ETV Bharat / bharat

Unnatural torture in Nashik central jail : সহকাৰাবন্দীক যৌন নিৰ্যাতন, থানাত গোচৰ ৰুজু

author img

By

Published : Jun 19, 2023, 3:15 PM IST

নাছিক কেন্দ্ৰীয় কাৰাগাৰত সহকাৰাবন্দীক অত্যাচাৰ এজনৰ । ঘটনা সন্দৰ্ভত থানাত গোচৰ ৰুজু । আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Unnatural torture in Nashik central jail
সহকাৰাবন্দীক যৌন নিৰ্যাতন

নেশ্যনেল ডেস্ক,১৯ জুন : নাছিক কেন্দ্ৰীয় কাৰাগাৰত চাঞ্চল্যকৰ ঘটনা । এজন কাৰাবন্দীক সহকাৰাবন্দীয়ে অ-প্ৰাকৃতিকভাৱে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে । ঘটনা সন্দৰ্ভত নাছিক ৰোড আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে । সমগ্ৰ ঘটনাক লৈ এতিয়া নাছিক কেন্দ্ৰীয় কাৰাগাৰত ৰহস্যৰ সৃষ্টি হৈছে ।

আৰক্ষীয়ে জনোৱা মতে, ন্যায়িক জিম্মাত থকা ভুক্তভোগীগৰাকীয়ে নাছিক ৰোড কেন্দ্ৰীয় কাৰাগাৰৰ ১ নং চাৰ্কোলৰ ৫ নম্বৰ বেৰেকৰ শৌচালয়লৈ যোৱাৰ সময়তে সন্দেহজনক আন এজন কয়েদীয়ে তেওঁক অপ্ৰাকৃতিকভাৱে আত্যাচাৰ কৰে । অভিযুক্তজনক বিজয় ৰামচন্দ্ৰ সোণাৱানে বুলি চিনাক্ত কৰা হৈছে । নাছিক ৰোড আৰক্ষী থানাত সন্দেহযুক্ত বন্দী বিজয় সোণাৱানেৰ বিৰুদ্ধে অপ্ৰাকৃতিক অত্যাচাৰৰ গোচৰ ৰুজু কৰা হৈছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

উল্লেখ্য যে ৪ বছৰ পূৰ্বে নাছিক কেন্দ্ৰীয় কাৰাগাৰৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল । এক প্ৰতিবেদনত প্ৰকাশ পাইছিল যে নাছিক ৰোড কেন্দ্ৰীয় কাৰাগাৰত প্ৰায় ১২০ গৰাকী কয়েদী এইডছৰ চিকাৰ হৈছিল । কয়েদীসকল বিভিন্ন অপৰাধৰ বাবে কাৰাগাৰলৈ আহে । বেছিভাগ অপৰাধীয়ে ড্ৰাগছ আৰু সুৰাৰ প্ৰতি আসক্ত । এনে কিছুমান ব্যক্তি ইতিমধ্যে এইডছত সংক্ৰমিত হৈছিল বুলি জানিব পৰা গৈছিল । কাৰাগাৰলৈ অহাৰ পাছত তেওঁলোক যৌন সম্ভোগৰ পৰা বঞ্চিত হয় । এনে সময়তে, কয়েদীসকলে অসুৰক্ষিত যৌন সম্ভোগ কৰে । যাৰ ফলত সংক্ৰমিত কয়েদীসকল আন কয়েদীৰ সংক্ৰমণৰ কাৰণ হৈ পৰে ।

নাছিক কেন্দ্ৰীয় কাৰাগাৰ হৈছে ব্ৰিটিছ যুগৰে কাৰাগাৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অপৰাধীসকলে এই কাৰাগাৰত কাৰাদণ্ড ভোগ কৰি আছে । বিভিন্ন স্থানৰ কয়েদীসকল একত্ৰিত হোৱাৰ ফলত কাৰাগাৰত বহুতো কাজিয়াৰ ঘটনা সংঘটিত হয় । পূৰ্বে কাৰাগাৰৰ ভিতৰত মোবাইল ফোন আৰু ড্ৰাগছো উদ্ধাৰ হৈছে । বিভিন্ন সময়ত কাজিয়াৰ ফলত বহু কয়েদী গুৰুতৰভাৱে আঘাতপ্ৰাপ্তও হোৱা দেখা যায় । কাৰাগাৰৰ বিষয়া আৰু কৰ্মচাৰীৰ দায়িত্বৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈ আহিছে ।

লগতে পঢ়ক :Drugs Peddler Arrested In Nalbari : নলবাৰীত ড্ৰাগছসহ আটক আৰোফা বেগম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.