ETV Bharat / bharat

তুষাৰপাতৰ ফলত হিমাচলত 2 টা ৰাষ্ট্ৰীয় ঘাইপথ আৰু 227টা পথ বন্ধ

author img

By

Published : Nov 28, 2020, 11:51 AM IST

প্ৰবল তুষাৰপাতৰ ফলত ব্যাহত হিমাচল প্ৰদেশৰ স্বাভাৱিক জীৱন ৷ উচ্চ অঞ্চলত হোৱা তুষাৰপাতৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়ত ব্যাহত হৈ পৰিছে ৷ খোৱা পানীৰ লগতে বিজুলী বাতিৰ যোগানত সমস্যা ৷

তুষাৰপাতৰ ফলত হিমাচলত 2 টা ৰাষ্ট্ৰীয় ঘাইপথ আৰু 227টা পথ বন্ধ
তুষাৰপাতৰ ফলত হিমাচলত 2 টা ৰাষ্ট্ৰীয় ঘাইপথ আৰু 227টা পথ বন্ধ

চিমলা, 28 নৱেম্বৰ: হিমাচল প্ৰদেশত বুধবাৰে আৰু শুকুৰবাৰে হোৱা প্ৰবল তুষাৰপাতে স্বাভাৱিক জীৱন প্ৰায় ব্যাহত কৰি তোলাৰ পাছতে হিমাচল প্ৰদেশৰ বতৰবিজ্ঞান কেন্দ্ৰই হালধীয়া সতৰ্কবাণী জাৰি কৰিছে ৷ বহুকেইটা উচ্চ অঞ্চলত হোৱা ধাৰাসাৰ তুষাৰপাতৰ ফলত ইতিমধ্যে দুটাকৈ ৰাষ্ট্ৰীয় ঘাইপথ আৰু 227 টা পথেদি যান বাহনৰ চলাচল বন্ধ হৈ পৰিছে ৷

ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে জনোৱা মতে লাহৌল-স্পিটিত 101 টা,চাম্বাত 61 টা , চিমলাত 28 টা , কুল্লুত 22 টা আৰু কিন্নাউৰত 15 টা পথ তুষাৰপাতৰ বাবে বন্ধ হৈ পৰিছে ৷ লেহ-মানালি ঘাইপথৰ বাহিৰেও নাৰকান্দাত 5 নং ৰাষ্ট্ৰীয় ঘাইপথটো তুষাৰপাতৰ ফলত বন্ধ হৈ পৰে যাৰ ফলত পৰিবহন নিগমৰ বাছ সমূহ অন্য পথেদি নিব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় ৷

তুষাৰপাতৰ হিমাচলৰ ওখ অঞ্চলসমূহত খোৱা পানীৰ লগতে বিজুলীবাতিৰ যোগানতো যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে ৷ শেহতীয়াকৈ হিমাচলৰ নিম্ন অঞ্চলসমূহতো তাপমান যথেষ্ট পৰিমানে নিম্নগামী হৈছে বুলি জানিব পৰা গৈছে ৷

প্ৰশাসনে যদিও বৰ্তমান ৰাস্তাৰ পৰা বৰফ আঁতৰ কৰাৰ কাম কৰি আছে তথাপি কিছুমান অঞ্চলৰ পৰা বৰফ আঁতৰ কাৰটো যথেষ্ট তঠিন হ'ব বুলি অনুমান কৰা হৈছে ৷ বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে যে বৰ্তমান হিমাচলৰ আকাশ প্ৰায় ফৰকাল হৈ থাকিব আৰু ডিচেম্বৰ 2 তাৰিখলৈ হিমাচলত বৰষুণ আৰু তুষাৰপাত হোৱাৰ সম্ভাৱনা নাই ৷

লগতে পঢ়ক: খোদ আৰক্ষীয়ে নিৰ্বাচনৰ প্ৰাৰ্থীক অপহৰণ কৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.