে, বিধানসভা নিৰ্বাচনৰ বাবে যদিহে এবছৰ বা তাতকৈ কম সময় বাকী থাকে তেন্তে কোনো ৰাজ্যতে উপ-নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰি ৷ এনে পৰিস্থিতিত, যদি ৰাজ্যখনৰ খালী আসনৰ প্ৰতি লক্ষ্য কৰা যায় তেনেহ'লে বৰ্তমান গংগোত্ৰী আৰু হলদ্বানি বিধানসভা আসন দুখনহে খালী আছে ৷ কিন্তু, এই আসনকেইখনৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত কৰাটো কঠিন যেন লাগিছে ৷ যাৰ বাবে বৰ্তমান বিজেপি হাইকামাণ্ডৰ ওচৰত নেতৃত্ব পৰিৱৰ্তনেই একমাত্ৰ বিকল্প হৈ ৰৈ গৈছে ৷

চল্ট বিধানসভা আসনৰ বাবে প্ৰতিদ্বন্দীতা কৰিলে উদ্ভৱ ন'হলহেতেন এই পৰিস্থিতিৰ

আয়োগৰ নিয়ম অনুসৰি, উপ-নিৰ্বাচনত প্ৰতিদ্বন্দীতা কৰাৰ বাহিৰে মুখ্যমন্ত্ৰী তীৰথ সিঙ ৰাৱটৰ হাতত অন্য কোনো বিকল্প নাই ৷ অৱশ্যে চল্ট বিধানসভা আসনৰ বাবে পূৰ্বেই প্ৰতিদ্বন্দীতা কৰিলে এই পৰিস্থিতিৰ উদ্ভৱ ন'হলহেতেন ৷ এই সকলো সমীকৰণ উপলব্ধি কৰি হাইকামাণ্ডে সেয়েহে উত্তৰাখণ্ড ৰাজ্যত পুনৰ এবাৰৰ বাবে নেতৃত্ব পৰিৱৰ্তনৰ পৰিকল্পনা কৰিছে ৷ যদিহে ৰাজ্যত এতিয়াই নেতৃত্ব পৰিৱৰ্তন নহয়, তেন্তে 9 চেপ্তেম্বৰত 6 মাহৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পাচত মুখ্যমন্ত্ৰী তীৰথ সিঙ ৰাৱটে নিজেই পদত্যাগ কৰিব লাগিব ৷ তেনে ক্ষেত্ৰত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে মাত্ৰ তিনিমাহৰ সময়হে বাকী আছে ৷

মুখ্যমন্ত্ৰীৰ ডেৰাডুনলৈ উভতি অহা কাৰ্যসূচী স্থগিত

সকলো পৰিস্থিতি চালি-জাৰি চাই হাইকামাণ্ডে ইতিমধ্যে নেতৃত্ব পৰিৱৰ্তন কৰাৰ অনুশীলনত ব্যস্ত হৈ পৰিছে ৷ এই কাৰণেই ৰামনগৰৰ তিনিদিনীয়া চিন্তন শিবিৰৰ পাচতে হঠাৎ মুখ্যমন্ত্ৰী তীৰথ সিঙ ৰাৱটক দিল্লীলৈ মাতি পঠোৱা হৈছিল আৰু বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীগৰাকী ডেৰাডুনলৈ উভতি অহা কাৰ্যসূচীও পিছুৱাই দিয়া হৈছিল ৷

পৰৱৰ্তী দুটা দিন যথেষ্ট গুৰুত্বপূৰ্ণ

প্ৰাপ্ত তথ্য অনুসৰি, হাইকামাণ্ডে মুখ্যমন্ত্ৰী তিৰথ সিং ৰাৱটক আগন্তুক কেইদিনমানৰ ভিতৰত পদত্যাগ কৰাৰ বাবে আহ্বান জনাইছে ৷ শুকুৰবাৰে মুখ্যমন্ত্ৰীগৰাকী ডেৰাডুনত উপস্থিত হ'ব বুলি আশা কৰা হৈছে ৷ ইয়াৰ পাচতে দুটা দিনৰ ভিতৰত উত্তৰাখণ্ডত ৰাজনীতিৰ যিকোনো ধৰণৰ ডাঙৰ ঘটনা ঘটাৰ সম্ভাৱনা আছে ৷

কোন হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী ?

ৰাজ্যখনৰ মুখ্যমন্ত্ৰীত্ব পদক লৈ চলি থকা চৰ্চাৰ মাজতে এতিয়া ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব এই লৈ প্ৰশ্ন উত্থাপিত হৈছে ৷ এই সন্দৰ্ভত বৰ্তমানলৈকে কোনোধৰণৰ স্থিতি স্পষ্ট হোৱা নাই ৷ কিন্তু ৰাজ্যখনৰ ৰাজনৈতিক ক্ষেত্ৰখনত বৰ্তমান যি চলি আছে তাৰ পৰা এই কথা স্পষ্ট যে, অনাগত দিনত ৰাজ্যখনৰ ৰাজনীতিত এক ব্যাপক পৰিৱৰ্তন হ'ব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.