ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ ট্ৰালত গুলীবিদ্ধ মহিলাৰ মৃত্যু

author img

By

Published : Apr 18, 2021, 8:55 PM IST

শুকুৰবাৰে নিশা দক্ষিণ কাশ্মীৰৰ ট্ৰাল অঞ্চলত গুলীবিদ্ধ হৈছিল এগৰাকী মহিলা । ৩৬ বছৰীয়া মহিলাগৰাকীয়ে দেওবাৰে শ্ৰীনগৰৰ এখন চিকিৎসালয়ত মৃত্যুবৰণ কৰে ।

জম্মু আৰু কাশ্মীৰৰ ট্ৰালত গুলীবিদ্ধ মহিলাৰ মৃত্যু

নেশ্যনেল ডেস্ক,১৮ এপ্ৰিল: অৱশেষত মৃত্যুক আঁকোৱালি ল'লে শুকুৰবাৰে নিশা দক্ষিণ কাশ্মীৰৰ ট্ৰাল অঞ্চলত গুলীবিদ্ধ হোৱা এগৰাকী মহিলাই । ৩৬ বছৰীয়া মহিলাগৰাকীয়ে দেওবাৰে শ্ৰীনগৰৰ এখন চিকিৎসালয়ত মৃত্যুবৰণ কৰে । আৰক্ষীয়ে শনিবাৰে এই সন্দৰ্ভত এটা গোচৰো ৰুজু কৰিছিল । মহিলাগৰাকী ট্ৰালৰ ডাৰ্গানি গুণ্ড অঞ্চলৰ বাসিন্দা চাকিলা বানু বুলি চিনাক্ত কৰা হৈছে ।

আৰক্ষীয়ে বিবৃতি অনুসৰি মহিলাগৰাকীৰ পৰিয়ালে আঘাত লুকুৱাবলৈ চেষ্টা কৰিছিল ৷ লগতে ওচৰৰ এখন চিকিৎসালয়লৈ লৈ গৈছিল ৷ কিন্তু পিছত মহিলাগৰাকীক তাৰ পৰা ট্ৰালৰ চাব ডিষ্ট্ৰিক্ট হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল । অৱশ্যে পিছত তেওঁক শ্ৰীনগৰৰ এছএমএইচএছ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় য'ত চিকিৎসকে মহিলাগৰাকীৰ দেহত গুলীৰ আঘাত ধৰা পেলায় ।

চিকিৎসকক স্বামী আৰু শহুৰেকে চাকিলাৰ পেটৰ বিষ আৰু হৃদযন্ত্ৰৰ সমস্যা বুলি কৈছিল । এক অনুসন্ধানত আৰক্ষীৰ এটা দলে মহিলাগৰাকীৰ ঘৰৰ তালাচী চলোৱাৰ সময়ত এটা খালী কাৰ্টিজ উদ্ধাৰ কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: দিল্লীৰ হাস্পতালত আইচিইউ বিচনাৰ নাটনি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.