ETV Bharat / bharat

বাংলাদেশত মন্দিৰত কৰা আক্ৰমণৰ গৰিহণা আমেৰিকাৰ - উৎসৱ চক্ৰৱৰ্তী

দুৰ্গোৎসৱ চলি থকাৰ মাজতে বাংলাদেশৰ হিন্দু মন্দিৰত হোৱা আক্ৰমণৰ ঘটনাক গৰিহণা দিলে আমেৰিকা যুক্তৰাষ্ট্ৰই । দেশখনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰই কয় যে, ধৰ্মৰ স্বাধীনতা অথবা বিশ্বাস হৈছে মানৱ অধিকাৰ । বাংলাদেশৰ হিন্দু মন্দিৰত হোৱা আক্ৰমণত ৩ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন বহু লোক আহত হয় ।

US condemns reports of attacks on Hindus in Bangladesh
বাংলাদেশত হিন্দুৰ ওপৰত হোৱা আক্ৰমণক গৰিহণা আমেৰিকাৰ
author img

By

Published : Oct 19, 2021, 11:29 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৯ অক্টোবৰ : বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ ওপৰত হোৱা আক্ৰমণক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰই এই ঘটনাৰ গৰিহণা প্ৰদান কৰে । বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰই এই সন্দৰ্ভত কয় যে, ধৰ্মৰ স্বাধীনতা অথবা বিশ্বাস হৈছে মানৱ অধিকাৰ । বিশ্বৰ প্ৰতিগৰাকী ব্যক্তিয়ে নিজ নিজ ধৰ্ম অথবা বিশ্বাস অনুসৰি তেওঁলোকৰ উৎসৱ উদযাপন কৰাৰ ক্ষেত্ৰত সমৰ্থন অথবা সুৰক্ষা লাভ কৰা উচিত ।

আনহাতে, বাংলাদেশী হিন্দু সম্প্ৰদায়ৰ সদস্য প্ৰাণেশ হালদাৰে এক বিবৃতিযোগে বাংলাদেশৰ হিন্দু সম্প্ৰদায়ৰ লোকসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বিভাগটোক আহ্বান জনায় । লগতে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ গোষ্ঠীসমূহকো বাংলাদেশত সংঘটিত হিংসাত্মক ঘটনাৰ বাতৰি প্ৰচাৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায় । দেওবাৰে প্ৰবাসী বাংলাদেশী হিন্দু লোকসকলে আমেৰিকা যুক্তৰাষ্ট্ৰত থকা বাংলাদেশৰ দূতাবাসৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখ্য যে, দুৰ্গা পূজাৰ মাজতে বাংলাদেশৰ হিন্দু মন্দিৰ, বাসগৃহত অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ সংঘটিত কৰিছিল । ইফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিন্দু ওকালতি গোট HinduPACT ৰ কাৰ্যবাহী সঞ্চালক উৎসৱ চক্ৰৱৰ্তীয়ে কয় যে, ১৯৪৬ চনৰ অক্টোবৰ মাহত পাকিস্তান গঠনৰ দাবীত সংঘটিত হিংসাত্মক ঘটনাত ১২,০০০ হিন্দু লোকে প্ৰাণ হেৰুৱাইছিল । লগতে ৫০,০০০ লোকক বলপূৰ্বকভাৱে ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য কৰোৱা হৈছিল ।

এই ঘটনাৰ ৭৫ বছৰ পিছত পুনৰ বাংলাদেশৰ নোৱাখালিত এনেদৰে হিন্দু লোকৰ ওপৰত ভয়াৱহ আক্ৰমণ সংঘটিত হৈছে । তেওঁ লগতে কয় যে, বাংলাদেশত ঘৃণা আৰু বৈষম্যৰ বলি হৈ আহিছে খিলঞ্জীয়া হিন্দু লোকসকল । যিখন দেশত সংখ্যালঘু জনসংখ্যা ১৯৪০ চনত ২৮ শতাংশ আছিল, তাত এতিয়া এই হাৰ ৯ শতাংশলৈ হ্ৰাস পাইছে । দুৰ্গোৎসৱৰ সময়ত হোৱা আক্ৰমণে স্পষ্ট কৰি দিছে যে, বাংলাদেশত হিন্দুসকলে কেনে ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে ।

লগতে পঢ়ক: বানক নেওচি খাদ্য ৰন্ধা টৌত উঠি বিয়াত বহিল দৰা-কইনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.