ETV Bharat / bharat

কোৰ্বাৰ হত্যাৰ গোচৰত ধৰ্ষণৰ কথা স্বীকাৰ দুই অভিযুক্তৰ

author img

By

Published : Feb 5, 2021, 9:18 AM IST

Updated : Feb 5, 2021, 9:38 AM IST

কোৰ্বাৰ লেমাৰু ট্ৰিপল হত্যাকাণ্ডৰ গোচৰত ছয়জন অভিযুক্তৰ ভিতৰত দুজন অভিয়ুক্তই ইতিমধ্যে ধৰ্ষণৰ কথা স্বীকাৰ কৰিছে। আৰক্ষীয়ে এতিয়ালৈকে ৬ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। হত্যাৰ আগতে, ৬ জনলোকৰ ভিতৰত ২ জনে কিশোৰী গৰাকীক ধৰ্ষণ কৰিছিল আৰু মৃত্যুৰ পিছতে কিশোৰাগৰাকীক শিলৰ মাজত পুতি থৈছিল ।

two-accused-confessed-to-rape-in-triple-murder-case-in-korba
কোৰ্বাৰ হত্যাৰ গোচৰত ধৰ্ষণৰ কথা স্বীকাৰ দুই অভিযুক্তৰ

নিউজ ডেস্ক,5 ফেব্ৰুৱাৰী: কোৰ্বা জিলাৰ লেমাৰুৰ বনাঞ্চলত 29 জানুৱাৰীত সংঘটিত হৈছিল এটা ভয়ংকৰ হত্যা কাণ্ড ৷ উক্ত হত্যা কাণ্ডত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে এতিয়ালৈকে ৬ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে বৃহস্পতিবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি সাংবাদিকৰ আগত কয় যে, ৬ জন অভিযুক্তৰ ভিতৰত ২ জন অভিযুক্তই 16 বছৰীয়া কিশোৰী জনীক ধৰ্ষণ কৰাৰ কথা স্বীকাৰ কৰিছে। অৱশ্যে, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত এতিয়াও স্পষ্ট হোৱা নাই সমগ্ৰ বিষয়টো । অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছতহে উলাই পৰিব সমগ্ৰ ঘটনাটোৰ ৰহস্য় ৷

ইফালে বিলাসপুৰৰ বিশেষজ্ঞ আৰু ফ’ৰেনচিক দল এটাকো গোচৰটোৰ তদন্তৰ বাবে তলব কৰিছে বুলি আৰক্ষীয়ে সদৰি কৰিছে। তদন্তকাৰী দলটোৰ প্ৰতিবেদন লাভ কাৰৰ পিছতে গোচৰটোত যৌথভাৱে তদন্ত আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে ৷

ঘটনাটোৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে,মৃত জকৰি ৰামে মুখ্য অভিযুক্ত সন্ত ৰামৰ ঘৰত গৰু ৰখীয়া হিচাপে কাম কৰিছিল আৰু পৰিয়ালটোও তেওঁৰ সৈতে বাস কৰিছিল। মৃত জামালী ৰামৰ ১৬ বছৰীয়া কিশোৰীজনীক দীৰ্ঘ দিন ধৰি বেয়া চকুৰে চোৱাত 29 জানুৱাৰীত নিজা ঘৰ বৰপানীলৈ পৰিয়ালটোৱে যাত্ৰা কৰে ৷

সেই সময়তে মুখ্য অভিযুক্ত সন্ত ৰামকে ধৰি আন ৫ জন মাতাল লোকে গড়ুপ্ৰোদাৰ অৰণ্যৰ প্ৰায় ১ কিলোমিটাৰ ভিতৰত কাঠ আৰু শিলেৰে তিনিওজন পৰিয়ালকে হত্যা কৰে। ইফালে হত্যাৰ আগতে,৬ জন অভিযুক্ত লোকৰ ভিতৰত ২ জনে কিশোৰীজনীক ধৰ্ষণ কৰি শিলৰ মাজত পুতি থৈছিল বুলি আৰক্ষী সুত্ৰে জানিব পৰা গৈছে।

আনহাতে, গোচৰটোৰ আটাইতকৈ ভয়ংকৰ দিশটো হ'ল যে পাহাৰীয়া কোৰৱা জনজাতীয়ৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীক কেৱল দল-ধৰ্ষণ কৰাই নহয়, নানা যৌন নিৰ্যাতন চলাই শিলৰে পুতি থৈছিল। এই জঘন্য ঘটনাটো ২৯ জানুৱাৰীত সংঘটিত হৈছিল আৰু নিহত কিশোৰাগৰাকীৰ পৰিয়ালে আৰক্ষীক অৱগত কৰাৰ পিছতেই আৰক্ষীৰ তদন্তত ওলাই পৰিছিল এই সমগ্ৰ ঘটনাটো ।

ধৃত অভিযুক্ত কেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হ'বলৈ সক্ষম হৈছিল আৰক্ষী। ইফালে 4 দিন ধৰি নিৰ্যাতন চলাইছিল যদিও কোনো লোক ঘটনাস্থলীত উপস্থিত হ'ব পৰা নাছিল। আৰক্ষী যেতিয়া ঘটনাস্থলীত উপস্থিত হৈছিল সেই সময়ত কিশোৰী গৰাকী কোনোমতে উশাহ-নিশাহ লৈ আছিল ৷ আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা সময়তে তেওঁৰ মৃত্যু হয় বুলি আৰক্ষীয়ে সদৰি কৰে এই কথা।

লগতে পঢ়ক-বৰপেটাত অসম জাতীয় পৰিষদৰ বৃহৎ যোগদান সমাৰোহ

Last Updated : Feb 5, 2021, 9:38 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.