ত্ৰিপুৰা, 14 এপ্ৰিল : ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ ক’ভিড-19 ত আক্ৰান্ত হোৱাৰ এসপ্তাহ পাছতে তেওঁৰ পত্নী নীতি দেৱো ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ ইয়াৰ পূৰ্বেও এবাৰ ক'ভিড-19 ত আক্ৰান্ত হোৱা মুখ্যমন্ত্ৰীৰ পত্নী গৰাকী এইবাৰ দ্বিতীয়বাৰৰ বাবে কৰ’ণাত আক্ৰান্ত হৈছে ৷
সামাজিক মাধ্যমৰ জৰিয়তে এই কথা সদৰী কৰি সকলোকে সুৰক্ষিত থাকিবলৈ আহ্বান জনোৱাৰ লগতে আৰু স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰি দিয়া সুৰক্ষা প্ৰটকল মানি চলি ৰাজ্যবাসীক টিকাকৰণ কৰিবলৈ নীতি দেৱে আহ্বান জনাইছে ৷
উল্লেখ্য যে, ত্ৰিপুৰাৰ চৰকাৰী সুত্ৰ অনুসৰি, কেইদিনমান পূৰ্বে কৰ’ণাত আক্ৰান্ত হোৱা ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ বৰ্তমান সুস্থ যদিও উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বাৰ্মাৰ লগতে বিজেপিৰ বিধায়ক ৰতন চক্ৰৱৰ্তী কৰ'ণাত আক্ৰান্ত হৈছে ৷
লগতে পঢ়ক : কলগাছিয়াত অগ্নি নিৰ্বাপক সপ্তাহ পালন