ETV Bharat / bharat

উত্তৰকাশী অপাৰেচন 'জিন্দাগী' সফল, আৱদ্ধ শ্ৰমিকক ১ লাখ টকাকৈ সাহায্য প্ৰদানৰ ঘোষণা মুখ্যমন্ত্ৰী ধামীৰ

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 8:43 AM IST

১২ নৱেম্বৰৰ পৰা উত্তৰকাশীৰ ছিল্কয়াৰাৰ নিৰ্মাণাধীন সুৰংগত বন্দী হৈ থকা ৭ খন ৰাজ্যৰ ৪১ জন শ্ৰমিকক বাহিৰলৈ উলিয়াই অনা হৈছে । ছিল্কয়াৰাৰ আৱদ্ধ শ্ৰমিকক ১ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা মুখ্যমন্ত্ৰী ধামীৰ ৷ লগতে উক্ত স্থানত বৌখনাগ দেৱতাৰ এটা মন্দিৰ নিৰ্মাণৰ ঘোষণা মুখ্যমন্ত্ৰীৰ ৷

Uttarkashi Tunnel Rescue Operation
উত্তৰকাশী অপাৰেচন 'জিন্দাগী' সফল

নিউজ ডেস্ক, ২৯ নৱেম্বৰ: ১৭ দিনৰ দীঘলীয়া সংগ্ৰামৰ অন্তত অৱশেষত মঙলবাৰে নিশা ৮ বজাত উত্তৰাখণ্ডৰ ছিল্কয়াৰা সুৰংগত আৱদ্ধ শ্ৰমিকক উদ্ধাৰ কাৰ্যত নিয়োজিত দলটো সফল হয় আৰু সুৰংগৰ ভিতৰত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক নিৰাপদে উদ্ধাৰ কৰা হয় । এজন এজনকৈ ৪১ জন শ্ৰমিকক প্ৰায় ৪৫ মিনিটৰ ভিতৰতে সুৰংগৰ পৰা উলিয়াই আনে এন ডি আৰ এফৰ জোৱানে । সকলো শ্ৰমিক সুস্থ অৱস্থাত আছে বুলি জানিব পৰা হৈছে ৷ এই সময়চোৱাত উদ্ধাৰস্থলীত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীও উপস্থিত আছিল ।

Uttarkashi Tunnel Rescue Operation
উত্তৰকাশী অপাৰেচন 'জিন্দাগী' সফল

মুখ্যমন্ত্ৰী ধামীয়ে ওলাই অহা শ্ৰমিকসকলৰ সৈতে কথা পাতি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয় ৷ সকলো শ্ৰমিকক এম্বুলেন্সেৰে চিনিয়ালিছাউন চি এইচ চিলৈ লৈ যোৱা হয় । পূৰ্বে শ্ৰমিকসকলক বিমানেৰে লৈ যোৱাৰ কথা চিন্তা কৰা হৈছিল । কিন্তু বিয়লি ৪.৩০ বজাৰ পিচত শ্ৰমিকসকলক বিমানেৰে লৈ যোৱাতো সম্ভৱপৰ নাছিল ৷

  • LIVE: उत्तरकाशी में सिलक्यारा टनल के सफल रेस्क्यू ऑपरेशन के पश्चात प्रेस वार्ता
    https://t.co/SVukVjBIWE

    — Pushkar Singh Dhami (@pushkardhami) November 28, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে শ্ৰমিকসকলক উদ্ধাৰৰ পাচতেই উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ছিল্কয়াৰা সুৰংগত আবদ্ধ হৈ থকা আটাইকেইজন শ্ৰমিকক ১ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে । তেওঁ এইক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে । তেওঁ শ্ৰমিকসকলৰ চিকিৎসাৰ লগতে তেওঁলোকক ঘৰলৈ প্ৰেৰণ কৰাৰ সকলো ব্যৱস্থা কৰাৰ বাবেও নিৰ্দেশ দিয়ে ৷

Uttarkashi Tunnel Rescue Operation
উত্তৰকাশী অপাৰেচন 'জিন্দাগী' সফল

ছিল্কয়াৰাত সংবাদ মাধ্যমৰ সৈতে কথা পাতি মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয়, "সুৰংগটোত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । চিকিৎসালয়ৰ চিকিৎসাৰ খৰচ চৰকাৰে বহন কৰিব । ইয়াৰ উপৰিও পৰিয়ালৰ সদস্য আৰু শ্ৰমিকসকলৰ বাবে খাদ্য আৰু থকাৰ ব্যৱস্থাও কৰিছে চৰকাৰে । মুখ্যমন্ত্ৰী ধামীয়ে কয় যে শ্ৰমিকসকল সুস্থ হৈ উঠাৰ পিছত চৰকাৰে আৰ্থিক সাহায্য হিচাপে ১ লাখ টকাকৈ চেক দিব । ইয়াৰ উপৰিও ঘৰলৈ যোৱাৰ সময় পৰ্যন্ত সমগ্ৰ খৰচো চৰকাৰে বহন কৰিব ।"

Uttarkashi Tunnel Rescue Operation
উত্তৰকাশী অপাৰেচন 'জিন্দাগী' সফল

বাবা বৌখনাগ আৰু দেৱভূমিৰ দেৱ-দেৱীৰ কৃপাত উত্তৰকাশী ছিল্কয়াৰা সুৰংগ উদ্ধাৰ অভিযান সফল হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ধামীয়ে ছিল্কয়াৰাত বৌখনাগ দেৱতাৰ এটা মন্দিৰ নিৰ্মাণ কৰাৰো কথা ঘোষণা কৰে ৷ শীঘ্ৰে মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক: উত্তৰাখণ্ডৰ ছিল্কয়াৰা সুৰংগত আৱদ্ধ শ্ৰমিকক উদ্ধাৰ, গ্ৰীণ ক'ৰিডৰেৰে নিয়া হ'ল হাস্পতাললৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.