ETV Bharat / bharat

উত্তৰ প্ৰদেশ মথুৰাৰ যমুনা এক্সপ্ৰেছৱে’ত দুখন বাছৰ সংঘৰ্ষত ৪০ জন আহত - দুখন বাছৰ সংঘৰ্ষ

Two buses collide: উত্তৰ প্ৰদেশৰ মথুৰাৰ যমুনা এক্সপ্ৰেছৱে’ত ভয়ংকৰ বাছ দুৰ্ঘটনা ৷ পুৱতি নিশা দুখন বাছৰ সংঘৰ্ষত প্ৰায় ৪০ জন লোক আহত ৷ ঘন কুঁৱলীৰ বাবে দৃশ্যমানতা কম হোৱাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয় ৷

two buses collide on Yamuna Expressway in Mathura
উত্তৰ প্ৰদেশ মথুৰাৰ যমুনা এক্সপ্ৰেছৱে’ত দুখন বাছৰ সংঘৰ্ষত ৪০ জন আহত
author img

By ANI

Published : Jan 15, 2024, 9:34 AM IST

Updated : Jan 15, 2024, 2:21 PM IST

নিউজ ডেস্ক, ১৫ জানুৱাৰী: উত্তৰ প্ৰদেশৰ মথুৰাৰ যমুনা এক্সপ্ৰেছৱে’ত সংঘটিত এক ভয়ংকৰ বাছ দুৰ্ঘটনাত প্ৰায় ৪০ জন লোক আহত হয় বুলি জানিব পৰা হৈছে ৷ সোমবাৰে পুৱতি নিশা প্ৰায় 3 বজাত মথুৰাত ৰায়া কাটত দুখন বাছৰ সংঘৰ্ষ হয় ৷ দুৰ্ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাচতেই ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ লগতে আৰক্ষীৰ লগত যোগাযোগ কৰে । লগে লগে দুৰ্ঘটনাস্থলী আৰক্ষী উপস্থিত হৈ আহতসকলক জিলা চিকিৎসালয়ত ভৰ্তি কৰে ।

দুৰ্ঘটনাত পতিত বাছ দুখনৰ এখন ঢোলপুৰৰ পৰা নয়দা অভিমুখে আৰু আনখন ইটাৱাৰ পৰা নয়দা অভিমুখী গৈছিল ৷ দুৰ্ঘটনাগ্ৰস্ত বাছ দুখনৰ পঞ্জীয়ন নম্বৰ ক্ৰমে ইউ পি ১৭ এ টি ০৩০৫ আৰু ইউ পি ৭৫ বি টি ৩০৩৪ ৷ আহত যাত্ৰীসকলৰ কেইবাগৰাকী অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে ৷ ঘন কুঁৱলীৰ বাবে দৃশ্যমানতা কম হোৱাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জ্যেষ্ঠ আৰক্ষী অধীক্ষক শৈলেশ কুমাৰ পাণ্ডেয়ে জানিবলৈ দিয়ে ৷

গুৰুতৰভাৱে আহতসকলৰ ভিতৰত দুজন যাত্ৰীৰ অৱস্থা অতি সংকটজনক হোৱাত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে আগ্ৰা এছ এন মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে । স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে ঘন কুঁৱলীৰ বাবে দুয়োখন বাছৰ চালকে ইজনে সিজনৰ বাহনখন দেখা নাপালে । ইয়াৰ বাবেই দুয়োৰে মাজত সংঘৰ্ষ হৈছিল ৷

লগতে পঢ়ক: নেপালত বাছ দুৰ্ঘটনাত ২ ভাৰতীয়সহ ১২ জন নিহত

Last Updated : Jan 15, 2024, 2:21 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.