আগৰতলা,২৩ ফেব্ৰুৱাৰী : ত্ৰিপুৰাত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে (Raid against drugs in Tripura)। ইয়াৰ মাজতে ৰাজ্যখনক ড্ৰাগছমুক্ত কৰাৰ বাবে পুনৰ কঠোৰ হৈছে চৰকাৰ । ড্ৰাগছ ব্যৱসায়ীসকলক এইবাৰ সকিয়নী দিলে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে (CM Biplab Kumar Dev warns drug mafia)।
মুখ্যমন্ত্ৰীগৰাকীৰ মতে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ ওপৰত চোকা দৃষ্টি ৰাখিব চৰকাৰে । অবৈধভাৱে উপাৰ্জন কৰা প্ৰতিটো টকাৰ হিচাপ দিব লাগিব সেইসকল লোকে । আগৰতলাৰ ইন্দ্ৰনগৰস্থিত ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰৰ নতুন হোষ্টেল ভৱনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি ড্ৰাগছ ব্যৱসায়ীসকলক সতৰ্ক কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁৰ মতে এই ব্যৱসায়ৰ লগত জড়িত সকলৰ বাসগৃহত অভিযান চলোৱা হ'ব আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
ইফালে ড্ৰাগছৰ সৰবৰাহকাৰীৰ উত্থানৰ ক্ষেত্ৰত পূৰ্বৰ চিপিআই(এম) চৰকাৰক দোষাৰোপ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁৰ মতে পূৰ্বৰ চৰকাৰে ড্ৰাগছ ব্যৱসায়ীসকলক আশ্ৰয় দিছিল । তেতিয়াৰ চৰকাৰৰ এই ক্ষেত্ৰত আস্থা থাকিলে তেওঁলোকে কেতিয়াও ড্ৰাগছ ব্যৱসায়ীৰ ক্ষেত্ৰত আপোচ নকৰিলেহেঁতেন । ২০ বছৰতকৈও অধিক সময় শাসন কৰা চিপিআই(এম) চৰকাৰে ৰাজ্যখনত ড্ৰাগছ মাফিয়াসকলৰ বাবে এক অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছিল বুলিও অভিযোগ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
মুখ্যমন্ত্ৰীগৰাকীৰ মতে ৰাজ্যখনত ড্ৰাগছ সৰবৰাহৰ কাৰ্যকলাপ বৃদ্ধিৰ আঁৰত থকা লোকসকলে এতিয়া মুক্তভাৱে ঘূৰি ফুৰিছে । বিলাসী বাহনত ভ্ৰমণ কৰিছে আৰু আড়ম্বৰপূৰ্ণ বহুমহলীয়া অট্টালিকাৰ মালিক সেইসকল । কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ কঠোৰ সকীয়নী সেইসকল মাফিয়াৰ বিপদ চমু চাপি আহিছে । বেআইনীভাৱে উপাৰ্জন কৰা প্ৰতিটো সম্পত্তিৰে এতিয়া হিচাপ দিব লাগিব সেইসকল লোকে ।
মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ মতে ত্ৰিপুৰাক এখন সমৃদ্ধিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰে এই চৰকাৰখন । অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে ত্ৰিপুৰাৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী মনোজ কান্তি দেৱ আৰু টিআইডিচিৰ (TIDC) অধ্যক্ষ টিংকু ৰয়ো উপস্থিত থাকে ।
লগতে পঢ়ক :হতাশগ্ৰস্ত নিবনুৱাসকলে হিংসাৰ আশ্ৰয় লৈছে: মানিক সৰকাৰ