ETV Bharat / bharat

Congress protest in Tripura : বিজেপিৰ শাসনক হিটলাৰৰ শাসন আখ্যা ত্ৰিপুৰাৰ কংগ্ৰেছ বিধায়কৰ

author img

By

Published : Jul 21, 2022, 9:38 PM IST

সাংবাদিকৰ সৈতে বাৰ্তালাপত প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ বিধায়ক ৰয় বৰ্মনে ইডি আৰু চিবিআইক তীব্ৰ সমালোচনা কৰে (Tripura Congress MLA slammed ED) । লগতে তেওঁ দাবী কৰে যে এই বিভাগকেইটাই বৰ্তমান বিজেপিৰ হাতৰ পুতলা হিচাপে কাম কৰি আছে । মানুহে এক উলংগ আৰু লেতেৰা ৰাজনীতি প্ৰত্যক্ষ কৰা বুলিও তেওঁৰ অভিযোগ ।

Tripura Congress protest
Tripura Congress protest

নিউজ ডেস্ক, ২১ জুলাই : কংগ্ৰেছ বিধায়ক তথা ত্ৰিপুৰা বিজেপিৰ প্ৰাক্তন মন্ত্ৰী সুদীপ ৰয় বৰ্মনে বৃহস্পতিবাৰে বিজেপিৰ শাসনক হিটলাৰৰ শাসনৰ সৈতে তুলনা কৰে (Congress MLA compared BJP rule to Hitler) । উল্লেখ্য, আজি কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধীক ইডিয়ে সোধাপোছাৰ বাবে ইডিৰ কাৰ্যালয়লৈ তলব কৰে । দেশৰ আন আন ৰাজ্যসমূহৰ দৰে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছে এআইচিচিৰ সভাপতি ছোনিয়া গান্ধীক সোধাপোছাৰ (Enforcement Directorate summon AICC President Sonia Gandhi) মতাৰ প্ৰতিবাদত আগৰতলাত ইডি কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ।

সাংবাদিকৰ সৈতে বাৰ্তালাপত প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ বিধায়ক ৰয় বৰ্মনে ইডি আৰু চিবিআইক তীব্ৰ সমালোচনা কৰে । লগতে তেওঁ দাবী কৰে যে এই বিভাগকেইটাই বৰ্তমান বিজেপিৰ হাতৰ পুতলা হিচাপে কাম কৰি আছে । মানুহে এক উলংগ আৰু লেতেৰা ৰাজনীতি প্ৰত্যক্ষ কৰা বুলিও তেওঁৰ অভিযোগ ।

তেওঁ কয়, "ইডি, চিবিআয়ে এতিয়া পুতলা হিচাপে কাম কৰি আছে । প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে (Central government led by PM Modi) তেওঁলোকক নিজৰ ব্যক্তিগত লাভালাভৰ বাবে ব্যৱহাৰ কৰিছে । যেতিয়াই ছোনিয়া গান্ধী, ৰাহুল গান্ধীয়ে মানুহৰ সমস্যাৰ বিষয়ে কয়, বিজেপিয়ে ইডি আৰু চিবিআই ব্যৱহাৰ কৰে । এনে ধৰণৰ কাম কৰি তেওঁলোকে কংগ্ৰেছক বাধা দিব নোৱাৰে ।"

তেওঁ লগতে কয়, "এতিয়া তেওঁলোকে জনসাধাৰণৰ আগত কংগ্ৰেছক লাঞ্ছিত কৰিবলৈ চেষ্টা কৰি আছে । তেওঁলোকে লেতেৰা ৰাজনীতি কৰি আছে, যাক মানুহে কেতিয়াও গ্ৰহণ নকৰে । মানুহে এনে ধৰণৰ কথাৰ প্ৰতিবাদ আৰু নিন্দা কৰিছে । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে, ভাৰতীয় মুদ্ৰাৰ মূল্য হ্ৰাস পাইছে, দৰিদ্ৰ লোকসকলে এই সকলোবোৰ সৈতে যুঁজি আছে । কংগ্ৰেছেও ইয়াৰ সৈতে যুঁজ দিব আৰু বিজেপিয়ে ষড়যন্ত্ৰ ৰচনা কৰি আমাক বাধা দিবলৈ চেষ্টা কৰিব । কংগ্ৰেছে সদায় দেশ আৰু দেশৰ মানুহৰ বাবে চিন্তা কৰে । বিজেপিৰ শাসনত কেৱল এজন মানুহৰ মাত শুনা যায় । যিটো হিটলাৰৰ নিয়ম আছিল (Tripura Congress MLA termed BJP rule as Hitler rule) । এয়া হৈছে সম্পূৰ্ণ ফেচিজম । আমি ইয়াৰ গৰিহণা দিছোঁ "।

উল্লেখ্য, এআইচিচিৰ সম্পাদক তথা ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত বিষয়া জাৰিতা লাইটফালাঙে অভিযোগ কৰে যে বিজেপিয়ে বিৰোধী দলসমূহৰ বিৰুদ্ধে বিশেষকৈ কংগ্ৰেছৰ বিৰুদ্ধে এক ডাঙৰ ষড়যন্ত্ৰ ৰচনা কৰিছে (Congress alleged BJP to big conspiracy against opposition parties) ।

লগতে পঢ়ক :Raid against banned items: ত্ৰিপুৰা সীমান্তত ২ কোটি টকাৰ নিষিদ্ধ সামগ্ৰীসহ তিনিজনক গ্ৰেপ্তাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.