ETV Bharat / bharat

ত্ৰিপুৰাত ২২ মে'ত ২৪ ঘণ্টীয়া ধৰ্মঘটৰ আহ্বান আইপিএফটিৰ - ত্ৰিপুৰাত ২২ মে'ত ২৪ ঘণ্টীয়া ধৰ্মঘটৰ আহ্বান আইপিএফটিৰ

আইপিএফটিৰ সভাপতি এন চি দেববৰ্মাৰ ওপৰত হোৱা আক্ৰমণৰ পিছতে ২২ মে'ত ২৪ ঘণ্টীয়া ধৰ্মঘটৰ আহ্বান । আইপিএফটিৰ সাধাৰণ সম্পাদক তথা বন মন্ত্ৰী মেভাৰ কুমাৰ জামাতিয়াই আক্ৰমণৰ প্ৰতিবাদত ঘোষণা কৰে এই ধৰ্মঘট ।

author img

By

Published : May 21, 2021, 6:34 PM IST

নেশ্যনেল ডেস্ক,২১ মে': আইপিএফটিৰ সভাপতি এন চি দেববৰ্মাৰ ওপৰত হোৱা আক্ৰমণৰ পিছতে ৰাজ্যজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । ইফালে এই ঘটনাক গৰিহণা দিয়াৰ লগতে আইপিএফটিৰ সাধাৰণ সম্পাদক তথা বনমন্ত্ৰী মেভাৰ কুমাৰ জামাতিয়াই আক্ৰমণৰ প্ৰতিবাদত অহা ২২ মে'ত ২৪ ঘণ্টীয়া ধৰ্মঘটৰ আহ্বান কৰে ।

ধৰ্মঘটৰ কথা ঘোষণা কৰি জামাতিয়াই কয় যে আইপিএফটিয়ে দলৰ জ্যেষ্ঠ নেতা এন চি দেববৰ্মাৰ ওপৰত হোৱা আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছে আৰু ইয়াত জড়িত অপৰাধীসকলৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । এন চি দেববৰ্মা ৰাজ্যখনৰ এগৰাকী সন্মানীয় ৰাজনীতিবিদ আৰু তেওঁৰ দৰে ব্যক্তিত্বৰ ওপৰত এনে আক্ৰমণে কেৱল সকলোৰে আগত টিপ্ৰা মোথাৰ অভিপ্ৰায় উন্মোচিত কৰিছে বুলিও তেওঁ উল্লেখ কৰে ।

তেওঁ লগতে কয় যে ঘটনাটো পূৰ্বপৰিকল্পিত আছিল আৰু আক্ৰমণত জড়িত সকলক ইতিমধ্যে টিপ্ৰা মোথা দলৰ স্বেচ্ছাসেৱক হিচাপে চিনাক্ত কৰা হৈছে । ইফালে এই ধৰ্মঘটৰ আহ্বান সন্দৰ্ভত পুৱা অনুষ্ঠিত দলৰ কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ বৈঠকত সিদ্ধান্ত লোৱা হৈছিল বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

জামাতিয়াৰ মতে বৃহস্পতিবাৰে বেলবাৰী অঞ্চলত আইপিএফটিৰ বিধায়ক ধীৰেন্দ্ৰ দেববৰ্মাকো আক্ৰমণ কৰা হৈছিল । তেওঁৰ অভিযোগ টিপ্ৰা মোথাৰ এমডিচি গণেশ জামাতিয়াৰ নেতৃত্বত এটা দলে বিধায়কজনৰ বাহনত আক্ৰমণ কৰিছিল । তেওঁ লগতে কয় যে আক্ৰমণৰ সময়ত ছয়জন লোক আঘাতপ্ৰাপ্ত হৈছিল ।

জামাতিয়াই নিৰ্বাচনোত্তৰ পীড়িত পৰিয়ালবোৰৰ বাবে ক্ষতিপূৰণৰ দাবীও জনায় । তেওঁ উল্লেখ কৰা মতে হিংসাৰ ফলত ১০০ ৰো অধিক পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে আৰু আইপিএফটি দলে চৰকাৰক তেওঁলোকক ক্ষতিপূৰণ দিবলৈ আহ্বান জনাইছে ।

মন্ত্ৰীগৰাকীৰ অভিযোগ টিপ্ৰা মোথা সমৰ্থকসকলে চৰকাৰী বিষয়াসকলক সকলো ক্ষেত্ৰতে নিয়ন্ত্ৰণত ৰাখিবলৈ ভাবুকি দি আছিল । যিসকলে হিংসাৰ আশ্ৰয় লয় তেওঁলোকক আটক কৰা উচিত বুলিও দাবী কৰে নেতাগৰাকীয়ে ।

..............CHANGE THUMBNAIL...........

লগতে পঢ়ক:পঞ্জাৱৰ মোগাত মিগ-২১ দুৰ্ঘটনা, নিহত বৈমানিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.