ETV Bharat / bharat

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি - উত্তৰ প্ৰদেশ আৰক্ষী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)ক হত্যাৰ ভাবুকি টুইটাৰ ব্যৱহাৰকাৰীৰ । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ(Yogi Adityanath)কো হত্যা কৰাৰ ভাবুকি । কিন্তু কোনে হত্যাৰ ভাবুকি দিলে প্ৰধানমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক ?

Twitter user threatens to assassinate PM Modi
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হত্যাৰ ভাবুকি টুইটাৰ ব্যৱহাৰকাৰীৰ
author img

By

Published : Nov 8, 2021, 10:04 AM IST

নেশ্যনেল ডেস্ক, ৮ নৱেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi) আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ(Yogi Adityanath)ক হত্যাৰ ভাবুকি দিলে এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে । বোমা বিস্ফোৰণ সংঘটিত কৰি হত্যা কৰাৰ ভাবুকি দিলে দুয়োকে । সম্প্ৰতি ঘটনা সন্দৰ্ভত উত্তৰ প্ৰদেশ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । আৰক্ষী উপ-আয়ুক্ত প্ৰমোদ কুমাৰ তিৱাৰীয়ে জনোৱা মতে, হত্যাৰ ভাবুকি পোৱাৰ পাচতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

এয়া কোনো দুষ্কৃতিকাৰীৰ কাম বুলি তেওঁ মন্তব্য কৰে । তেওঁ কয় যে, এনে ধৰণৰ টুইটাৰ একাউণ্টত সাধাৰণতে ভুৱা নাম ব্যৱহাৰ কৰা হয় । তদন্ত শেষ নোহোৱা পৰ্যন্ত অথবা উপযুক্ত প্ৰমাণ লাভ নকৰা পৰ্যন্ত নাম তথা গোপন তথ্য প্ৰকাশ কৰিব পৰাা নাযাব বুলিও তেওঁ মন্তব্য কৰে । আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয় যে, শীঘ্ৰেই অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হ'ব আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

তেওঁ কয় যে, এই সন্দৰ্ভত টুইটাৰৰ পৰা তথ্য বিচাৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে । প্ৰমোদ কুমাৰ তিৱাৰীয়ে কয় যে, এই বিষয়টো অতি স্পৰ্শকাতৰ, কিয়নো, হত্যাৰ ভাবুকি দিয়াৰ উপৰিও আপত্তিজনক মন্তব্যও কৰা হৈছে । পূৰ্বেও এনে ধৰণৰ ভাবুকি দিয়া হৈছিল বুলিও তেওঁ জানিবলৈ দিয়ে ।

লগতে পঢ়ক:পুনৰ ত্ৰিপুৰী সকলৰ বাবে 'পৃথক ৰাজ্য'ৰ দাবীত উত্তল হ’ব দিল্লী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.