ETV Bharat / bharat

ত্ৰিপুৰাৰ জোলাইবাৰী গ্ৰাম্য উন্নয়ন খণ্ডৰ উপদেষ্টা অধ্যক্ষক আক্ৰমণ

ত্ৰিপুৰা(Tripura)ত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ'ল বিজেপি(BJP)ৰ গ্ৰাম্য উন্নয়ন খণ্ডৰ উপদেষ্টা অধ্যক্ষ । মঙলবাৰে জোলাইবাৰী গ্ৰাম্য উন্নয়ন খণ্ডৰ উপদেষ্টা অধ্যক্ষ অশোক ম'গক আক্ৰমণ কৰে দুৰ্বৃত্তৰ এটা দলে । MGNREGAৰ অধীনত চলি থকা কাম পৰিদৰ্শন কৰিবলৈ যাওঁতেই তেওঁক দুৰ্বৃত্তই আক্ৰমণ কৰে ।

Tripura BJP block chairman assaulted
ত্ৰিপুৰাত বিজেপিৰ খণ্ড উপদেষ্টা অধ্যক্ষক আক্ৰমণ
author img

By

Published : Jun 9, 2021, 11:32 AM IST

আগৰতলা,৯ জুন: ত্ৰিপুৰাত তিপ্ৰা(TIPRA) আৰু বিজেপি(BJP)ৰ মাজত অব্যাহত আছে ৰাজনৈতিক সংঘাত । এই সন্দৰ্ভত দুয়োটা দলৰ শীৰ্ষ নেতৃত্বই নিৰৱতা অৱলম্বন কৰাৰ বাবে বৃদ্ধি পাইছে হিংসাত্মক ঘটনা । মঙলবাৰে জোলাইবাৰী গ্ৰাম্য উন্নয়ন খণ্ডৰ উপদেষ্টা অধ্যক্ষ অশোক ম'গক আক্ৰমণ কৰে দুৰ্বৃত্তই ।

MGNREGAৰ অধীনত চলি থকা কাম পৰিদৰ্শন কৰিবলৈ যাওতেই তেওঁক দুৰ্বৃত্তই আক্ৰমণ কৰে । দুৰ্বৃত্তৰ আক্ৰমণত অশোক ম'গৰ লগতে তেওঁৰ লগত থকা আন দুজন কৰ্মীও আহত হয় । ঘটনা সন্দৰ্ভত অশোক ম'গে কয় যে, মহামাৰীসৃষ্ট পৰিস্থিতিৰ বাবে কিছুদিন ধৰি কাম বন্ধ কৰি ৰখাৰ পিছত জোলাইবাৰী খণ্ডৰ কালশী টিটিএএডিচি(TTAADC) গাঁৱত MGNREGAৰ কাম পুনৰ আৰম্ভ কৰা হৈছিল ।

কাম পৰিদৰ্শন কৰিবলৈ গৈ গাঁৱখনত উপস্থিত হোৱাৰ পাছতে দুৰ্বৃত্তই অশোক ম'গ আৰু তেওঁৰ লগত যোৱা দুজন কৰ্মীক প্ৰহাৰ কৰে । লাঠীৰে প্ৰহাৰ কৰাৰ লগতে দুৰ্বৃত্তই তেওঁলোকলৈ শিল, ইটা দলিয়াইছিল । ইটাৰ টুকুৰা তেওঁৰ মূৰত লাগিছিল । লগতে তেওঁৰ লগত থকা কৰ্মীসকলক বেট আৰু লাঠীৰে প্ৰহাৰ কৰা হৈছিল বুলিও তেওঁ অভিযোগ তুলিছে । চৰকাৰী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত বিজেপি সমৰ্থক, প্ৰশাসনিক বিষয়া আৰু অন্যান্য নিম্ন পৰ্যায়ৰ বিষয়াসকলে বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হোৱা বাবে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীক হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে অশোক ম'গে ।

উল্লেখ্য যে, খণ্ড উন্নয়ন বিষয়া, পঞ্চায়ত সম্প্ৰসাৰণ বিষয়া আৰু অন্যান্য চৰকাৰী বিষয়াসকলৰ উপস্থিতিত খণ্ডটোত শেহতীয়াকৈ অনুষ্ঠিত এখন বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে, নতুনকৈ আৱণ্টন কৰা পুঁজিৰে প্ৰথম পৰ্যায়ত ত্ৰিপুৰা জনজাতীয় অঞ্চল জিলা পৰিষদৰ এলেকাসমূহত কাম কৰা হ'ব । সেই অনুসৰি, কালশী টিটিএএডিচি(TTAADC) গাঁৱত মঙলবাৰে প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ হৈছিল ।

লগতে পঢ়ক: বিস্ফোৰণত ধ্বংস বিহাৰৰ বাংকা জিলাৰ এখন মাদ্ৰাছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.