ETV Bharat / bharat

UGC on Adhar Number Printing : বিশ্ববিদ্যালয়ক ডিগ্ৰী আৰু প্ৰমাণপত্ৰত আধাৰ নম্বৰ ছপাত বাধা ইউজিচিৰ

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 4:07 PM IST

ডিগ্ৰী আৰু অস্থায়ী প্ৰমাণ-পত্ৰত আধাৰ নম্বৰ ছপা কৰাটো অনুমোদিত নহয় । পিটিআইৰ এক প্ৰতিবেদন অনুসৰি, উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহে ইউআইডিএআইৰ নিয়ম-কানুন কঠোৰভাৱে পালন কৰা উচিত ।

UGC on Adhar Number Printing
UGC on Adhar Number Printing

নিউজ ডেস্ক, ২ ছেপ্টেম্বৰ : ডিগ্ৰী আৰু অস্থায়ী প্ৰমাণ-পত্ৰত শিক্ষাৰ্থীৰ আধাৰ নম্বৰ মুদ্ৰণৰ অনুমতি নাই । বিশ্ববিদ্যালয় অনুদান আয়োগে বিশ্ববিদ্যালয়সমূহক এই কথা কৈছে । উচ্চ শিক্ষা নিয়ন্ত্ৰকৰ দ্বাৰা প্ৰদান কৰা এই নিৰ্দেশনাটো এনেকুৱা এক সময়ত আহিছে যে ৰাজ্য চৰকাৰবোৰে বিশ্ববিদ্যালয়সমূহৰ দ্বাৰা জাৰি কৰা অস্থায়ী প্ৰমাণ-পত্ৰ আৰু ডিগ্ৰীত সম্পূৰ্ণ আধাৰ নম্বৰ মুদ্ৰণ কৰাৰ কথা বিবেচনা কৰি আছে । পৰৱৰ্তী সময়ত নিযুক্তি বা নামভৰ্তিৰ সময়ত উক্ত নথিপত্ৰৰ প্ৰমাণীকৰণত ব্যৱহাৰৰ বাবে এই সিদ্ধান্তৰ কথা বিবেচনা কৰা বুলি কোৱা হৈছে ।

ইউজিচিৰ সচিব মনীষ যোশীয়ে বিশ্ববিদ্যালয়সমূহলৈ লিখা এখন পত্ৰত কৈছে যে নিয়ম অনুসৰি আধাৰ নম্বৰৰ অধিকাৰী কোনো সংস্থাই কোনো ডাটাবেছ বা তথ্য ৰাজহুৱা কৰিব নোৱাৰে, যেতিয়ালৈকে উপযুক্ত উপায়েৰে নম্বৰটো সংশোধিত বা ব্লেক আউট কৰা নহয় ।

লগতে পঢ়ক :Union Minister Chandrasekhar on Northeast : উত্তৰ-পূৰ্বাঞ্চল প্ৰতিযোগিতামূলক বিনিয়োগৰ গন্তব্য স্থান; কেন্দ্ৰীয় মন্ত্ৰী চন্দ্ৰশেখৰ

ডিগ্ৰী আৰু অস্থায়ী প্ৰমাণ-পত্ৰত আধাৰ নম্বৰ ছপা কৰাটো অনুমোদিত নহয় । পিটিআইৰ এক প্ৰতিবেদন অনুসৰি, উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহে ইউআইডিএআইৰ নিয়ম-কানুন কঠোৰভাৱে পালন কৰা উচিত ।

উল্লেখ্য যে ইয়াৰ মাজতে আধাৰ আৰু বেংকৰ তথ্যৰ দৰে সংবেদনশীল তথ্যবোৰৰ চুৰি আৰু জালিয়াতি হৈ আহিছে । বিশেষজ্ঞসকলে কয় যে প্ৰৱঞ্চকসকলে ভুক্তভোগীসকলৰ নেট বেঙ্কিং একাউণ্টৰ অ'টিপি, পিন আৰু পাছৱৰ্ড চুৰি কৰি ডিজিটেল প্ৰৱঞ্চনা কৰিবলৈ বিভিন্ন ধৰণৰ নতুন কৌশল ব্যৱহাৰ কৰি আছে । তেওঁলোকৰ ফান্দত পৰাটো পৰিহাৰ কৰিবলৈ সাধাৰণ ব্যৱহাৰকাৰীসকলে সংবেদনশীল তথ্য আৰু ব্যক্তিগত তথ্য অত্যন্ত গোপনীয়ভাৱে ৰাখিবলৈ পদক্ষেপ ল'ব ।

তাৰেই পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয় অনুদান আয়োগে প্ৰদান কৰা এই নিৰ্দেশ যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে । অৱশ্যে এই বিষয়ত পৰৱৰ্তী সময়ত ৰাজ্য আৰু বিশ্ববিদ্যালয়সমূহে কেনে ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক :ISRO Aditya L1 : আদিত্য এল-১ক নেতৃত্ব দিয়া নিগাৰ শাজীৰ এই অভিযান সম্পৰ্কে প্ৰথম প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.