ETV Bharat / bharat

ত্ৰিপুৰাৰ বনমন্ত্ৰীৰ বিৰুদ্ধে উত্তপ্ত সদন

author img

By

Published : Mar 25, 2021, 9:18 PM IST

ত্ৰিপুৰাৰ বনমন্ত্ৰী মেৱাৰ কুমাৰ জামাতিয়াৰ বিৰুদ্ধে ভূমি কেলেংকাৰীৰ অভিযোগ তুলি সদনৰ মজিয়াত প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী বিধায়কসকলে । তীব্ৰ প্ৰতিবাদ আৰু বাক-বিতণ্ডাৰ অন্তত বিৰোধী বিধায়কসকলে সদন ত্যাগ কৰে । অৱশেষত উপাধ্যক্ষ বিশ্ব বন্ধু সেনে কিছু সময়ৰ বাবে সদন স্থগিত ৰাখে । বনমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ দাবী বিৰোধী বিধায়কসকলৰ ।

ত্ৰিপুৰা বনমন্ত্ৰীৰ বিৰুদ্ধে অবৈধ ভূমি আবণ্টনৰ অভিযোগত উত্তপ্ত সদন

নেশ্যনেল ডেস্ক,২৫ মাৰ্চ: অধিৱেশন চলি থকাৰ মাজতে হঠাৎ উত্তপ্ত হৈ পৰে ত্ৰিপুৰা বিধানসভাৰ মজিয়া । ত্ৰিপুৰাৰ বনমন্ত্ৰী মেৱাৰ কুমাৰ জামাতিয়াৰ বিৰুদ্ধে ভূমি কেলেংকাৰীৰ অভিযোগ তুলি সদনৰ মজিয়াত প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী বিধায়কসকলে । সংবাদমাধ্যমত বনমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে ভূমি কেলেংকাৰী সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ হৈছিল আৰু সেই বাতৰিৰ আধাৰত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তদন্তৰ দাবী কৰে বিৰোধী বিধায়কসকলে ।

বিৰোধীৰ উপদলপতি বিধায়ক বাদল চৌধুৰীয়ে আন বিধায়কসকলৰ সৈতে সদনৰ মজিয়াত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আনকি ৱাচ আৰু ৱাৰ্ডৰ নিৰাপত্তাৰক্ষীসকলে তেওঁলোকক বাধা দিবলৈ বাধ্য হয় । তীব্ৰ বাক-বিতণ্ডাৰ অন্তত বিৰোধী বিধায়কসকলে সদন ত্যাগ কৰে । অৱশেষত উপাধ্যক্ষ বিশ্ব বন্ধু সেনে কিছু সময়ৰ বাবে সদন স্থগিত ৰাখে ।

ইয়াৰ পিছতে বিৰোধীৰ উপদলপতি বাদল চৌধুৰীয়ে এক সংবাদমেলৰ সম্বোধন কৰে । মন্ত্ৰী মেৱাৰ কুমাৰ জামাতিয়াই অবৈধভাৱে টিটিএএডিচি অঞ্চলত ভূমি আৱণ্টনৰ বাবে আবেদন কৰাৰ অভিযোগ তোলে বাদল চৌধুৰীয়ে । বিধায়কগৰাকীৰ মতে মন্ত্ৰীগৰাকীৰ নেতৃত্বত এডিচি অঞ্চলত এগৰাকী টিচিএছ বিষয়া নিযুক্তি দিয়া হৈছিল আৰু তেওঁৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে ভূমি আৱণ্টনৰ বাবে আবেদন কৰাৰ অভিযোগ তোলে বাদল চৌধুৰীয়ে ।

বাদল চৌধুৰীৰ নেতৃত্বত সদনত তীব্ৰ প্ৰতিবাদ

আনহাতে প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী আৰু চিপিএমৰ বিধায়ক তপণ চক্ৰৱৰ্তীয়ে কয় যে এই সমগ্ৰ বিষয়ত ইতিমধ্যে বিভিন্ন সংবাদমাধ্যমত বাতৰি সম্প্ৰচাৰ হৈছে আৰু বাতৰিৰ আধাৰত বিৰোধীয়ে সদনত মুখ্যমন্ত্ৰীৰ পৰা উত্তৰ বিচাৰিছিল কিন্তু উপমুখ্যমন্ত্ৰী জিষ্ণু দেৱবৰ্মাই সদনত থিয় হৈ সমগ্ৰ বিষয়া অশ্বীকাৰ কৰিছিল ।

আনহাতে এই সমগ্ৰ ঘটনা তদন্তৰ বাবে এক উচ্চ স্তৰীয় কমিটী গঠনৰ দাবী জনাই বিৰোধী নেতা তপণ চক্ৰৱৰ্তীয়ে । সংবাদমেলত চক্ৰৱৰ্তীয়ে দাবী কৰা মতে কমিটীয়ে এসপ্তাহৰ ভিতৰত সমগ্ৰ বিষয়ৰ ওপৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিব যাৰ জৰিয়তে সকলো সত্য পোহৰলৈ আহিব ।

ত্ৰিপুৰাৰ বনমন্ত্ৰী মেৱাৰ কুমাৰ জামাতিয়াৰ বিৰুদ্ধে ভূমি কেলেংকাৰীৰ অভিযোগ

ইফালে, বনমন্ত্ৰী মেৱাৰ কুমাৰ জামাতিয়াই ইতিমধ্যে সদনত ঘোষণা কৰিছে যে যদি তেওঁৰ বিৰুদ্ধে কোনো অভিযোগ সঠিকভাৱে পোৱা যায়, তেনেহ'লে ২৪ ঘণ্টাৰ ভিতৰত তেওঁ মন্ত্ৰী পদ ত্যাগ কৰিব ।

লগতে পঢ়ক:হাইব্ৰিড ট্ৰাইচাইকেলৰ পূৰ্ণ অধিকাৰ লাভ কৰিলে আগৰতলাৰ এন আই টিয়ে

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.