ETV Bharat / bharat

ত্ৰিপুৰাত পুনৰ কৰ'ণাৰ সংক্ৰমণ, নতুনকৈ আক্ৰান্ত ২৬ গৰাকী - Tripura Covid

ত্ৰিপুৰাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে প্ৰকাশ কৰা মতে ৰাজ্যখনত পুনৰ ২৬ গৰাকী লোকৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ ভাইৰাছৰ অৱস্থিতি । নতুনকৈ সংক্ৰমিত ব্যক্তিসকলৰ ভিতৰত চাৰিজন স্থানীয় কনিষ্ঠ চিকিৎসক, স্বাস্থ্য কৰ্মচাৰী আৰু এগৰাকী গৰ্ভৱতী মহিলাও আছে ।

ত্ৰিপুৰাত পুনৰ কৰ'ণাৰ সংক্ৰমণ,নতুনকৈ আক্ৰান্ত ২৬ গৰাকী

author img

By

Published : Feb 20, 2021, 1:27 PM IST

নিউজ ডেস্ক,২০ ফেব্ৰুৱাৰী: দীৰ্ঘদিনৰ অন্তত ত্ৰিপুৰাত পুনৰ কৰ'ণাৰ সংক্ৰমণ । ত্ৰিপুৰাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জনোৱা মতে ৰাজ্যখনত পুনৰ ২৬ গৰাকী লোকৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ ভাইৰাছৰ অৱস্থিতি । বিভাগে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ৫৮১ টা নমুনা পৰীক্ষা কৰা হৈছিল য'ত ৯ টা নমুনাত শুকুৰবাৰে সন্ধিয়ালৈকে পজিটিভ পোৱা গৈছিল । অৱশ্যে পৰৱৰ্তী সময়ত পশ্চিম ত্ৰিপুৰাৰ জিলা দণ্ডাধীশ শৈলেশ কুমাৰ যাদৱে নিশ্চিত কৰে যে আক্ৰান্তৰ সংখ্যা ২৬ লৈ বৃদ্ধি পাইছে ।

ত্ৰিপুৰাত পুনৰ কৰ'ণাৰ সংক্ৰমণ,নতুনকৈ আক্ৰান্ত ২৬ গৰাকী
ত্ৰিপুৰাত পুনৰ কৰ'ণাৰ সংক্ৰমণ,নতুনকৈ আক্ৰান্ত ২৬ গৰাকী

জানিব পৰা মতে নতুনকৈ সংক্ৰমিত ব্যক্তিসকলৰ ভিতৰত চাৰিজন স্থানীয় কনিষ্ঠ চিকিৎসক, কিছুসংখ্যক স্বাস্থ্য কৰ্মচাৰী আৰু এগৰাকী গৰ্ভৱতী মহিলাও আছে । আক্ৰান্ত সকলক ইতিমধ্যে ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয় আৰু ড৹ বি আৰ আম্বেদকাৰ মেম'ৰিয়েল হাস্পতালত ভৰ্তি কৰোৱা হৈছে । চিকিৎসক আৰু স্বাস্থ্যকৰ্মী আক্ৰান্ত হোৱাৰ লগে লগে পশ্চিম ত্ৰিপুৰাত অধিক সংক্ৰমণৰ আশংকাত পশ্চিম ত্ৰিপুৰাৰ জিলা দণ্ডাধীশ শৈলেশ কুমাৰ যাদৱে চিকিৎসালয়ৰ বাহিৰৰ সেৱা বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে । জিলা দণ্ডাধীশৰ মতে যোৱা দুটা দিনত অৰ্থাৎ ১৮ আৰু ১৯ ফেব্ৰুৱাৰীত ৰাজ্যখনত কৰ'ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে ।

আনহাতে ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰী আৰু ড০ বি আৰ আম্বেদকাৰ মেম'ৰিয়েল টিচিং হাস্পতালৰ কৰ্মচাৰীসকলৰ মাজত ক'ভিডৰ-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতে নিয়মীয়া অ'পিডি সেৱা বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে । জানিব পৰা মতে, আক্ৰান্তসকলৰ সংস্পৰ্শলৈ অহা ব্যক্তিসকলক চিনাক্ত কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে স্বাস্থ্য বিভাগে ।

বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে এক বিবাহ অনুষ্ঠানৰ পৰা কৰ'ণাৰ সংক্ৰমণ আৰম্ভ হৈছিল । ইয়াৰ মাজতে গুৰুত্বপূৰ্ণ কথাটো হ'ল বছৰৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে অতি কম সংখ্যক লোক কৰ'ণাত আক্ৰান্ত হৈছে যদিও ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয় বৰ্তমান কৰ'ণাৰ হটস্পটলৈ পৰিণত হৈছে ।

লগতে পঢ়ক:মৃত্যুদণ্ডৰে দণ্ডিত হোৱা স্বাধীন ভাৰতৰ প্ৰথম মহিলা গৰাকী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.