আগৰতলা, 3 মাৰ্চ : ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে বুধবাৰে ত্ৰিপুৰা ৰাজ্যিক ৰাইফল (Tripura State Rifle) চমুকৈ TSR ৰ জোৱান সকলৰ ভূমিকাক প্ৰশংসা কৰি কয় যে ত্ৰিপুৰাত সন্ত্ৰাসবাদ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত এই বাহিনীটোৱে গুৰুত্বপূৰ্ণ ভূমিকা লোৱাত সক্ষম হৈছে (TSR played crucial role in taming down terrorism) ৷
মুখ্যমন্ত্ৰী দেৱে বুধবাৰে ত্ৰিপুৰাৰ খোৱাই জিলাৰ অন্তৰ্গত চাকমাঘাটত থকা টিএছআৰৰ দ্বাদশ বেটেলিয়নৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে (Tripura CM visits TSR 12th Battalion Headquarter) ৷ 1980 ৰ দশকত ত্ৰিপুৰাত বৃদ্ধিপোৱা উগ্ৰপন্থী কাৰ্যকলাপ (insurgency in Tripura during 1980s) নিয়ন্ত্ৰণ কৰাৰ বাবে ত্ৰিপুৰা ৰাজ্যিক ৰাইফলছক কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ (চিপিএমএফ) আৰ্হিত গঠন কৰা হৈছিল ।
বৰ্তমান ৰাজ্যখনত টিএছআৰৰ ১১ টা বেটেলিয়ন আছে, যাৰ ভিতৰত ৯টা বেটেলিয়ন হৈছে ইণ্ডিয়া ৰিজাৰ্ভ বেটেলিয়ন৷ শনিবাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰথমে টিএছআৰ জোৱানসকলৰ দ্বাৰা আয়োজিত ৰক্তদান শিবিৰ পৰিদৰ্শন কৰে । তাৰ পিছত তেওঁ বায়ফ্ল’ক প্ৰক্ৰিয়াৰ জৰিয়তে মৎস্যপালন কৰা এলেকা পৰিদৰ্শন কৰে ।
তেওঁৰ এই ভ্ৰমণকালত মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে জোৱানসকলৰ পৰা তেওঁলোকে পোনপটীয়াকৈ সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে গ্ৰাউণ্ড জিৰ’ পৰ্যায়ৰ তথ্য লয় । তেওঁ টিএছআৰৰ উচ্চ বিষয়াসকলক অনাগত দিনত এই ধৰণৰ ভ্ৰমণ অব্যাহত ৰাখিবলৈ আৰু অভিযোগ আৰু ত্ৰুটিসমাধানৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়ে ।
লগতে পঢ়ক : AP High Court : আদালতৰ ৰায় অনুসৰি অমৰাৱতী হ’ব অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী