ETV Bharat / bharat

ত্ৰিপুৰাৰ পৰা বাংলাদেশৰ প্ৰধানমন্ত্ৰীলৈ সুস্বাদু আনাৰস - বাণিজ্যিক সম্পৰ্ক

বাংলাদেশৰে সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰয়াস ত্ৰিপুৰা চৰকাৰৰ । এইবাৰ আনাৰস (pineapple)ৰ কূটনীতি অৱলম্বন । বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা (Sheikh Hasina)লৈ ৪০০টা আনাৰস প্ৰেৰণ কৰিলে ত্ৰিপুৰা চৰকাৰে ।

Tripura government has sent a consignment of Que variety pineapple for Bangladesh Prime Minister
ত্ৰিপুৰাৰ পৰা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনালৈ সুস্বাদু আনাৰস প্ৰেৰণ
author img

By

Published : Jul 12, 2021, 4:55 PM IST

নেশ্যনেল ডেস্ক, ১২ জুলাই : বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা (Sheikh Hasina)লৈ কুইন প্ৰজাতিৰ সুস্বাদু আনাৰস প্ৰেৰণ কৰিলে ত্ৰিপুৰা চৰকাৰে । ত্ৰিপুৰাৰ আনাৰসৰ প্ৰসাৰ আৰু বাংলাদেশৰে বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্যেৰে আনাৰস প্ৰেৰণ কৰা হৈছে । ত্ৰিপুৰা উৎপাদিত সামগ্ৰীৰ বাবে বাংলাদেশৰ বজাৰ হৈছে এক গুৰুত্বপূৰ্ণ বজাৰ । ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তৰে বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰিবলৈ দুয়োখন দেশেই আগ্ৰহী ।

ত্ৰিপুৰা উদ্যান শস্য, উদ্যোগ আৰু বাণিজ্য বিভাগৰ উচ্চ পদস্থ বিষয়াসকলে বাংলাদেশৰ চিটাগং স্থিত ভাৰতীয় উচ্চায়ুক্তৰ দ্বিতীয় সচিব উদিত ঝাৰ হাতত আনাৰসখিনি দিয়ে । এই সন্দৰ্ভত উদ্যোগ আৰু বাণিজ্য বিভাগৰ সঞ্চালক তৰিৎ কান্তি চাকমাই কয় যে, ‘বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ (Biplab Kumar Deb)লৈ ৩০০ কিলোগ্ৰাম আম প্ৰেৰণ কৰিছিল । সেয়েহে, সদিচ্ছাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়েও বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনালৈ কুইন প্ৰজাতিৰ সুস্বাদু আনাৰসৰ মুঠ ১০০টা বাকচ প্ৰেৰণ কৰিছে ।’

প্ৰতিটো বাকচত চাৰিটাকৈ আনাৰস আছে । আনাৰস থকা প্ৰতিটো বাকচৰ ওজন ৭-৮ কেজি ।

বাংলাদেশৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা আনাৰসৰ বাকচৰ মুঠ ওজন হৈছে ৭০০-৮০০ কেজি । এই পদক্ষেপৰ সৈতে দ্বি-পাক্ষিক সম্পৰ্ক অধিক শক্তিশালী হ'ব বুলি আশা প্ৰকাশ কৰিছে চিটাগং স্থিত ভাৰতীয় উচ্চায়ুক্তৰ দ্বিতীয় সচিব উদিত ঝাই । লগতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক শক্তিশালী কৰিবলৈ লোৱা প্ৰচেষ্টাৰ বাবে উদিত ঝাই মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক (Biplab Kumar Deb) ধন্যবাদ জনায় ।

তেওঁ কয় যে, ভাৰত আৰু বাংলাদেশৰ মাজত সামগ্ৰিক সম্পৰ্ক দীৰ্ঘদিন ধৰি যথেষ্ট ভাল হৈ আছে । মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে গ্ৰহণ কৰা পদক্ষেপ সঁচাকৈয়ে প্ৰশংসাৰ যোগ্য বুলি কৈ তেওঁ কয় যে, দুয়োখন দেশৰ মাজৰ সম্পৰ্ক সময়ৰ লগে লগে আৰু ভাল হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে । আনহাতে, ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও চেষ্টা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:ৰাজনীতিলৈ ওভতাৰ ইংগিত ৰজনীকান্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.