আগৰতলা, ১৩ ডিচেম্বৰ : পাহাৰীয়া আৰু উত্তৰ-পূবৰ ৰাজ্য সমূহৰ মাজত ত্ৰিপুৰাই মীন পালনৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰি প্ৰথম পুৰস্কাৰ লাভ কৰিছে(Fisheries sector of Tripura) । হায়দৰাবাদৰ ৰাষ্ট্ৰীয় মীন উন্নয়ন পৰিষদে(National Fisheries Development Board of Hyderabad) এই বঁটা প্ৰদান কৰে ৰাজ্যখনক ৷ সোমবাৰে সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি ত্ৰিপুৰাৰ মীন মন্ত্ৰী মেভাৰ কুমাৰ জামাতিয়াই কয় যে, এই বছৰ ত্ৰিপুৰাই মীন উন্নয়নৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ বঁটা লাভ কৰিছে ৷
মন্ত্ৰীজনে কয়, "১১ খন পাহাৰীয়া ৰাজ্যৰ ভিতৰত ত্ৰিপুৰাই প্ৰথম পুৰস্কাৰৰ লগতে ১০ লাখ টকাৰ প্ৰাইজ মানি লাভ কৰিছে । ২১ নৱেম্বৰত বিশ্ব মীন পালন দিৱস (World Fisheries Day)ত এই বঁটা লাভ কৰিছিল ৰাজ্যখনে ৷" তেওঁ প্ৰকাশ কৰে যে, ৰাজ্য সমূহৰ ভিতৰত ত্ৰিপুৰাৰ লোকসকলে আন্দামান নিকোবৰৰ পিছতে সৰ্বাধিক মাছ খায় ।
"আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ পিছতে ত্ৰিপুৰাত প্ৰতিজন ব্যক্তিয়ে প্ৰতি বছৰে গড়ে ২৫ কিলোগ্ৰাম মাছ খায় (Average fish consumption per person in Tripura) । এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় গড় হৈছে ১৮ কিলোগ্ৰাম । অৱশ্যে, বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, প্ৰতি বছৰে প্ৰতিজন ব্যক্তিৰ বাবে মাত্ৰ 11 কিলোগ্ৰাম মাছ খোৱাহে স্বাস্থ্যৰ বাবে ভাল । আমি স্বাস্থ্যৰ লাভা-লাভৰ বাবে মাছৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ অনুৰোধ জনাইছো ।'' মন্ত্ৰী জনে এইদৰে কয় ৷
লগতে পঢ়ক : Privatization of education: ত্ৰিপুৰাত শিক্ষাৰ ব্যক্তিগতকৰণৰ নীতিৰ বিৰোধিতা চিপিআইএমৰ